Tezpur News: সামাজিক সজাগতা আৰু অংশগ্ৰহণ চাহ বাগিচা অঞ্চলত শিক্ষা উন্নত কৰাৰ মূল চাবিকাঠি; পল্লৱ লোচন দাস

author img

By

Published : May 22, 2023, 10:28 PM IST

Special Meeting at Tezpur Central University

আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত জিলা প্ৰশাসন আৰু জিলা সৰ্ব শিক্ষা অভিযানৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয় ৷ এই সভাত জিলাখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে উপস্থিত থাকে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস (Special Meeting at Tezpur Central University) ৷

তেজপুৰ, 22 মে’: শোণিতপুৰ জিলাৰ চাহ বাগিচা অঞ্চলত গুণগত শিক্ষা প্ৰদান কৰাৰ লগতে এই অঞ্চলসমূহত স্থাপন কৰা বিদ্যালয়সমূহে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সমাধানৰ লক্ষ্যৰে আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত জিলা প্ৰশাসন আৰু জিলা সৰ্বশিক্ষা অভিযানৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয় ৷

Special Meeting at Tezpur Central University
সৰ্ব শিক্ষা অভিযানৰ উদ্যোগত সভা

এই সভাত জিলাখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে জিলাখনৰ বিভিন্ন চাহ বাগিচা অঞ্চলৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, শিক্ষক, অভিভাৱক আৰু অধ্যক্ষসকলে অংশগ্ৰহণ কৰে ৷ লগতে এই সভাত উপস্থিত থাকে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস (Special Meeting at Tezpur Central University) ৷

ভাষণ প্ৰসংগত সাংসদ পল্লৱ লোচন দাসে চাহ বাগিচা এলেকাত বিদ্যালয়সমূহৰ শিক্ষা উন্নত কৰাৰ ক্ষেত্ৰত বিদ্যালয়সমূহৰ সকলো কাম-কাজত সামাজিক সজাগতা সৃষ্টি কৰা আৰু ৰাইজৰ অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তেখেতৰ দূৰদৰ্শী নেতৃত্বৰ বাবে আৰু ৰাজ্যৰ চাহ বাগিচা অঞ্চলত আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি উপস্থিত সকলো অংশীদাৰক আগবাঢ়ি আহি এই বিদ্যালয়সমূহৰ শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ সাংসদগৰাকীয়ে আহ্বান জনায় (Tezpur News) ৷

তেওঁ লগতে শোণিতপুৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগে গ্ৰহণ কৰা এক বিশেষ উদ্যোগৰ অধীনত চাহ বাগিচা পৰিচালিত বিদ্যালয়সমূহক চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ৰ সৈতে ক্লাষ্টাৰিঙৰ এই প্ৰক্ৰিয়াৰ শলাগ লয় আৰু ইয়াৰ দ্বাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰ্যায়ৰ পৰাই ছাত্ৰ-ছাত্ৰীক পথ প্ৰদৰ্শনৰ লগতে গুণগত শিক্ষা প্ৰদান নিশ্চিত কৰাত বহুখিনি সহায় কৰিব বুলি সাংসদগৰাকীয়ে মত প্ৰকাশ কৰে ৷ এই প্ৰচেষ্টাই চাহ বাগিচা এলেকাত ছাত্ৰ-ছাত্ৰীৰ ড্ৰপআউটৰ হাৰ হ্ৰাস কৰাত সহায় কৰিব বুলিও সাংসদগৰাকীয়ে আশা প্ৰকাশ কৰে (Tea Garden School at Sonitpur) ৷

সভাত উদ্বোধনী ভাষণ প্ৰদান কৰি উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই কয় যে, চাহ বাগিচা এলেকাত আদৰ্শ বিদ্যালয় স্থাপন হোৱাত ৰাইজৰ দীৰ্ঘদিনীয়া দাবী পূৰণ হৈছে আৰু এই বিদ্যালয়সমূহৰ শিক্ষাৰ মান উন্নত কৰিবলৈ জিলা প্ৰশাসনে সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু বুলি তেখেতে জানিবলৈ দিয়ে ৷ আজি এই সভাত বিদ্যালয়সমূহৰ বিভিন্ন প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক, অভিভাৱক আৰু অধ্যক্ষৰ সৈতে হোৱা বৈঠকত এই দিশত বিভিন্ন অভাৱ-অভিযোগ আৰু পৰামৰ্শ সংগ্ৰহ কৰিবলৈ প্ৰয়াস কৰা হৈছে বুলি উপায়ুক্তগৰাকীয়ে লগতে কয় ৷

আজিৰ কাৰ্যসূচীৰ অংশ হিচাপে এটা মিউজিক ভিডিঅ’ উন্মোচন কৰা হয় ৷ ইয়াৰ উপৰিও বিভিন্ন চাহ বাগিছা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষসকলে বিদ্যালয়সমূহত কৰা আন্তঃগাঁথনিগত আৰু শৈক্ষিক মূল্যায়নৰ ভিত্তিত এই বিদ্যালয়সমূহে সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহৰ ওপৰত আলোকপাত কৰা হয় ৷ এই সভাত ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, ড৹ বীৰেন চন্দ্ৰ দাস, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলী সুৰিন, অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰা, কবিতা কাকতি কোঁৱৰ, বালিপাৰা ব্লকৰ প্ৰথমিক শিক্ষা বিষয়া মনীষ ঠাকুৰ, শোণিতপুৰ জিলা প্ৰশাসনৰ অন্যান্য জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে ৷

লগতে পঢ়ক: Felicitation of police Jawan:আৰক্ষী জোৱানক বঁটা প্ৰদান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.