Arms laid down by AANLA members : শোণিতপুৰত অস্ত্ৰ সম্বৰণ কৰিব যুদ্ধ বিৰত আনলাই
Updated on: Jan 22, 2023, 11:40 AM IST

Arms laid down by AANLA members : শোণিতপুৰত অস্ত্ৰ সম্বৰণ কৰিব যুদ্ধ বিৰত আনলাই
Updated on: Jan 22, 2023, 11:40 AM IST
আজি ঢেঁকীয়াজুলিত শোণিতপুৰ আৰক্ষী অধীক্ষকৰ হাতত অস্ত্ৰ সম্বৰণ কৰিব যুদ্ধ বিৰত আনলাৰ সদস্যই (AANLA members arms laid down at Dhekiajuli) ৷ এই কথা সদৰী কৰিছে আলনাৰ সভাপতি ডি নায়কে ৷
তেজপুৰ, ২২ জানুৱাৰী : দেওবাৰে অস্ত্ৰ সম্বৰণ কৰিব সদৌ আদিবাসী ৰাষ্ট্ৰীয় মুক্তি বাহিনী চমুকৈ আনলাৰ সদস্যই ৷ তথ্য অনুসৰি, শান্তি চুক্তি স্বাক্ষৰকাৰী গোট আনলাৰ সদস্যসকলে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত শোণিতপুৰ আৰক্ষী অধীক্ষকৰ হাতত অস্ত্ৰসমূহ জমা দিব (AANLA members arms laid down at Dhekiajuli) ।
উল্লেখ্য যে, আদিবাসী সংগঠনটোৰ সহস্ৰ বিদ্ৰোহ পৰিহাৰ কৰি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাৰ মেজত আছে । প্ৰায় ২০ জনীয়া গোটটোৱে আলোচনাৰ মেজত অহাৰ পিচত তেওঁলোকে অস্ত্ৰ সম্বৰণ কৰা নাছিল যদিও আৰক্ষীৰ তদাৰকত আছিল (AANLA Militants Surrender with Arms)। দেওবাৰে তেওঁলোকে নিজৰ হাতত থকা অস্ত্ৰসমূহ আৰক্ষীক জমা দি মূলসূঁতিলৈ ঘূৰি আহিব খুজিছে ৷ আনলাৰ সভাপতি ডি নায়কে জনাই যে, অসমত বসবাস কৰা বৃহত্তৰ আদিবাসী (চাহ শ্ৰমিক) জনগোষ্ঠীটোৰ জন্মগত সাংবিধানিক অধিকাৰ ৷
জীয়াই থকাৰ সুৰক্ষিত ভৱিষ্যত, নিৰাপত্তা আৰু বিকাশৰ স্বাৰ্থত আনলাই চৰকাৰী শোষণ-বঞ্চনাৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ কৰিবলৈ বাধ্য হৈছিল । সংগঠনৰ সংগ্ৰামৰ বহুত ঘাত-প্ৰতিঘাতৰ মাজত চৰকাৰে আলোচনাৰ পথ মুকলি কৰাত আনলাই হিংসাৰ পথ সামূহিকভাৱে পৰিহাৰ কৰি যোৱা ২০১২ বৰ্ষৰ ২৪ জানুৱাৰীত শান্তি আলোচনাৰ মেজলৈ উভতি আহিছিল ।
লগতে পঢ়ক : KLO Chief Jiban Singha in India: কমতাপুৰলৈ এতিয়াও বহুদূৰ, কেন্দ্ৰই কিমান গুৰুত্ব সহকাৰে লৈছে জীৱন সিংহক ?
বিগত কেইবা বছৰ ধৰি চলি থকা শান্তি আলোচনাৰ অন্তত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত ১৫ ছেপ্তেম্বৰ ২০২২ তাৰিখে আদিবাসী ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰ হৈছিল ৷ আদিবাসী (চাহ শ্ৰমিক) জনগোষ্ঠীটোৰ বহু কেইটা জ্বলন্ত সমস্যা সমাধানৰ বাবে দেশৰ গৃহ মন্ত্ৰালয়ত ত্ৰিপাক্ষিকভাৱে এই শান্তি চুক্তিৰ স্বাক্ষৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল ৷ বিশেষকৈ এই চুক্তিৰ জৰিয়তে অসমৰ আদিবাসী (চাহ শ্ৰমিক) জাতিটোৰ অধিকাৰ সুৰক্ষিত আৰু সুনিশ্চিত হৈছে বুলি সংগঠনৰ সভাপতি ডি নায়কে উল্লেখ কৰে ৷
লগতে তেওঁ কয়, বর্তমান শাসনাধীন চৰকাৰে অসমৰ আদিবাসী জনগোষ্ঠীটোৰ বিকাশ আৰু অধিকাৰৰ হকে সম্পূর্ণ কৰা আদিবাসী শান্তি চুক্তিত বিশ্বাস ৰাখি আমাৰ হাতত বৈ যোৱা অস্ত্ৰসমূহ পৰিত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ সেই অনুসৰিয়েই দেওবাৰে ঢেকীয়াজুলিৰ গড়পাৰা আনলা ফিল্ডত দিনৰ প্ৰায় ১ বজাত অসম আৰক্ষী বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হিৰেন নাথৰ নিৰ্দেশ মৰ্মে শোণিতপুৰ আৰক্ষী অধীক্ষকৰ হাতত অস্ত্ৰসমূহ জমা দিব ।
লগতে পঢ়ক : KLO Chief Jiban Singha in India: অশান্ত প্ৰহৰৰ অন্ত পেলাই শান্তিৰ অনুসন্ধান জীৱনৰ
