শুভ মহালয়া; তেজপুৰত মা দুৰ্গাক আদৰণি

author img

By

Published : Sep 25, 2022, 11:54 AM IST

Mahalaya celebrated in Tezpur

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো উলহে মালহে পালন কৰা হৈছে মহালয়া (Mahalaya celebrated in Tezpur) ৷ তেজপুৰ লাচিত স্বক আম বাগানৰ একাংশ ছাত্ৰীয়ে মহালয়া উপলক্ষে নৃত্য-গীতৰ জৰিয়তে দেৱীক আৰাধনা কৰে ।

তেজপুৰ, ২৫ ছেপ্টেম্বৰ: আজি মহালয়া (Mahalaya celebrated across Assam) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো উলহে মালহেৰে পালন কৰা হৈছে মহালয়া (Mahalaya celebrated in Tezpur) ৷

আজি মৰ্তলৈ আগমন ঘটিছে মহিষ মৰ্দিনী দেৱী দুৰ্গাৰ (Durga Puja celebration)। প্ৰবাদ মতে, মহালয়াৰ এই বিশেষ দিনটোতেই পৃথিৱীলৈ শুভ শক্তিৰ আগমন হয় ৷ তেজপুৰ লাচিত চ’ক আম বাগানৰ একাংশ ছাত্ৰীয়ে মহালয়া উপলক্ষে নৃত্য-গীতৰ জৰিয়তে দেৱীক আৰাধনা কৰে ।

শাস্ত্ৰ অনুসৰি মহালয়াৰ দেৱী দুৰ্গাই মহিষাসুৰক পৰাস্ত কৰিছিল, সেই দিনটোক হিন্দু ৰীতি-নীতি অনুসৰি মহালয় হিচাপে স্মৰণ কৰি উদযাপন কৰে ৷ অৱশ্যে বাঙালী জনসাধাৰণৰ বাবে ই পিত্ৰু অৰ্থাৎ পিতৃ পুৰুষ বা পক্ষ শ্ৰাদ্ধৰ সমাপ্তি বা দুৰ্গাপূজাৰ আৰম্ভণিৰ সূচনা কৰে বুলি প্ৰবাদ আছে ৷

হিন্দু পৌৰাণিক কাহিনীত পিত্ৰু পক্ষই এনে এটা সময়ক বুজায় যেতিয়া মানুহে নিজৰ পূৰ্বপুৰুষক শ্ৰদ্ধা কৰে আৰু নিজৰ আত্মাৰ বাবে আশীৰ্বাদ বিচাৰে ৷

শুভ মহালয়া; তেজপুৰত মা দুৰ্গাক আদৰণি

মহালয়াৰ দিনটোৱই আহিন বা অশ্বিন মাহৰ আৰম্ভণিৰ দিনো বুলি তেওঁলোকে বিশ্বাস কৰে ৷ অৱশ্যে এই উজ্জ্বল পষেকৰ আৰম্ভণিত মতামহ বা দৌহিত্ৰ অৰ্থাৎ ক্ৰমে "মাতৃৰ পিতৃ" আৰু "কন্যাৰ পুত্ৰ" বুলিও জনা যায় ৷

এই বৰ্ষৰ মহালয়া ২৫ ছেপ্টেম্বৰৰ পুৱা ০৩:১২ বজাৰ পৰা আৰম্ভ হৈ ২৬ ছেপ্টেম্বৰৰ পুৱা ০৩:২৩ বজাত অমাৱস্য তিথি সমাপ্ত হ’ব ৷ ড্ৰিক পঞ্জিকাৰ মতে কুটুপ মহুৰত পুৱা ১১:৪৮ বজাৰ পৰা ১২:৩৭ বজালৈ, ৰোহিনী মহুৰট ১২: ৩৭ বজাৰ পৰা বিয়লি ০১:২৫ বজাল, আৰু অপৰাহ্ন কাল বিয়লি ০১:২৫ বজাৰ পৰা ০৩:৫০ বজালৈ আছে ৷

মহালয়াৰ দিনা মা দুৰ্গাৰ ভক্তসকলে পুৱা সোনকালে দেৱী তৰ্পণ ও আৰাধনা কৰে ৷ পূৰ্বপুৰুষৰ বিদেহী আত্মাক প্ৰাৰ্থনা কৰে, ব্ৰাহ্মণক ভোগ দিয়ে, আৰ্তজনক দান দিয়ে ৷ তদুপৰি মহালয়াৰ দিনা প্ৰীতিমাৰ খনিকৰ ভাস্কৰ্য শিল্পীসকলে ৰং তুলিকাৰে দেৱী দুৰ্গাৰ চকুৰ অংকন কৰাৰ পূৰ্বে বিশেষ পূজা সম্পন্ন কৰে আৰু নৃত্য গীতেৰে দেৱীক আৰাধনা কৰে ৷

লগতে পঢ়ক: আজি মহালয়া; লোকে লোকাৰণ্য মৰাণৰ ৰাজপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.