সীমান্তত সেনাৰ অভিযানে সংকট নমাই আনিছে বিদ্ৰোহীৰ ভঁৰাললৈ

author img

By

Published : Sep 20, 2022, 9:49 PM IST

সীমান্তত সেনাৰ অভিযানে সংকট নমাই আনিছে বিদ্ৰোহীৰ ভঁৰাললৈ

ভাৰত-ম্যানমাৰ সীমান্তত বিদ্ৰোহী গোটৰ কাৰ্যকলাপ ৰোধৰ বাবে ভাৰতীয় সেনাই গ্ৰহণ কৰিছে বিশেষ তৎপৰতা ৷ ইতিমধ্যে সফলো হৈছে সেনা ৷ সেনাৰ অভিযানৰ ফলত বিদ্ৰোহী গোটসমূহৰ মাজত তীব্ৰ আৰ্থিক সংকটে দেখা দিয়াৰ খবৰ পোৱা গৈছে (Financial crisis at extremist camp) ৷

তেজপুৰ, ২০ ছেপ্টেম্বৰ: ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাই লাভ কৰিছে বৃহৎ সাফল্য ৷ উগ্ৰপন্থী বিৰোধী অভিযান কালত ম্যানমাৰ সীমান্তৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা বিদ্ৰোহী গোটৰ কাৰ্যকলাপ ৰোধ কৰিবলৈ সক্ষম হয় সুৰক্ষা বাহিনী । সেনাৰ দলে NSCN (KYA) গোটৰ এটা বৃহৎ দলৰ প্ৰৱেশো ৰোধ কৰে (Anti militant operation in Indo Myanmar border)।

সূত্ৰত প্ৰকাশ যে, যোৱা ৫-১০ ছেপ্টেম্বৰ ভিতৰত চলা প্ৰতিৰোধমূলক অভিযানৰ ফলত উগ্ৰপন্থী গোটৰ মাজত তীব্ৰ আৰ্থিক সংকটৰ সৃষ্টি হয় আৰু ম্যানমাৰৰ চাগাইং অঞ্চলৰ পৰা মন'ৰ নগা স্ব-প্ৰশাসনিক অঞ্চল, হকামটি জিলালৈ কেডাৰৰ স্থানান্তৰকৰণ ৰোধ কৰা হয় । উল্লেখ্য যে, অৰ্থ সংগ্ৰহ কৰাৰ বাবে এই পথসমূহেই ব্যৱহাৰ কৰে উগ্ৰপন্থী দলসমূহে । এই অভিযানৰ আন এক প্ৰভাৱ হ’ল- ভাৰতৰ ভিতৰত চোৰাং ড্ৰাগছ প্ৰচলন কৰাৰ ক্ষেত্ৰত সফল হোৱাৰ পাছতো এই উগ্ৰপন্থী গোটসমূহৰ বহুতেই ম্যানমাৰৰ ড্ৰাগছ কাৰ্টেলসমূহক ড্ৰাগছৰ বিনিময়ত দিবলগীয়া ধন দিব পৰা নাই (Drugs peddling in Indo Myanmar border)।

মন কৰিবলগীয়া যে, ১৭ আৰু ১৮ ছেপ্টেম্বৰত পিএলএ কেডাৰ আৰু ড্ৰাগ কাৰ্টেলৰ মাজত হোৱা এক সংঘৰ্ষৰ ফলত পিএলএৰ ৩ জন কেডাৰক ড্ৰাগছ কাৰ্টেলৰে হত্যা কৰে আৰু মৃতদেহকেইটা এটা গাঁতত পেলাই থৈছিল, কিন্তু পাছত সেনাৰ দলে মৃতদেহকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই ঘটনা ম্যানমাৰৰ নিউ কোৱাংখান কেম্প(NKC)ৰ মোমো ভিলেজত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠন(Extremist group of North East) এন এছ চি এন, আলফা আৰু পি এল এৰ তিনিটা প্ৰধান গোটৰ শিৱিৰ ভাৰত-ম্যানমাৰ সীমান্তৰ সিপাৰে আছে, য’ৰ পৰা গোটসমূহে নিজৰ স্থিতি নিশ্চিত কৰিবলৈ বিভিন্ন কাম-কাজত লিপ্ত হয় । এই গোটসমূহে চলাই অহা ধন সংগ্ৰহৰ ৰেকেটটোক লক্ষ্য কৰি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু নিৰাপত্তা বাহিনীয়ে যৌথভাৱে প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে ।

মনকৰিবলগীয়া যে, ভাৰত-ম্যানমাৰ সীমান্তৰ সিপাৰে থকা সামৰিক শিৱিৰসমূহত নেতৃত্বৰ লগতে কেডাৰসকলেও তেওঁলোকৰ উপস্থিতি বজাই ৰাখে কেৱল ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে । ভাৰতীয় নিৰাপত্তা বাহিনীয়ে সীমান্তত তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে পি এল এ, আলফা আৰু এন এছ চি এনৰ দুয়োটা শিৱিৰত বৃহৎ পৰিমানে নগদ ধনৰ নাটনি হৈছে(Financial crisis at extremist camp)৷ ফলত কেডাৰসকলে নিজৰ অভাৱ পূৰণৰ বাবে বহু নতুন উপায় অৱলম্বন কৰিছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, ইতিমধ্যে লাভ কৰা খবৰ অনুসৰি বিদ্ৰোহী সংগঠনৰ গোটসমূহে নিজৰ কেডাৰসকলক ধন দিবলৈ সক্ষম হোৱা নাই ৷ আনকি ড্ৰাগছ ব্যৱসায়ীসকলে চোৰাংভাৱে সৰবৰাহ কৰি বিক্ৰী কৰা ড্ৰাগছৰ ধনখিনিও ঘূৰাই দিব নোৱৰাৰ দৰে অৱস্থা হৈছে ।

লগতে পঢ়ক: দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জিম্মাত দুজন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.