টাৱাঙত স্বৰ্নিম বিজয় শিখাক বিপুল আদৰণি

author img

By

Published : Sep 21, 2021, 5:33 PM IST

The Vijay Mashaal

পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয় আৰু বাংলাদেশৰ মুক্তিৰ ৫০ বছৰৰ স্মৃতিত আৰম্ভ কৰা স্বৰ্নিম বিজয় শিখা উপস্থিত হৈছে অৰুণাচলৰ টাৱাঙত । টাৱাঙত প্ৰৱেশ কৰাৰ লগে লগে পশ্চিম অৰুণাচল প্ৰদেশৰ মনপা জনগোষ্ঠীৰ লোকে ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে এই বিজয় শিখাক আদৰণি জনায় ।

তেজপুৰ,২১ ছেপ্টেম্বৰ : ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয় আৰু বাংলাদেশৰ মুক্তিৰ ৫০ বছৰৰ স্মৃতিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা ২০২০ চনৰ ১৬ ডিচেম্বৰত ফ্লেগ অফ কৰা স্বৰ্নিম বিজয় শিখা (Swarnim Vijay Mashaal) ইতিমধ্যে দেশৰ ভিন্ন প্ৰান্তলৈ লৈ যোৱা হৈছে । দেশৰ ভিন্ন প্ৰান্তৰ পৰা ভ্ৰমণ কৰি এই বিজয় শিখা অৰুণাচলৰ টাৱাঙত উপস্থিত হয় । তিব্বত স্বায়ত্ত্বশাসিত অঞ্চলৰ (TAR) প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ অঞ্চলসমূহ ভ্ৰমণ কৰি ভাৰত-চীন সীমান্তৰ টাৱাঙৰ বুমলাত উপস্থিত হয় বিজয় শিখা ।

The Vijay Mashaal
টাৱাঙত স্বৰ্নিম বিজয় শিখাক বিপুল আদৰণি

টাৱাঙত প্ৰৱেশ কৰাৰ লগে লগে পশ্চিম অৰুণাচল প্ৰদেশৰ মনপা জনগোষ্ঠীৰ লোকে ধৰ্মীয় ৰীতি-নীতিৰে পথৰ দাঁতিত থিয় হৈ এই বিজয় শিখাক আদৰণি জনায় । বিজয় শিখাক পাহাৰীয়া ভূ-খণ্ড আৰু ঠেক ৰাস্তাৰ মাজেৰে বুমলা লৈ যোৱা হয় । তাতেই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (LAC) ওচৰত প্ৰতিৰক্ষাৰ আগশাৰীৰ স্তৰত নিয়োজিত ভাৰতীয় সেনাৰ বিষয়া আৰু জোৱানসকলে ইয়াক গ্ৰহণ কৰে আৰু বীৰ শ্বহীদ যোগিন্দৰ সিঙৰ যুদ্ধ স্মাৰকত গাৰ্ড অফ অনাৰ (Guard of honour) প্ৰদান কৰা হয় ।

তাৰ পাছত বিজয় গৌৰৱ শিখাক ঐতিহাসিক খিঞ্জেমান অঞ্চললৈ লৈ যোৱা হয় য'ত ১৯৫৯ চনৰ মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে ভাৰতত ভৰি দিছিল দালাই লামাই (Dalai Lama) । গোৰ্চাম আৰু লুমলাৰ মাজেৰে যোৱা বিজয় শিখাক স্থানীয় জনসাধাৰণে অতি উৎসাহেৰে আদৰণি জনায় ।

বৰ্তমান ভাৰতে ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ ৫০ বছৰীয়া দিৱস উদযাপন কৰি আছে আৰু ২০২০ চনৰ ডিচেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা বিজয় শিখাৰ শুভাৰম্ভ কৰিছিল । তেতিয়াৰ পৰা এই শিখা সমগ্ৰ দেশ ভ্ৰমণ কৰি উত্তৰ-পূৱৰ ৰাজ্যসমূহত উপস্থিত হৈছে আৰু বৰ্তমান ভাৰতীয় সেনাৰ বল অফ ফায়াৰ ডিভিজনৰ অধীনৰ অঞ্চলবোৰ ভ্ৰমণ কৰি আছে । সেনাৰ সূত্ৰৰ মতে মঙলবাৰ আৰু বুধবাৰে স্বৰ্নিম বিজয় বৰ্ষক স্মৰণ কৰিবলৈ টাৱাঙত কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰা হৈছে য'ত কেন্দ্ৰীয় প্ৰতিৰক্ষা আৰু পৰ্যটন বিভাগৰ ৰাজ্যিক মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :যোৰহাটত আটক 15 টা মাটিৰ দালাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.