তেজপুৰত ২০২ বিঘা ভূমিত লিচুৰ পুলি ৰোপণ

author img

By

Published : Sep 26, 2022, 6:27 PM IST

litchi plantation in Tezpur

চলিত বৰ্ষত আন্তঃৰাষ্ট্ৰীয় বজাৰ লণ্ডনত তেজপুৰৰ লিচুৱে সমাদৰ লাভ কৰাৰ পিছত সোমবাৰে তেজপুৰত লিচু গছ পুলি ৰোপোণৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰে শোণিতপুৰ জিলা কৃষি বিভাগে । এই লিচুক আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই নিয়াৰ বাবে কৃষি বিভাগৰ উদ্যোগত ২০২ বিঘা মাটিত লিচু পুলি ৰোপণৰ (Planting litchi saplings in Tezpur) এক কাৰ্যসূচীৰ শুভাৰম্ভনী কৰা হয় ।

তেজপুৰ, ২৬ ছেপ্টেম্বৰ: তেজপুৰৰ লিচুৱে ২০১৩ বৰ্ষত জি আই টেগ Geological Indication(GI of tezpur litchi) লাভ কৰিছিল । তদুপৰি যোৱা জুনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই তেজপুৰৰ লিচু লণ্ডনলৈ ফ্লেগ অফ কৰাৰ পিছত ইয়াৰ বোম্বায়া লিচু,বিলাতী লিচু আৰু চাহি লিচুৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেজপুৰৰ লিচুৰ সোৱাদৰ প্ৰশংসা কৰাৰ পাছতেই শোণিতপুৰ জিলা কৃষি বিভাগে উক্ত লিচু খেতি সম্প্ৰসাৰণৰ বিশেষ পদক্ষেপ গ্ৰহন কৰিছে । শোণিতপুৰ জিলা কৃষি বিভাগ,জিলা পৰিষদ,কৃষি বিজ্ঞান কেন্দ্ৰ, NABARD ৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্রশাসন,অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প (APART),বিশ্বনাথ কৃষি মহাবিদ্যালয়, NERAMAC,অগ্নিগড় কৃষি উৎপাদক কোম্পানীৰ সহযোগত সোমবাৰে পৰুৱাত লিচু পুলি বিতৰণ তথা ৰোপণৰ এক কাৰ্যসূচী ৰূপায়ন (litchi plantation in Tezpur) কৰা হয় ।

litchi plantation in Tezpur
তেজপুৰত ২০২ বিঘা ভূমিত লিচুৰ পুলি ৰোপণ

উল্লেখ্য় যে, তেজপুৰৰ উন্নত জাতৰ আৰু সুস্বাদু লিচুৱে অসমৰে নহয়, দেশ-বিদেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । এই লিচুক আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই নিয়াৰ বাবে কৃষি বিভাগৰ উদ্যোগত ২০২ বিঘা মাটিত লিচু পুলি ৰোপণৰ এক কাৰ্যসূচীৰ শুভাৰম্ভনী কৰা হয় ।

শোণিতপুৰ জিলা কৃষি বিষয়া পংকজ শইকীয়াই জিলা কৃষি বিভাগৰ উক্ত অভিযানৰ বিষয়ে সদৰি কৰাৰ পিছতেই উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই জি আই টেগ লাভ কৰা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Modi praised about litchi of Tezpur) তেজপুৰ লিচুৰ সোৱাদৰ প্ৰশংসা কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা প্ৰশংসা পত্ৰৰ কথা সদৰি কৰে । এই অনুষ্ঠানত কৃষি বিভাগে লিচুৰ তথ্য সম্বলিত এখন কেলেণ্ডাৰ মুকলি কৰে ।

তেজপুৰত ২০২ বিঘা ভূমিত লিচুৰ পুলি ৰোপণ

উক্ত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাংসদ পল্লৱ লোচন দাসে (MP Pallab Lochan Das)তেজপুৰ লিচুৰ জয়যাত্রাৰ ভূয়সী প্ৰশংসা কৰে । শোণিতপুৰ জিলা পৰিষদৰ ৮ লাখ টকাৰ সহায়েৰে লিচু পুলি ৰোপণৰ এই আঁচনিৰ বাবে মুঠ ১৯ লাখ টকাৰ আবন্তন দিয়া হৈছে বুলিও সাংসদগৰাকীয়ে উল্লেখ কৰে ।

অনুষ্ঠানটোত উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹প্ৰসন্ন পাঠক,জিলা কৃষি বিষয়া পংকজ শইকীয়া,কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী অংগনা শৰ্মা,সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ,নলতলীৰ অধ্যক্ষ হৰেশ্বৰ দাস,ঘোৰামাৰী কৃষি উন্নয়ন বিষয়া পঞ্চমীকা দত্ত, বালিপাৰা,গাভৰু খণ্ড উন্নয় বিষয়াৰ লগতে অগ্নিগড় কৃষি উৎপাদক কোম্পানীৰ বিষয়ববীয়াসকল ।

লগতে পঢ়ক:অসম সাহিত্য সভাৰ দৰমহা বঞ্চিত কৰ্মচাৰীৰ অসহযোগ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.