তেজপুৰত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ ব্যৱস্থাপনাত ৰপ্তানিকাৰীৰ বৈঠক

author img

By

Published : Sep 24, 2021, 9:53 PM IST

Export conclave

‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে শোণিতপুৰৰ জিলা পৰিষদ কাৰ্যালয়ৰ সন্মিলন কক্ষত শুকুৰবাৰে শোণিতপুৰৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ দ্বাৰা এক ৰপ্তানিকাৰীৰ বৈঠক অনুষ্ঠিত কৰা হয় ।

তেজপুৰ, ২৪ চেপ্তেম্বৰ : ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰৰ লগত সংগতি ৰাখি সমগ্ৰ দেশতে পালন কৰা হৈছে ‘আজাদী কা অমৃত মহোৎসৱ’ ৷ ইয়াৰ অংশ হিচাপে শোণিতপুৰৰ জিলা পৰিষদ কাৰ্যালয়ৰ সন্মিলন কক্ষতো শুকুৰবাৰে শোণিতপুৰৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ দ্বাৰা এক ৰপ্তানিকাৰীৰ বৈঠক অনুষ্ঠিত কৰা হয় । উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে আজিৰ সন্মিলন উদ্বোধন কৰে ৷

Pix_Export conclave at tezpur
তেজপুৰত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ ব্যৱস্থাপনাত ৰপ্তানিকাৰীৰ বৈঠক

চাহ, বস্ত্ৰ, কৃষি জাত সামগ্ৰী, খাদ্য সংসাধন উদ্যোগৰ লগত জড়িত প্ৰায় ১৯ টা আত্ম সহায়ক গোট, উদ্যমী, উদ্যোগপতি, ৰপ্তানিকাৰী প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত । শোণিতপুৰ জিলাৰ সম্ভাব্য ৰপ্তানি সামগ্ৰীৰ ওপৰত এখন ৰপ্তানি হাত পুথিও মুকলি কৰা হয় । উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে ভাষণ প্ৰসংগত শোণিতপুৰৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰে ৷ লগতে অভিজ্ঞ ৰপ্তনিকাৰী সকলৰ অংশগ্ৰহণে সন্মিলনত অংশগ্ৰহণ কৰা সম্ভাব্য ৰপ্তনিকাৰী সকলৰ মনোবল বৃদ্ধি কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে ।

ৰপ্তানিকাৰী সম্প্ৰদায়ৰ লগতে বিভিন্ন উদ্যোগীসকলক জিলাখনৰ অৰ্থনীতি সৱল কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰি যাবলৈ আহ্বান জনায় । এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো সম্ভৱপৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে ‌উপায়ুক্তগৰাকীয়ে আশ্বাস প্ৰদান কৰে ।

Pix_Export conclave at tezpur
তেজপুৰত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ ব্যৱস্থাপনাত ৰপ্তানিকাৰীৰ বৈঠক

উদ্বোধনী ভাষণত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধক ৰঞ্জন কুমাৰ ভট্টাচাৰ্যই কয় যে, এই সন্মিলনখন বাণিজ্য সপ্তাহৰ অংশ হিচাপে আয়োজন কৰা হৈছে ৷ শোণিতপুৰ জিলাৰ ৰপ্তানি ক্ষেত্ৰত এই অনুষ্ঠানে এক নতুন দিশৰ সূচনা কৰিব বুলি তেখেতে আশা প্ৰকাশ কৰে । বৈঠকখনে সম্ভাব্য ৰপ্তানিকাৰী আৰু সামগ্ৰী চিনাক্ত কৰাত আৰু জিলাখনক ৰপ্তানি কেন্দ্ৰ হিচাপে গঢ় দিয়াত সহায় কৰিব বুলিও আশা প্ৰকাশ কৰে ।

Pix_Export conclave at tezpur
তেজপুৰত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ ব্যৱস্থাপনাত ৰপ্তানিকাৰীৰ বৈঠক

জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, তেজপুৰ বিশ্ববিদ্যালয়ৰ খাদ্য অভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিভাগৰ অধ্যাপক ড৹ চাৰুলতা মহন্ত, তেজপুৰ বিশ্ববিদ্যালয়ৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক ড৹ পাৰ্থ প্ৰতিম দত্ত, চাহ বোৰ্ডৰ সহকাৰী সঞ্চালক ড৹ অমৃতা চক্ৰৱৰ্তী এই কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।

সন্মিলনত কাৰিকৰী অধিৱেশনৰ বিশিষ্ট বক্তাসকলৰ ভিতৰত উপস্থিত থাকে মাহীশূৰৰ কেন্দ্ৰীয় খাদ্য প্ৰযুক্তিগত গৱেষণা প্ৰতিষ্ঠানৰ, মছলা আৰু সোৱাদ বিজ্ঞান বিভাগৰ ড৹ .বি.বি. বৰছে, কলকাতাৰ ভাৰতীয় পেকেজিং প্ৰতিষ্ঠানৰ উপ-সঞ্চালক বিধান দাস, এপিইডিএ ৰ সহকাৰী মহা প্ৰবন্ধক, সুনীতা ৰায়, পুণেৰ আদৰ্শ এগ্ৰিটেকৰ স্বত্বাধিকাৰী, বিকাশ নাগাৱাডে ।

Pix_Export conclave at tezpur
তেজপুৰত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ ব্যৱস্থাপনাত ৰপ্তানিকাৰীৰ বৈঠক

অধিৱেশনত সংসাধিত খাদ্য ৰপ্তানি, চাহত মূল্য সংযোজন, মচলা প্ৰক্ৰিয়াকৰণ প্ৰযুক্তি আৰু মানদণ্ড, খাদ্য পেকেজিঙৰ শেহতীয়া প্ৰযুক্তি, কৃষি-সামগ্ৰীৰ ৰপ্তানি আৰু আমদানিৰ অভিজ্ঞতাৰ ওপৰত মত-বিনিময়, জিলা ৰপ্তানি পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হয় ৷ পিছত সম্ভাব্য ৰপ্তানিকাৰী সকলৰ দ্বাৰা সামগ্ৰীৰ বিষয়ে উপস্থাপন সম্পৰ্কে পৃথক অধিৱেশন আৰু ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত মতবিনিময় অনুষ্ঠানৰো আয়োজন কৰা হয় ৷

লগতে পঢ়ক : তেল আৰু প্ৰাকৃতিক গেছৰ প্ৰকল্পৰ বাবে উত্তৰ-পূৰ্বাঞ্চললৈ এক লাখ কোটি টকাৰ অনুমোদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.