টাৱাঙত কেন্দ্ৰীয় প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী অজয় ভাট

author img

By

Published : Sep 22, 2021, 8:41 PM IST

Updated : Sep 22, 2021, 10:45 PM IST

Union Minister of State for Defence

মন্ত্ৰী অজয় ভাট বুধবাৰে টাৱাং ভ্ৰমণ কৰে আৰু টাৱাং যুদ্ধ স্মাৰকত ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ বিজয় মাছাল/বিজয় শিখা গ্ৰহণ কৰে লগতে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

তেজপুৰ, ২২ ছেপ্টেম্বৰ : কেন্দ্ৰীয় প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী অজয় ভাট বুধবাৰে টাৱাং ভ্ৰমণ কৰে আৰু টাৱাং যুদ্ধ স্মাৰকত ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ বিজয় মাছাল/বিজয় শিখা গ্ৰহণ কৰে লগতে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ভ্ৰমণ কালতে প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে সেনাৰ জোৱান সকলক দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাগ লোৱাৰ বাবে সাহস গোটাবলৈ পৰামৰ্শ দিয়ে ৷

টাৱাঙত কেন্দ্ৰীয় প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী অজয় ভাট

তেওঁ কয়, কোনো চিৰদিনৰ বাবে নাথাকে কিন্তু থকা দিন কেইটাত ভাল কাম কৰি নাম ৰাখিব লাগে ৷ যাৰ বাবে এই টাৱাং যুদ্ধ স্মাৰকত সেই বীৰ যোদ্ধা সকলক গৌৰৱৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ বুলি তেওঁ কয় । ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰীয়ে ভাৰতীয় সেনাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে যশৱন্ত গড়ৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলে বুমলা আৰু সীমান্তৱৰ্তী অঞ্চলত ভ্ৰমণ কৰাৰ পিছত সেনাৰ জোৱান আৰু বিষয়া সকলৰ মাজত বাৰ্তালাপত ভাগ লয় ।

টাৱাঙত কেন্দ্ৰীয় প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী অজয় ভাট

লগতে পঢ়ক: বিজেপিয়ে হিন্দুত্ববাদক প্ৰাধান্য দিবলৈ গৈ হিন্দু ধৰ্মৰ অনিষ্ট কৰিছে : দেৱব্ৰত শইকীয়া

মন্ত্ৰী অজয় ভাটে জোৱান সকলক উদ্দেশ্যি কয়," ভগৱানৰ কৃপাত আপোনালোকৰ বীৰত্বৰ সন্মুখত কোনো শত্ৰু সাৰি যাব নোৱাৰে ৷ দেশৰ হকে বহু জোৱানক হেৰুৱাইছো, কিন্তু তেওঁলোকে দেশৰ কাৰণে ভাল কাম কৰি গৈছে ৷ যাৰ বাবে আপোনালোক আৰু তেওঁলোকক চেলুট জনাইছোঁ ৷ এনচিচি কেডেটসকলৰ সৈতে বাৰ্তালাপ কৰি মন্ত্ৰীগৰাকীয়ে কয়, তেওঁলোকে দেশৰ সেৱা কৰিবলৈ সাজু থাকিব লাগে ৷ মন্ত্ৰী অজয় ভাট লগত ইষ্টাৰ্ণ কামণ্ডৰ GOC-in-C লেফ্টনেন্ট জেনেৰেল মনোজ পাণ্ডে আৰু গজৰাজ কৰ্পৰ GOC উপস্থিত থাকে ।

লগতে পঢ়ক: পৰেশ বৰুৱাৰে আলোচনা : পূজাৰ পিছতেই প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা

Last Updated :Sep 22, 2021, 10:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.