আজি তেজপুৰত উপস্থিত হ’ব ITBPৰ লং ৰেঞ্জ পেট্ৰলিং দল

author img

By

Published : Sep 17, 2022, 9:37 AM IST

ITBP

দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ১ আগষ্টত লাডাখৰ কাৰমুৰাম পাছৰ পৰা আৰম্ভ হৈছিল ITBPৰ লং ৰেঞ্জ পেট্ৰলিং অভিযান (ITBP Long Range Patrolling Campaign)। শনিবাৰে এই দলটো আহি তেজপুৰত উপস্থিত হ'ব । ইয়াৰ উদ্দেশ্য হৈছে ভাৰত-চীন সীমান্তৰ অঞ্চলৰ সুৰক্ষাৰ দিশ পৰ্যবেক্ষণ কৰা ।

তেজপুৰ, ১৬ ছেপ্টেম্বৰ: স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীয়ে (ITBP) ৭৫ দিনীয়া এক দীঘলীয়া লং ৰেঞ্জ পেট্ৰলিঙৰ আৰম্ভ কৰিছিল (75 Days Long Range Patrolling Campaign By ITBP)। পেট্ৰলিঙৰ দলটো শনিবাৰে আহি তেজপুৰ চেক্ৰৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'ব (ITBP Long Range Patrolling Campaign team reach Tezpur)। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ১ আগষ্টত লাডাখৰ কাৰমুৰাম পাছৰ পৰা আৰম্ভ হৈছিল দলটোৰ যাত্ৰা ।

ITBP
ITBPৰ লং ৰেঞ্জ পেট্ৰলিং দল

ভাৰত-চীন সীমান্তৰ ৰাজ্যসমূহৰ মুঠ ৭৫৭৫ কিলোমিটাৰ দীঘলীয়া পথ ভ্ৰমণৰ লক্ষ্যৰে আৰম্ভ কৰা এই পেট্ৰলিং অৰুণাচল প্ৰদেশৰ সীমান্তৰ জেচেপ-লাত সামৰণি পৰিব । সীমান্তৰ পহৰাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এই আই টি বি পিৰ দলে লাডাখৰ পৰা লাহাউল অতিক্ৰম কৰি হিমাচল প্ৰদেশৰ সীমান্তৰে উত্তৰাখণ্ড, ছিকিম হৈ অসমত প্ৰৱেশ কৰি অৰুণাচল প্ৰদেশৰ সীমান্তলৈ যাত্ৰা কৰিব ।

ITBP
ITBPৰ লং ৰেঞ্জ পেট্ৰলিং দল

এই লং ৰেঞ্জ পেট্ৰলিঙৰ দায়িত্বত থকা তেজপুৰ চেক্তৰ মুখ্য কাৰ্যালয়ৰ উপ-মহা পৰিদৰ্শক জি চি পুৰোহিতে ছিকিমৰ পৰা এই দলটোৰ নেতৃত্বত লয় আৰু শনিবাৰে তেজপুৰত উপস্থিত হৈ অৰুণাচল প্ৰদেশৰ জেচেপ-লা অভিমুখে যাত্ৰা কৰিব । এই পেট্ৰলিঙৰ উদ্দেশ্য হৈছে ভাৰত-চীন সীমান্তৰ অঞ্চলৰ সুৰক্ষাৰ দিশ পৰ্যবেক্ষণ কৰা ।

লগতে পঢ়ক :দুৰ্গাপূজাৰ বাবে বিশেষ নিৰ্দেশনা আৰক্ষী-প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.