মিছমাৰী সেনা বাহিনীৰ চাউনিত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় ভাট

author img

By

Published : Sep 22, 2021, 3:55 PM IST

Updated : Sep 22, 2021, 7:52 PM IST

Ajay Bhatt

প্ৰতিৰক্ষা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় ভাট মঙলবাৰে দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত হয় । প্ৰথমে তেজপুৰৰ মিছামাৰিৰ সেনাৰ কাৰ্যালয়ত উপস্থিত হয় মন্ত্ৰীগৰাকী । ইয়াৰ পাছত টাৱাঙলৈ ৰাওনা হয় মন্ত্ৰীগৰাকী ।

তেজপুৰ,২২ ছেপ্টেম্বৰ : দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী অজয় ভাট (Ajay Bhatt) । অসমত উপস্থিত হৈয়ে মঙলবাৰে তেজপুৰ মিছামাৰিৰ সেনাৰ কাৰ্যালয় পৰিদৰ্শন কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ সৈতে ইষ্টাৰ্ণ কামাণ্ডৰ (GOC-in-C) মনোজ পাণ্ডেই সহযোগিতা আগবঢ়োৱাৰ লগতে সেনাৰ এই গুৰুত্বপূৰ্ণ ঘাটিৰ বিষয়ে অৱগত কৰে ।

মিছামাৰী উত্তৰ পূৰ্বাঞ্চলৰ শোণিতপুৰ জিলাৰ তেজপুৰ চতুৰ্থ ক'ৰৰ এক গুৰুত্বপূৰ্ণ ঘাটি । ভাৰতীয় বায়ুসেনাৰ চাউনিত সংযুক্ত হৈ আছে এই ঘাটিত । ভাৰতীয় সেনাৰ যুদ্ধৰ তদাৰক কৰা হয় এই মিছামাৰীৰ ঘাটিৰ পৰা লগতে বায়ুসেনাৰ ড্ৰোণ অপাৰেচনো (Drone operation) এই ঘাটিৰ পৰাই কৰা হয় ।

Ajay Bhatt
মিছমাৰী সেনা বাহিনীৰ চাউনিত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় ভাট

এই চাউনি পৰিদৰ্শন কৰি কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে স্থলসেনা আৰু বায়ুসেনাৰ অপাৰেচনৰ অগ্ৰগতিৰ বিষয়ে বুজ লয় । ভাৰতীয় সেনাৰ চতুৰ্থ ক'ৰৰ লেফটেনেণ্ট জেনেৰেল ৰবীন খোচলাই (GOC Lt Gen Ravin Khosla) সেনাৰ চাউনিলৈ আদৰণি জনায় মন্ত্ৰীগৰাকীক ।

Ajay Bhatt
মিছমাৰী সেনা বাহিনীৰ চাউনিত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় ভাট

উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ এই পৰিদৰ্শন সংবাদ মাধ্যমৰ দৃষ্টিৰ পৰা আঁতৰাই ৰখা হৈছিল যদিও প্ৰতিৰক্ষা বিভাগে এই বিষয়ে বুধবাৰে অৱগত কৰে । মনকৰিবলগীয়া যে তেজপুৰ চতুৰ্থ ক'ৰ বৰ্তমান গজৰাজ কৰ্পছৰ কাৰ্যালয় মিছন চাৰিআলিৰ পৰা মিছামাৰিলৈ স্থানান্তৰ কৰাৰ এক পৰিকল্পনা চলি থকা বুলি এক বিশেষ সূত্ৰত জানিব পৰা গৈছে । কেন্দ্ৰীয় মন্ত্ৰী গৰাকী বুধবাৰে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙত উপস্থিত হয় ।

লগতে পঢ়ক :কলিয়াবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

Last Updated :Sep 22, 2021, 7:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.