Fake gold smuggling in Assam: গুদামঘাটত নকল সোণসহ গ্ৰেপ্তাৰ সাত সৰবৰাহকাৰী

author img

By

Published : May 20, 2023, 6:04 PM IST

Fake gold smuggler arrested

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নকল সোণৰ ৰমৰমীয়া বেহা ৷ একাংশ অসাধু চক্ৰই ৰাজ্যত অব্যাহত ৰাখিছে নকল সোণৰ সৰবৰাহ আৰু বিক্ৰী ৷ এইবাৰ চাৰিদুৱাৰ আৰক্ষীয়ে নকল সোণসহ গ্ৰেপ্তাৰ কৰিলে সৰবৰাহকাৰী (Fake gold smuggler arrested)।

ৰঙাপৰা, ২০ মে': সমগ্ৰ ৰাজ্যতে নকল সোণৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান চলিছে (Fake gold smuggler arrested in Sonitpur)। সমান্তৰালভাৱে শোণিতপুৰ জিলাতো আৰক্ষীয়ে নকল সোণৰ ব্য়ৱসায়ীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । জিলাখনৰ গুদামঘাটত দীৰ্ঘদিনৰ পৰা নকল সোণৰ ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে । গুদামঘাট অঞ্চল সম্প্ৰতি নকল সোণৰ বেহাৰ ঘাটিত পৰিণত হোৱাটো সৰ্বজনবিদিত ।

চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত গুদামঘাটত আৰক্ষীয়ে বিগত কিছু দিনৰে পৰা নকল সোণৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে । নকল সোণৰ বিৰুদ্ধে চাৰিদুৱাৰ আৰক্ষীৰ অভিযান চলোৱাৰ সময়ত ইজনৰ পিচত সিজনকৈ জালত পৰিছে নকল সোণৰ বেপাৰী । শনিবাৰে পুৱতি নিশা চাৰিদুৱাৰ আৰক্ষীয়ে অভিযান চলাই গুদামঘাট অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে সাতটাকৈ নকল সোণৰ সৰবৰাহকাৰীক (Fake gold Seized in Sonitpur)।

আৰক্ষীয়ে গুদামঘাটৰ হাবিবুৰ ইছলাম আৰু নিজামউদ্দিন বাসগৃহৰ পৰা প্ৰায় তিনি কিলোগ্ৰাম ওজনৰ নকল সোণৰ বিস্কুট আৰু নকল সোণৰ নাও জব্দ কৰিবলৈ সক্ষম হয় । চাৰিদুৱাৰ আৰক্ষীয়ে গুদামঘাটৰ আব্দুল জলিলৰ পুত্ৰ বাহাৰুল আলী (২৪), হাটেম আলিৰ পুত্ৰ লিয়াফট আলী(৩৮), অকাবস্তি মিৰি গাঁৱৰ আমিৰ উদ্দিনৰ পুত্ৰ হাবিবুৰ ইছলাম (৩০), অকাবস্তি বঙালী গাঁৱৰ আবু আলীৰ পুত্ৰ ৰবিকুল ইছলাম (২৩), কেকুকলি নেপালী গাঁৱৰ কাছেম আলীৰ পুত্ৰ নিজাম উদ্দিন (২৬), অকাবস্তি বঙালী গাঁৱৰ আব্দুল ৰছিদৰ পুত্ৰ আব্দুল ছালাম (৩৯) আৰু নিজাম উদ্দিনৰ পুত্ৰ হাৰমুজ আলীক (২০)গ্ৰেপ্তাৰ কৰে ।

প্ৰনিধানযোগ্য যে যোৱা বৃহস্পতিবাৰে চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত গুদামঘাটৰ পৰা এক কিলোগ্ৰাম নকল সোণসহ এজনৰ গ্ৰেপ্তাৰ কৰিছিল চাৰিদুৱাৰ আৰক্ষীয়ে । পুৱতি নিশা চাৰিদুৱাৰ আৰক্ষীয়ে অভিযান চলাই ছামছুল আলী নামৰ এজন নকল সোণৰ বেপাৰীক গ্ৰেপ্তাৰ কৰিছিল । নকল সোণৰ নাও বা বিস্কুট তৈয়াৰ কৰি প্ৰকৃত সোণ বুলি নানান প্ৰলোভন দি সৰবৰাহকাৰীয়ে একাংশ লোকক বিক্ৰী কৰি ঠগাই আহিছে । ইফালে, ধৃত লোক কেইজনৰ বিৰুদ্ধে চাৰিদুৱাৰ আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি আদালতত হৈজিৰ কৰোৱাত আদালতে আটাইকেটাকে জে’ল হাজোতলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Jorhat porn video incident:যোৰহাট অশ্লীল ভিডিঅ’ ঘটনাৰ উচিত ন্যায় বিচাৰি পুনৰ প্ৰতিবাদত নামিল মহিলা সমাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.