দক্ষিণ শালমাৰাত মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৰ বিক্ষোভ কাৰ্যসূচী

author img

By

Published : Feb 19, 2021, 3:18 PM IST

দক্ষিণ শালমাৰাত মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৰ বিক্ষোভ কাৰ্যসূচী

অত্যাৱশ্যকীয় সমগ্রীৰৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত দক্ষিণ শালমাৰা মানকাচৰ জিলাত আছুৰ বিক্ষোভ প্ৰদৰ্শন । মূল্যবৃদ্ধি ৰোধ নকৰিলে আগন্তুক দিনক ইয়াতকৈ আৰু অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনটোৰ ।

ধুবুৰী, ১৯ ফেব্ৰুৱাৰী: অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল আৰু ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজ্যজুৰি আছুৰ বিক্ষোভ প্ৰদৰ্শন । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ লগতে ফকিৰগঞ্জ, দক্ষিণ শালমাৰা, হাজিৰহাট আদি অঞ্চলত আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুৰ সাধাৰণ সম্পাদক ছৰিফুল ইছলাম প্ৰধানীৰ নেতৃত্বত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় । বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ মূলতঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে পেট্ৰল আৰু ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰা এই প্ৰতিবাদত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে ।

দক্ষিণ শালমাৰাত মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৰ বিক্ষোভ কাৰ্যসূচী
দক্ষিণ শালমাৰাত মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৰ বিক্ষোভ কাৰ্যসূচী

অচিৰেই সৰ্ব সাধাৰণ ৰাইজৰ প্ৰতি লক্ষ্য কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনায় সংগঠনটোৱে । মূল্যবৃদ্ধি ৰোধ নকৰিলে আগন্তুক দিনক ইয়াতকৈ আৰু অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে জিলা আছুৰ সাধাৰণ সম্পাদক ছৰিফুল ইছলাম প্ৰধানীয়ে ।

লগতে পঢ়ক:বৰপেটাত মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৰ বিক্ষোভ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.