বিহালীত নলাত পৰি বনৰীয়া হাতী পোৱালিৰ মৃত্যু

author img

By

Published : Sep 21, 2022, 8:16 AM IST

wild-elephant-calf-dies-after-falling-into-drain-at-behali

বিহালীত সংঘটিত হৈছে এক অঘটন (Elephant body rescued at Behali) ৷ মঙলবাৰে বিহালী সমষ্টিৰ বালুপাৰা গাঁৱত পুৱা উদ্ধাৰ হয় এটা মৃত হাতী পোৱালি (Wild elephant calf died at Behali)৷

বিহালী, 21 ছেপ্টেম্বৰ: ৰাজ্যজুৰি প্ৰতিদিনে হাতী-মানুহৰ সংঘাতে বাতৰিৰি শিৰোনামা দখল কৰি আহিছে (Man elephant conflict in Assam)৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এইবাৰ বিহালীত সংঘটিত হৈছে এক অঘটন (Elephant body rescued at Behali)৷

মঙলবাৰে বিহালী সমষ্টিৰ বালুপাৰা গাঁৱত পুৱা উদ্ধাৰ হয় এটা মৃত হাতী পোৱালি ৷ জানিব পৰা মতে এটা নলাত পৰি মৃত্যু হয় বনৰীয়া হাতী পোৱালিটোৰ (Elephant death at Behali)৷ হাতীৰ পোৱালিটো পৰিলক্ষিত কৰি বন বিভাগত অৱগতে কৰে স্থানীয় লোকে ৷

ঘটনাস্থলীত বৰগাং বনাঞ্চলিকৰ বন বিষয়া চক্ৰপাণি ৰয় নেতৃত্বত এটা বন কৰ্মীৰ দল উপস্থিত হৈ হাতীৰ পোৱালিটো উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে (Wild elephant calf died at Behali) ৷ মৃত হাতী পোৱালিটো মৰণোত্তৰ পৰীক্ষা কৰে বন বিভাগে ৷

লগতে পঢ়ক: মৰাণৰ এটা হত্যাকাণ্ড: হত্যাকাৰী বন্ধুৰ অকপট স্বীকাৰোক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.