ৰাজ্যৰ ভিতৰত অষ্টম স্থানপ্ৰাপ্ত চতিয়াৰ এটি বিশেষ পথ

author img

By

Published : Jun 24, 2022, 11:15 AM IST

road-of-chatia-ranked-eighth-position-within-the-state

চতিয়া সমষ্টিৰ এটা বিশেষ পথ ৷ ৰাজ্যৰ ১২৬ টা সমষ্টিৰ ভিতৰত চলোৱা মূল্যায়নত গুণগত মানদণ্ডৰ ফালৰ পৰা পথটিৰ অসমৰ ভিতৰত অষ্টম স্থান দখল(Chatia Road Ranked eighth position within the state) ৷

চতিয়া, ২৪ জুন: শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ এটা বিশেষ পথ ৷ সমষ্টিটোৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভৰলীপৰীয়া কন্যাকা বহুমুখী ফাৰ্ম সংযোগী পথটোৱে ৰাইজৰ লগতে বিভাগীয় কতৃপক্ষৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

যি সময়ত ঠিকাদাৰ বা প্ৰতিষ্ঠানে পথ নিৰ্মাণৰ নামত ব্যাপক বিসংগতিৰ আশ্ৰয় লয় ৷ যি সময়ত পথ নিৰ্মাণৰ কামত দুৰ্নীতিৰ আশ্ৰয় লৈ অধিকাংশ টকাই আত্মসাৎ কৰি আহিছে তেনে সময়তে পথটো নিৰ্মাণ কৰা নিৰ্মাণকাৰী সংস্থাটোৱে ৰাইজৰ লগতে ৰাজ্য চৰকাৰৰো প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷

ৰাজ্যৰ ভিতৰত অষ্টম স্থানপ্ৰাপ্ত চতিয়াৰ এটি বিশেষ পথ

ৰাজ্যৰ নিৰ্মীয়মান পথ প্ৰকল্পবোৰৰ এক বিজ্ঞানভিত্তিক মূল্যায়নৰ খতিয়ানৰ আধাৰত হোৱা মূল্যায়নত প্ৰথম কুৰিটাৰ ভিতৰত স্থানপ্ৰাপ্ত পথসমূহৰ ভিতৰত চতিয়া সমষ্টিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা পাঞ্চজন্য ক্ষেত্ৰৰ পথ হৈ কন্যকা বহুমূখী পামলৈ উন্নীতকৰণ আৰু বহলকৰণ কৰা পথটিয়ে অষ্টম স্থান দখল কৰিবলৈ সক্ষম হয় ৷ ৰাজ্যখনৰ ১২৬ টা সমষ্টিৰ ভিতৰত চলোৱা মূল্যায়নত এনেদৰে গুণগত মানদণ্ডৰ ফালৰ পৰা এই পথটোৱে অসমৰ ভিতৰত অষ্টম স্থান লাভ কৰে(Chatia Road Ranked eighth position within the state) ৷

উল্লেখ্য যে, 2019/2020 চনৰ SOPD আঁচনিৰ অধীনত প্ৰায় দহ কোটি টকা ব্যয় সপেক্ষে নিৰ্মাণ কৰা উক্ত পথটো 6.5 কি:মি দীঘল ৷ ইফালে, ছাদউদ্দিন আহমেদ(বুলু আহমেদ) নামৰ যুৱ ঠিকাদাৰগৰাকীয়ে নিৰ্মাণ কৰা পথটোৱে চতিয়া সমষ্টিৰ ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰাৰ লগতে ঠিকাদাৰগৰাকীয়েও ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : ভাংনামাৰী চৰৰ আঠকোটি টকীয়া এটা বিশেষ পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.