ৰঙাপৰাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ

author img

By

Published : Sep 21, 2021, 4:59 PM IST

Man killed in elephant attack in Rangapara

শোণিতপুৰৰ ৰঙাপৰাত হাতী-মানুহৰ সংঘাতৰ ভয়াৱহ পৰিণতি । ৰঙাপৰাৰ নগাপথাৰ গাঁৱত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল বিজয় কুমাৰ নামৰ এজন লোকৰ । মাছ মাৰিবলৈ যোৱাৰ সময়তে হাতীয়ে আক্ৰমণ কৰে ।

ৰঙাপৰা, ২১ ছেপ্টেম্বৰ: শোণিতপুৰৰ ৰঙাপৰাত ক্ৰমাৎ হাতী-মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । সন্ধিয়া হোৱাৰ লগে লগে খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে ৰঙাপৰা অঞ্চলত বাসগৃহ, শিক্ষানুষ্ঠান, দোকান আদি ভঙাৰ লগতে খেতিপথাৰ গছকি তহিলং কৰে । সোমবাৰে নিশা ৰঙাপৰাৰ নগাপথাৰ গাঁৱত বন্যহস্তীৰ আক্ৰমণত নিহত হয় এজন শ্ৰমিক । নগাপথাৰ গাঁৱৰ নিবাসী প্ৰয়াত ফুলচন্দ কুমাৰৰ পুত্ৰ তথা তিনিটা সন্তানৰ পিতৃ বিজয় কুমাৰে সন্ধিয়া গাঁওখনৰে কাষেৰে বৈ যোৱা ডিপোটা নদীত মাছ মাৰিবলৈ গৈছিল ।

ৰঙাপৰাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ

নিশা তেওঁ ঘৰলৈ উভতি নহাত তেওঁৰ পত্নীয়ে পুৱাই নৈৰ পাৰলৈ স্বামীক বিচাৰি যায় আৰু স্বামীক মৃত অৱস্থাত উদ্ধাৰ কৰে । বনৰীয়া হাতীৰ আক্ৰমণত বিজয় কুমাৰৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে গাঁৱৰ একাংশ লোকে । আনহাতে, বিজয় কুমাৰৰ মৃতদেহৰ কাষতে হাতীৰ খোজ দেখা পোৱা গৈছিল । ইফালে, ৰূপাজুলি চাহ বাগিচাত স্থায়ী শ্ৰমিক হিচাপে কৰ্মৰত বিজয় কুমাৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বুলি একাংশই সন্দেহ কৰিছে ।

কিয়নো, আলব্ৰেত বাৰলাই নিজৰ খেতিপথাৰ যাতে বনৰীয়া হাতীয়ে নষ্ট কৰিব নোৱাৰে তাৰ বাবে খেতিপথাৰৰ চৌদিশে সৌৰশক্তি তাঁৰ সংযোগ কৰিছিল ।

হাতীৰ ভয়ত পলাবলৈ লওতেই বিজয় কুমাৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে । আনহাতে, অঞ্চলটোত সঘনাই বন্যহস্তীয়ে উপদ্ৰৱ চলোৱাৰ পিছতো বন বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ৰাইজে । শীঘ্ৰে এই সমস্যাৰ পৰা পৰিত্ৰাণ দিবলৈ ৰাইজে চৰকাৰ তথা মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ।

লগতে পঢ়ক:বৰাগাঁৱত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰে দীপৰ বিলক প্ৰদূষিত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.