তেজপুৰত মা দুৰ্গাৰ প্ৰতিমাত ৰং তুলিকাৰে চকু অংকন মৃৎশিল্পীৰ

author img

By

Published : Sep 25, 2022, 1:55 PM IST

Updated : Sep 25, 2022, 2:28 PM IST

Potter painted eyes on idol of Maa Durga in Tezpur

আজি সমগ্ৰ ৰাজ্যতে উদযাপন মহালয়া ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ সদৰ তেজপুৰতো মহালয়া উপলক্ষে বিশেষ আয়োজন । পুৱাই মা দুৰ্গাৰ প্ৰতিমাত ৰং তুলিকৰে চকু অংকন মৃৎশিল্পীৰ । মৃৎ শিল্পী প্ৰদীপ পালে দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে তেজপুৰত (Potter painted eyes on idol of Maa Durga)।

তেজপুৰ, ২৫ ছেপ্টেম্বৰ: আজি মহালয়া (Mahalaya 2022)। আজি মৰ্তলৈ আগমন ঘটিছে মহিষ মৰ্দিনী দেৱী দুৰ্গাৰ । প্ৰবাদ মতে, মহালয়াৰ এই বিশেষ দিনটোতেই পৃথিৱীলৈ শুভ শক্তিৰ আগমন হয় আৰু পুৱাৰ পবিত্ৰ বা-জাকে শৰীৰ-মন-আত্মা সুস্থ কৰে ।

আনকি মহালয়াৰ দিনটোত দেৱীৰ সংস্পৰ্শ লাভ কৰিলে সকলো অপায়-অমংগলৰ পৰা পৰিত্ৰাণ লাভ কৰে বুলিও বিশ্বাস কৰা হয় ৷ সাধাৰণৰ ৰাইজৰ বাবে মহালয়া দুৰ্গা পূজাৰ আৰম্ভণি হ’লেও জ্যোতিষ শাস্ত্ৰত ইয়াৰ আছে অন্য তাৎপৰ্য ৷ দেৱী দুর্গাৰ আগমণ আৰু গমন ওপৰত ভিত্তি কৰিয়েই হিন্দু ধর্মৰ লোকসকলে বিশ্বাস কৰি আহিছে দেশৰ পৰৱৰ্তী কাল ।

ইফালে, সনাতন ধৰ্ম অনুসৰি আহিন মাহৰ কৃষ্ণপক্ষৰ অন্তিমটো আমাৱস্যাকে মহালয়া বুলি কোৱা হয় । সংস্কৃতত মহালয়া শব্দৰ অৰ্থ হৈছে উৎসৱৰ আৰম্ভণি । দুৰ্গা পূজাত মহালয়াৰ এটা বিশেষ মহত্ত্ব আছে, কিয়নো আজি এই দিনটোতে দেৱী দুর্গাৰ মূৰ্তিক চকু দান কৰা হয় অৰ্থাৎ মূৰ্তি নিৰ্মাণকাৰীৰ দ্বাৰা দেৱী দুর্গাৰ মূৰ্তিত চকু অংকন কৰাৰ লগতে দেৱী দুর্গাৰ পূজা কৰা হয় ।

তেজপুৰত মা দুৰ্গাৰ প্ৰতিমাত ৰং তুলিকাৰে চকু অংকন মৃৎশিল্পীৰ

আজি সমগ্ৰ ৰাজ্যতে উদযাপন মহালয়া (People celebrates Mahalaya in Assam) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ সদৰ তেজপুৰতো মহালয়া উপলক্ষে বিশেষ আয়োজন । পুৱাই মা দুৰ্গাৰ প্ৰতিমাত ৰং তুলিকৰে চকু অংকন মৃৎশিল্পীৰ । মৃৎ শিল্পী প্ৰদীপ পালে দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ এক বিৰল দৃশ্য দেখিবলৈ পোৱা গৈছে তেজপুৰত (Potter painted eyes on idol of Maa Durga) ।

উল্লেখ্য যে, মহালয়া অৰ্থাৎ যিদিনা দেৱী দুৰ্গাই দানৱ মহিষাসুৰক পৰাস্ত কৰিছিল, সেই দিনটোক হিন্দু ৰীতি-নীতি অনুসৰি মহালয়া হিচাপে স্মৰণ কৰি উদযাপন কৰা হয় । অবশ্যে বাঙালী জনসাধাৰণৰ বাবে ই পিত্ৰু অৰ্থাৎ পিতৃ পুৰুষ বা পক্ষ শ্ৰাদ্ধৰ সমাপ্তি বা দুৰ্গাপূজাৰ আৰম্ভণিৰ সূচনা কৰে বুলি প্ৰবাদ আছে ।

লগতে পঢ়ক: আজি মহালয়া; লোকে লোকাৰণ্য মৰাণৰ ৰাজপথ

Last Updated :Sep 25, 2022, 2:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.