চৰকাৰী আঁচনিৰ পৰা আজিও বঞ্চিত ৰঙাপৰাৰ ধেন্দাই অঞ্চল

author img

By

Published : Aug 29, 2021, 2:16 PM IST

deprived of government schemes

শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি চৰকাৰে কম্পিউটাৰ, লেপটপ আদি দিছে । মহামাৰী পৰিস্থিতিৰ বাবে এইবাৰ মোবাইল দিয়াৰো ঘোষণা কৰিছিল । কিন্তু আপুনি জানি আচৰিত হ'ব কম্পিউটাৰ ,লেপটপ বা স্মাৰ্টফোনটো দূৰৰে কথা এই আধুনিক যুগতো চাকি আৰু লেম্পৰ পোহৰতে অধ্যয়ন কৰি আছে শোণিতপুৰ জিলাৰ এটা অঞ্চলৰ শিক্ষাৰ্থীসকলে । অঞ্চলটোৰ ৰাইজে আজিলৈ পোৱা নাই বিদ্যুৎ সেৱা ।

ৰঙাপৰা, ২৯ আগষ্ট : ইখনৰ পাছত সিখন চৰকাৰ আহিলে । প্ৰতিখনে চৰকাৰেই ৰাইজৰ বাবে নতুন নতুন আঁচনি প্ৰৱৰ্তন কৰিলে । বহুতে সেই আঁচনিৰ সুবিধাও পালে । কিন্তু শোণিতপুৰ জিলাৰ এটা অঞ্চল সেই সকলো আঁচনিৰ পৰা আজিও বঞ্চিত ৰ’ল । আনকি আজিলৈ সেই অঞ্চলত নাই বিদ্যুতৰ যোগান ।

ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ধেন্দাই চাহ বাগিছা ৯ নং শ্ৰমিক লাইনত বাসকৰা সেইসকল দুৰ্ভগীয়া লোকে আজিও পোৱা নাই চৰকাৰী আঁচনিৰ সুবিধা । বৰ্তমান সময়তো বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ আছে অঞ্চলটো । আনকি স্থানীয় বিধায়ক, সাংসদ সকলোকে পূৰ্বে জনোৱাৰ পিছতো কিন্তু আজিলৈ গাঁৱবাসীক বিদ্যুতৰ সু-ব্যৱস্থা কৰি নিদিলে কোনো এখন চৰকাৰে ।

চৰকাৰী আঁচনিৰ পৰা আজিও বঞ্চিত ৰঙাপৰাৰ ধেন্দাই অঞ্চল

কেৱল এয়াই নহয় চৰকাৰী বহু আঁচনিও নাপালে অঞ্চলটোৰ ৰাইজে । অসমৰ সকলোতে বিদ্যুৎ সেৱা নিশ্চিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা সৌভাগ্য আঁচনিৰ পৰা বঞ্চিত অঞ্চলটো ।

ইফালে স্থানীয় ৰাইজে ৰাজ্য চৰকাৰৰ বিয়াগোম শক্তি বিভাগক বিদ্যুৎ সেৱাৰ ব্যৱস্থা কৰিবলৈ বাৰম্বাৰ দাবী জনাই আহিছিল যদিও ৰাইজে আজিকোপতি এই সমস্যাৰ পৰা পৰিত্ৰাণ নাপালে । কেন্দ্ৰীয় চৰকাৰৰ কি দীনদয়াল আঁচনি, কি সৌভাগ্য আঁচনি একোৰে সুবিধা নাপালে গাঁওখনৰ ৰাইজে ।

প্ৰায় ২৫-৩০ টা আদিবাসী জনগোষ্ঠীয় পৰিয়ালে দেশৰ স্বাধীনতা লাভ কৰা পূৰ্বৰে পৰা বসবাস কৰি আছে সেই অঞ্চলত । কিন্তু অঞ্চলটোত আজিও কেৰাচিন তেলৰ চাকিয়েই হ'ল একমাত্ৰ পোহৰৰ সম্বল । গাঁওখনৰ ছাত্ৰ-ছাত্ৰীসকলে আধুনিক যুগতো চাকি আৰু লেম্পৰ পোহৰতে অধ্যয়ন কৰিবলগীয়া হৈছে । অঞ্চলটোত বিদ্যুৎ নথকাৰ বাবে নিশাৰ ভাগত বনৰীয়া হাতীয়েও উপদ্ৰৱ চলাই আহিছে ।

তাৰোপৰি বনৰীয়া হাতীৰ আক্ৰমণত কেইবাজনো লোকৰ মৃত্যু ঘটিছে বুলি অভিযোগ কৰিছে অঞ্চলটোৰ ৰাইজে । যি সময়ত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্য অঞ্চলসমূহত সকলো লোকে বিদ্যুৎ যোগানৰ সুবিধা লাভ কৰি অহা বুলি ঢাক-ঢোল বজাই আহিছে কিন্তু বাস্তৱত ই যে এক প্ৰহসনত পৰিণত হৈছে সেয়া ৰঙাপৰাৰ ধেন্দাইৰ ছবিয়ে স্পষ্ট কৰে ।

লগতে পঢ়ক:শ্ৰম আদায় নিদিয়াক লৈ চাহ শ্ৰমিকৰ মাজত হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.