জিলা প্ৰশাসনৰ উদ্যোগত দক্ষিণ শালমৰাত স্বাধীনতা দিৱস উদযাপন

author img

By

Published : Aug 15, 2020, 1:37 PM IST

74th independence day celebration at dakhin salmara

মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত দক্ষিণ শালমাৰাত উদযাপন কৰা হয় দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী । খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰ প্ৰাঙ্গনত অনুস্থিত কাৰ্যসূচীত পুৱা ৯ বজাত জিলা উপায়ুক্ত গুৰুদীপ সিং পানেশ্বৰে জাতীয় পতাকা উত্তোলন কৰি গ্ৰহণ কৰিলে আৰক্ষীৰ গাৰ্ড অৱ অনাৰ ।

ধুবুৰী,১৫ আগষ্ট: অন্যান্য প্ৰান্তৰ দৰে মানকাচাৰ জিলাতো উদযাপন কৰা হয় দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী । মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত দক্ষিণ শালমাৰাৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰ প্ৰাঙ্গনত অনুস্থিত কাৰ্যসূচীত পুৱা ৯ বজাত উত্তোলন কৰা হয় জাতীয় পতাকা ।

জিলা প্ৰশাসনৰ উদ্যোগত দক্ষিণ শালমৰাত স্বাধীনতা দিৱস উদযাপন

মানকাচৰ জিলাৰ উপায়ুক্ত গুৰুদীপ সিং পানেশ্বৰে জাতীয় পতাকা উত্তোলনৰে আৰম্ভ কৰা স্বাধীনতা দিৱসৰ এই বিশেষ অনুস্থানটিত উপস্থিত থাকে মানকাচৰ সমষ্টিৰ বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল, প্ৰাক্তন মন্ত্ৰী আমিনুল ইছলাম, অতিৰিক্ত উপায়ুক্ত ছৈবৰ ৰহমান, জিলা অতিৰিক্ত উপায়ুক্ত ইনামূল হককে আদি কৰি জিলাখনৰ প্ৰশাসনিক বিষয়া কৰ্মচাৰী আৰু সমাজৰ বহুসংখ্যক বিশিষ্ট ব্যক্তি ।

74th independence day celebration at dakhin salmara
জিলা প্ৰশাসনৰ উদ্যোগত দক্ষিণ শালমৰাত স্বাধীনতা দিৱস উদযাপন

পতাকা উত্তোলনৰ পাছতে জিলা উপায়ুক্ত গৰাকীক গাৰ্ড অৱ অনাৰ দিলে আৰক্ষীয়ে । একেটা অনুস্থানতে সমাজত বিশেষ অৰিহণা আগ বঢ়াই যোৱা ব্যক্তিসকলৰ সন্মানাৰ্থে জিলা প্ৰশাসনৰ তৰপৰ পৰা বটা প্ৰাপ্ত ব্যক্তি সকলৰ নাম ঘোষণা কৰা হয় ।

লগতে পঢ়ক : আজি পৰ্যন্ত চৰকাৰী স্বীকৃতি নোপোৱা এগৰাকী স্বাধীনতা সংগ্ৰামীৰ কথাৰে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.