দক্ষিণ শালমাৰাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ছাত্ৰ সন্থাৰ

author img

By

Published : Feb 22, 2021, 7:40 PM IST

দক্ষিণ শালমাৰাত ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়তে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম ছাত্ৰ সন্থাই । দক্ষিণ শালমাৰাতো জিলা ছাত্ৰ সন্থাই বিক্ষোভ প্ৰদৰ্শন কৰে । ক'লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় সংগঠনৰ সদস্যসকলে ।

ধুবুৰী, ২২ ফেব্ৰুৱাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ সোমবাৰে দক্ষিণ শালমাৰাতো জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে । অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কৰা, বৃহৎ নদীবান্ধৰ সমস্যা সমাধান কৰা আৰু বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাই ক'লা বেজ পৰিধান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ দিনটোতে বিক্ষোভ প্ৰদৰ্শন কৰে ।

উক্ত বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানী আৰু শিক্ষা সম্পাদক মনিৰুল ইছলামৰ লগতে আন সদস্যসকলে । জিলা আছুৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানীয়ে কয় যে, শীঘ্ৰেই অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যদি এই সমস্যাবোৰ সমাধান নকৰে তেন্তে, আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলন তীব্ৰতৰ কৰি তোলাৰো হুংকাৰ দিয়ে । সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশমৰ্মে সমগ্ৰ ৰাজ্যতে জিলা আৰু আঞ্চলিক সমিতিসমূহে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক:বকোৰ সোণতলীত ট্ৰেক্টৰৰ খুন্দাত আহত কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.