Lachit Divas at Tezpur: তেজপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন

author img

By

Published : Nov 24, 2022, 4:35 PM IST

Updated : Nov 24, 2022, 5:03 PM IST

Tezpur

লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে বৃহস্পতিবাৰে পুৱা তেজপুৰৰ ঐতিহাসিক নেহৰু ময়দানৰ সন্মুখত থকা অসমৰ প্ৰথমটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় (Tribute to Lachit Borphukan at Tezpur) ।

তেজপুৰ, ২৪ নৱেম্বৰ : অসম আৰু অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ (Birth anniversary of Lachit Borphukan) ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে বৃহস্পতিবাৰে পুৱা তেজপুৰৰ ঐতিহাসিক নেহৰু ময়দানৰ সন্মুখত থকা অসমৰ প্ৰথমটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় (Tribute to Lachit Borphukan at Tezpur) ।

তেজপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন

শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (AJYCP) শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি নৃপেন কুমাৰ নাথ, তেজপুৰ সাহিত্য সভাৰ সভাপতি ড৹ ভূপেন শইকীয়া, যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে (Lachit Diwas celebrated at Tezpur) ।

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা শান্তনু বৰুৱাই আঁত ধৰা অনুষ্ঠানটিৰ মাজতে আজিৰ দিনটোৰ তাৎপৰ্য আৰু লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী সন্দৰ্ভত শোণিতপুৰৰ উপায়ুক্ত, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু শান্তনু বৰুৱাই বক্তব্য ৰাখে (400th birth anniversary of Lachit Borphukan) ।

আনহাতে, শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰ সংগ্ৰহালয় অৰ্থাৎ ডাক বাংলো প্ৰাংগণত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটিত লাচিতৰ প্ৰতিচ্ছবিৰ সন্মুখত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলী চুৰিণ, মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰা, ৰাজ বৰুৱাকে ধৰি জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ লগতে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।

আনহাতে, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলা সংগ্ৰহালয় বিষয়াৰ তৎপৰতাত লাচিত বৰফুকনৰ সৈতে সংপৃক্ত আহোম ৰাজবংশৰ কেতবোৰ গুৰুত্বপূৰ্ণ চিত্ৰৰ এখন আকৰ্ষণীয় প্ৰদৰ্শনী আনুষ্ঠানিকভাৱে ফিটা কাটি উন্মোচন কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই । ইয়াৰ মাজতে শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানটিৰ বিশেষ সভাত ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে কয় যে শোণিতপুৰ জিলাৰ পৰ্যটন স্থানসমূহক সামৰি এখন গ্ৰন্থ অতি সোনকালেই প্ৰকাশ কৰিব জিলা প্ৰশাসনে ।

উল্লেখ্য যে সম্পূৰ্ণ আহোমৰ জাতীয় সাজপাৰ পৰিধান কৰি উপায়ুক্ত প্ৰমুখ্যে সকলো প্ৰশাসনিক বিষয়া উপস্থিত থকা আজিৰ শোণিতপুৰ জিলা প্ৰশাসনৰ এই কাৰ্যসূচীতে আহোমৰ উপৰি পুৰুষসকলৰ প্ৰতি শ্ৰদ্ধা জনাই চৰাইদেউৰ পৰা অহা আহোম পুৰোহিতে "বানফি" পূজা সম্পন্ন কৰে । ইয়াৰ সমান্তৰালভাৱে আজি লাচিত দিৱসৰ দিনটোত বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা শোভাযাত্ৰা উলিওৱা হয় ।

লগতে পঢ়ক :Birinchi Bora as a Lachit Borphukan: নগাঁৱৰ ৰাজপথত হাতত হেংদাং লৈ লাচিত !

Last Updated :Nov 24, 2022, 5:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.