কৰ'ণাত আক্ৰান্ত হৈ তেজপুৰৰ সুদক্ষ চিকিৎসক প্ৰমথেশ বৰুৱাৰ বিয়োগ

author img

By

Published : Sep 23, 2021, 10:33 PM IST

senor-doctor-prathamesh-barua-pass-away

অৱশেষত মৃত্যুৰে হাৰি মানিলে তেজপুৰৰ সুদক্ষ চিকিৎসক প্ৰমথেশ বৰুৱাই ৷ বুধবাৰে নিশা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় চিকিৎসক গৰাকীৰ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 81 বছৰ ৷

তেজপুৰ, 23 ছেপ্টেম্বৰ : প্ৰবীন চিকিৎসক তথা তেজপুৰ নিবাসী প্ৰমথেশ বৰুৱাৰ দেহাৱসান ৷ বুধবাৰে নিশা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় চিকিৎসক গৰাকীৰ ৷ কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা সুদক্ষ চিকিৎসক গৰাকীৰ বিয়োগে তেজপুৰত শোকৰ ছাঁ পেলাইছে ৷ 1940 চনৰ 27 ডিচেম্বৰত ডিব্ৰুগড়ত জন্ম গ্ৰহণ কৰি বৰুৱাই 1966 চনত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ আৰু 1973 চনত ঔষধ বিশেষজ্ঞ পাঠ্যক্ৰম সমাপ্ত কৰিছিল ৷

তাৰ পিছত 1974 চনত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত যোগদান কৰে প্ৰমথেশ বৰুৱাই ৷ পৰৱৰ্তী সময়ত তেজপুৰত স্থায়ীৰূপত বসবাস কৰিবলৈ লোৱা চিকিৎসক গৰাকী সৰ্বসাধাৰণৰ মাজত এগৰাকী সুদক্ষ চিকিৎসক হিচাপে পৰিচিত হৈ পৰাৰ লগতে ৰাইজৰ মাজত জনপ্ৰিয় হৈ উঠে ৷ তেজপুৰৰ ৰবৰ বাগান অঞ্চলৰ এন ই চি কলনিত বাস কৰা চিকিৎসক বৰুৱাই একাধিক চিকিৎসক সংস্থাৰ গুৰুত্বপূৰ্ণ দায়িত্বও পালন কৰিছিল ৷

লগতে পঢ়কঃ গৰুখুটিৰ ঘটনাৰ পিছত কেমেৰামেন বিজয় বনিয়াক গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

1996 চনৰ পৰা 1998 চনলৈকে তেওঁ ভাৰতীয় চিকিৎসা সংস্থাৰ অসম শাখাৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল ৷ 1984-86 লৈকে ৰাজ্যিক চিকিৎসা পৰিষদৰো গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল ৷ আনহাতে 1998 চনত এ এম এছৰ জ্যেষ্ঠ উপ সভাপতিৰ আশনো অলংকৃত কৰিছিল সুদক্ষ চিকিৎসক প্ৰমথেশ বৰুৱাই ৷

উল্লেখ্য যে, স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা মানৱদৰদী চিকিৎসক গৰাকী এগৰাকী দক্ষ টেনিচ আৰু ক্ৰিকেট খেলুৱৈ আছিল ৷ কলা-সংস্কৃতিৰ প্ৰতিও বিশেষ আগ্ৰহ থকা চিকিৎসক বৰুৱাই চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰি থকা সময়ত বহুসংখ্যক নাটকত অভিনয় কৰিছিল ৷ তদুপৰি তেজপুৰতো তেওঁ কৰ্মজীৱনৰ মাজতে এখন নাটকত অভিনয় কৰিছিল ৷ যোৱা 18 ছেপ্টেম্বৰত ক’ভিডত আক্ৰান্ত জ্যেষ্ঠ চিকিৎসক গৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছিল ৷

লগতে পঢ়কঃ গৰুখুটিৰ ঘটনা সন্দৰ্ভত কি ক’লে সাংসদ ৰিপুন বৰাই ?

তেওঁৰ পত্নী ৰাণু বৰুৱাও ক’ভিডত আক্ৰান্ত হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালতে চিকিৎসাধীন হৈ আছে ৷ চিকিৎসক বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ ভাৰতীয় চিকিৎসক সংস্থাৰ তেজপুৰস্থিত শাখা কাৰ্যালয়ত বৃহস্পতিবাৰে এক শোকসভা অনুষ্ঠিত কৰি প্ৰয়াত চিকিৎসক গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷

চিকিৎসক বৰুৱাৰ বিয়োগত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী, এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, জ্যেষ্ঠ অধিবক্তা মাধুৰ্য গোস্বামী, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন,আজু, শোণিতপুৰ প্ৰেছ ক্লাৱ, তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তথা চিকিৎসাকৰ্মী সকলৰ লগতে বহুসংখ্যক গুনমুগ্ধই শোক প্ৰকাশ কৰে ৷ প্ৰয়াত বৰুৱাই বৰ্তমান দিল্লী আৰু লণ্ডন নিবাসী দুই কন্যা আৰু পত্নীক এৰি গৈছে ৷

লগতে পঢ়কঃ গৰুখুটি কাণ্ড : আৰক্ষী অধীক্ষক আৰু পদ্ম হাজৰিকাৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.