International Museum Day 2023 : তেজপুৰত সামৰণি পৰিল আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস ২০২৩ ৰ আলোচনা চক্ৰ

author img

By

Published : May 20, 2023, 9:08 PM IST

International Museum Day 2023

বৃহপতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰত অনুষ্ঠিত হৈছিল ‘‘উত্তৰ-পূব ভাৰতৰ ঐতিহ্য উপাদানৰ স্থায়িত্ব” শীৰ্ষক আলোচনা চক্ৰ (International Museum Day 2023 seminar concluded)৷ এই আলোচনা চক্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ লগতে আই আই টি, খড়গপুৰ, বেনাৰস হিন্দু বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি দেশেৰ কেবাখনো গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠানৰ গৱেষক তথা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷

তেজপুৰ, ২০ মে’ : অৱশেষত সামৰণি পৰিল তেজপুৰত আয়োজিত ‘‘উত্তৰ-পূব ভাৰতৰ ঐতিহ্য উপাদানৰ স্থায়িত্ব” শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা চক্ৰখনি (International Museum Day 2023 seminar concluded) ৷ অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অধীনস্থ সংগ্ৰহালয় সঞ্চালকালয়ৰ উদ্যোগত আৰু আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদৰ ভাৰতীয় উপ-সমিতিৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস ২০২৩ কেন্দ্ৰীয়ভাৱে বৃহপতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰত অনুষ্ঠিত কৰা হৈছিল ৷

চলিত বৰ্ষৰ বিষয় ‘‘সংগ্ৰহালয়ৰ স্থায়িত্ব আৰু সমৃদ্ধি’’ৰ লগত সংগতি ৰাখি “উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহ্য উপাদানৰ স্থায়িত্ব” শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰা হয় ৷ শুক্ৰবাৰে অৰ্থাৎ দ্বিতীয় দিনাও তেজপুৰৰ অগ্নিগড় গ্ৰাম্য পথ নেটৱৰ্ক ব্যৱস্থাপনা ইউনিতৰ সভাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত কৰা এই আলোচনা চক্ৰৰ আজিৰ দিনটোত তেজপুৰ বিশ্ববিদ্যালয়, আই আই টি, খড়গপুৰ, বেনাৰস হিন্দু বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি দেশেৰ কেবাখনো গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠানৰ গৱেষক, প্ৰতিনিধিয়ে ইয়াত গৱেষণাপত্ৰ পাঠ কৰে ।

International Museum Day 2023
তেজপুৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন

আলোচনা চক্ৰখনিৰ দ্বিতীয় দিনাৰ উদ্বোধনী অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা, অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কিউৰেটৰ, স্নিগ্ধা হাছনু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ব বিজ্ঞান বিভাগৰ অধ্যাপক ড৹ দ্বীপেন বেজবৰুৱা, শোণিতপুৰ জিলা সংগ্ৰহালয় বিষয়া অভিলাষ ৰাজখোৱা, জিলা প্ৰশাসন আৰু সংগ্ৰহালয় সঞ্চালকালয়ৰ ভালেকেইজন বিষয়া উপস্থিত থাকে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ব বিজ্ঞান বিভাগৰ অধ্যাপক দ্বীপেন বেজবৰুৱাই এই অনুষ্ঠানত মূল বক্তৃতা প্ৰদান কৰে । ইফালে প্ৰথম দিনাৰ প্ৰথম কাৰিকৰী অধিৱেশনৰ সভাপতিত্ব কৰে অধ্যাপক দ্বীপেন বেজবৰুৱা আৰু দ্বিতীয় অধিৱেশনৰ সভাপতিত্ব কৰে কটন বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহযোগী অধ্যাপক ড৹ ঋতু থাওচেনে ।

দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা অহা গৱেষকসকলে এই কাৰিকৰী অধিৱেশনত বিভিন্ন বিষয়ৰ ওপৰত গৱেষণা পত্ৰ উপস্থাপন কৰে । আলোচনা চক্ৰৰ দ্বিতীয় দিনাও দুটা কাৰিকৰী অধিৱেশন অনুষ্ঠিত হয় । প্ৰথম অধিৱেশনৰ সভাপতিত্ব কৰে অসম বিশ্ববিদ্যালয়ৰ ডিফু কেম্পাছৰ জনজাতি অধ্যয়ন বিভাগৰ মুৰব্বী ড৹ সূৰ্যশিখা পাঠকে আৰু দ্বিতীয় কাৰিকৰী অধিৱেশনৰ সভাপতিত্ব কৰে কাৰ্বি আংলঙৰ জিলা সংগ্ৰহালয় বিষয়া ড৹ কৌস্তৱ শইকীয়াই ।

লগতে পঢ়ক : State BJP executive meeting: বিশ্বৰ বুকুত উজলি উঠিছে ভাৰতবৰ্ষ: সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.