ITBPৰ ভাৰত-চীন সীমান্ত পৰ্যবেক্ষণৰ দল তেজপুৰত উপস্থিত

author img

By

Published : Sep 17, 2022, 10:46 PM IST

ITBPৰ ভাৰত-চীন সীমান্ত পৰ্যবেক্ষণৰ দল তেজপুৰত উপস্থিত

ভাৰত-চীন সীমান্তৰ সুৰক্ষাৰ দিশ পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীয়ে(Indo-Tibetan Border Police) ৭৫ দিনীয়া এক ৰেলীৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷ উক্ত ৰেলীটো শনিবাৰে তেজপুৰৰ মুখ্যালয়ত উপস্থিত হয় ৷

তেজপুৰ, ১৭ ছেপ্টেম্বৰ: আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীয়ে(Indo Tibetan Border Police) ৭৫ দিনীয়া লং ৰেঞ্জ পেট্ৰলিং ফ্লেগৰ(ITBP relay long range patrol)দল শনিবাৰে আহি তেজপুৰ চেক্টৰৰ মুখ্যালয়ত উপস্থিত হয় । বিপুল সমাদৰৰে বাহিনীৰ জোৱান আৰু বিষয়া সকলে চেক্টৰ মুখ্যালয়ত আদৰণি জনোৱা হয় ।

ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীৰ মুখ্যালয়ৰ(ITBP Sector Head Quarter Tezpur) উপ মহা নিৰ্দেশক জি চি পুৰোহিতৰ নেতৃত্বত কামাণ্ডাৰ ঝা, কামাণ্ডাৰ দীপক পাণ্ডেৰ উপস্থিতিত এক বৈঠকত জোৱানসকলৰ মাজত ফ্লেগ প্ৰদৰ্শন কৰা হয় ৷ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে লাডাখৰ কাৰামুৰাম পাছৰ পৰা আৰম্ভ কৰা ভাৰত চীন সীমান্তৰ মুঠ 7575 কিলোমিটাৰ দীঘলীয়া এই পেট্ৰলিং একমাত্ৰ ভাৰত-চীন সীমান্তৰ ৰাজ্যসমূহত ৭৫ দিনীয়া যাত্ৰাৰ লক্ষ্যৰে আৰম্ভ কৰি অৰুণাচল প্ৰদেশৰ সীমান্ত জেচেপ-লাত অহা ১৪ অক্টোবৰত সামৰণি পৰিব ।

ITBPৰ ভাৰত-চীন সীমান্ত পৰ্যবেক্ষণৰ দল তেজপুৰত উপস্থিত

সীমান্তৰ পহৰাৰ দিশ টনকিয়াল কৰি ৰখা এই আই টি বি পি ৰ দলে লাডাখৰ পৰা লাহাউল অতিক্ৰম কৰি হিমাচল প্ৰদেশৰ সীমান্তৰে উত্তৰাখণ্ড, ছিক্কিম হৈ অসমত প্ৰৱেশ কৰি অৰুণাচল প্ৰদেশৰ সীমান্তলৈ যাত্ৰা কৰিব ।

এই লং ৰেঞ্জ পেট্ৰলৰ (Long Range Patrol LRP) দায়িত্বত থকা তেজপুৰ চেক্টৰৰ মুখ্যালয়ৰ উপ-মহাপৰিদৰ্শক জি চি পুৰোহিতে(ITBP DIG Girish Chandra Purohit) ছিক্কিমৰ পৰা দলটোৰ নেতৃত্ব লয় আৰু শনিবাৰে তেজপুৰত উপস্থিত হৈ অৰুণাচল প্ৰদেশৰ জেচেপ -লালৈ যাত্ৰা কৰিব । উল্লেখ্য যে, উক্ত ৰেলীৰ উদ্দেশ্য হৈছে ভাৰত-চীন সীমান্তৰ সুৰক্ষাৰ দিশ পৰ্যবেক্ষণ কৰা ।

লগতে পঢ়ক: বিশ্বনাথত 17 জন বাংলাদেশী নাগৰিকক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.