শোণিতপুৰত উদগনিমূলক শ্ল'গান লিখা প্ৰতিযোগিতা

author img

By

Published : Sep 15, 2021, 1:49 PM IST

Inspirational slogan writing competition

শোণিতপুৰৰ পৰ্যটন ক্ষেত্ৰৰ বিকাশত সহায়ক হোৱাকৈ তথা পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে এক বিশেষ পদক্ষেপ লৈছে জিলা প্ৰশাসনে । পৰ্যটনস্থলীসমূহৰ গুৰুত্বৰ বিষয়ে বৰ্ণনা কৰিব পৰা উদগনিমূলক শ্ল'গান লিখা প্ৰতিযোগিতাৰ আয়োজন কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে ।

তেজপুৰ, ১৫ ছেপ্টেম্বৰ : বহু ঐতিহাসিক স্মৃতি বিজড়িত হৈ আছে শোণিতপুৰত । জিলাখনৰ পৰ্যটনস্থলীসমূহৰ বিকাশৰ বাবে জিলা প্ৰশাসনে সময়ে সময়ে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি আহিছে । বুধবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক সংবাদমেলত উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে জনায় যে, শোণিতপুৰ জিলাৰ পৰ্যটন উদ্যোগৰ সৈতে খাপ খোৱাকৈ এক শ্ল'গান লিখা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । এই প্ৰতিযোগিতাত জিলাখনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি সকলো বয়সৰ নাগৰিকে অংশ গ্ৰহণ কৰিব পাৰিব ৷

Inspirational slogan writing competition
শোণিতপুৰত উদগনিমূলক শ্ল'গান লিখা প্ৰতিযোগিতা

প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে ইচ্ছুক ব্যক্তিয়ে তেওঁলোকৰ শ্ল'গানসমূহ ইংৰাজী অথবা অসমীয়া ভাষাত লিখি ২৫ ছেপ্টেম্বৰৰ পূৰ্বে "issdctezpur@gmail.com" ত মেইলযোগে প্ৰেৰণ কৰিব লাগিব । শ্ল'গান প্ৰেৰণ কৰা ব্যক্তি তথা ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ নাম, বয়স আৰু ম’বাইল নম্বৰ শুদ্ধকৈ লিখি প্ৰেৰণ কৰিব লাগিব ।

বুধবাৰে শোণিতপুৰৰ উপায়ুক্তগৰাকীয়ে সংবাদমেলত এই প্ৰতিযোগিতাখনৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে । ২৭ ছেপ্টেম্বৰত বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি এই শ্ল'গান প্ৰতিযোগিতা আয়োজন কৰা হৈছে । শ্ৰেষ্ঠ ১০ গৰাকী অংশগ্ৰহণকাৰীক জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰমান পত্ৰ আগবঢ়োৱাৰ উপৰিও প্ৰথম তিনিগৰাকী শ্ৰেষ্ঠ শ্ল'গান লেখকক ক্ৰমে ৫০০০, ৩০০০ আৰু ২০০০ টকা প্ৰদান কৰি পুৰস্কৃত কৰা হ'ব বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ৷

Inspirational slogan writing competition
পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ উদ্দেশ্যেৰে এই পদক্ষেপ গ্ৰহণ

উল্লেখ্য যে, শোণিতপুৰ জিলাত পৰ্যটন ক্ষেত্ৰত যথেষ্ট সমল আছে । তেজপুৰত চহৰত থকা অগ্নিগড়, চিত্ৰলেখা উদ্যান, শৈলদ্বাৰৰ উপৰিও নামেৰী ৰাষ্ট্ৰীয় উদ্যান, জীয়াভৰলী নদীৰ এংলিং পৰ্যটন, ঢেকীয়াজুলিৰ শিঙৰীৰ গুপ্তেশ্বৰ দেৱালয়লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকৰ আগমন ঘটে । এই স্থানসমূহলৈ পৰ্যটকক অধিক আকৰ্ষিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । জিলা প্ৰশাসনে এই প্ৰতিযোগিতাত সকলোৰে সঁহাৰি কামনা কৰিছে ।

লগতে পঢ়ক: হিন্দু মহিলাৰ সৈতে মুছলমান পুৰুষৰ দ্বিতীয় বিবাহ অবৈধ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.