ঘৰৰ চোতালত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ গুপ্তধন

author img

By

Published : Sep 26, 2022, 2:12 PM IST

Large amount of hidden treasure recovered in Sonitpur

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ অলিছিঙাত উদ্ধাৰ বৃহৎ পৰিমাণৰ গুপ্তধন (Large amount of hidden treasure recovered ) ৷ আব্দুল কৰিম নামৰ লোকজনৰ ঘৰত নিশা শোণিতপুৰ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে এই গুপ্তধনখিনি ৷

তেজপুৰ, ২৬ ছেপ্টেম্বৰ: শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ অলিছিঙাত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ গুপ্তধন(Large amount of hidden treasure recovered ) ৷ ঘৰৰ চোতালত পুতি থোৱা আছিল এই বৃহৎ পৰিমাণৰ ধনখিনি ৷ আব্দুল কৰিম নামৰ লোকজনৰ ঘৰত নিশা শোণিতপুৰ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে এই গুপ্তধনখিনি ৷

ঘৰৰ বাৰান্দাৰ চিৰিৰ তলত গাঁত খান্দি এটা ট্ৰাংকৰ ভিতৰত পুঁতি থৈছিল এই ধনখিনি ৷ উদ্ধাৰ হোৱা গুপ্তধনখিনিৰ পৰিমাণ প্ৰায় 15 লাখ টকা বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ ৷

ঘৰৰ চোতালত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ গুপ্তধন

উল্লেখ্য যে, শোণিতপুৰ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক মাধুৰীমা দাস আৰু বৰঘাত আৰক্ষী বিষয়া সীমান্ত পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান ৷ ইফালে আৰক্ষীৰ উপস্থিতিৰ উমান পাই ঘৰৰ পৰা পলায়ন কৰে আব্দুল কৰিম ৷ তিনিমাহ পূৰ্বে বাহন চুৰি কাৰ্য্যত গ্ৰেপ্তাৰ হৈছিল ধৃত আব্দুল কৰিম ৷ আব্দুল কৰিম বাহন চুৰিৰ এটা বৃহৎ চক্ৰৰ লগত জড়িত থকা বুলিও জনালে আৰক্ষীয়ে ।

লগতে পঢ়ক: শাৰদীয় বতৰত নলবাৰীত পিষ্টল আৰু চোকা অস্ত্ৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.