Eviction drive in Sonitpur: শোণিতপুৰত বেদখলীকৃত ভূমিত পুনৰ চলিছে উচ্ছেদ

author img

By

Published : Mar 14, 2023, 10:29 PM IST

Eviction drive in Chariduwar

শোণিতপুৰত জিলা প্ৰশাসনে হোলাৰ লগতে নদীৰ পাৰত উচ্ছেদ অভিযান আৰম্ভ কৰিছে । জিলাখনৰ গাৰুৱানপট্টি মহাভৈৰৱ ,পৰুৱা আৰু ভৈৰৱপদ টিলাৰ অধীনত থকা হোলাত চলি আহিছে বেদখল (Encroachment in Tezpur) ।

তেজপুৰ, ১৪ মাৰ্চ: শোণিতপুৰ জিলাত পুনৰ আৰম্ভ হৈছে উচ্ছেদ অভিযান (Eviction drive in Tezpur)। এইবাৰ জিলা প্ৰশাসনে হোলা সমূহত উচ্ছেদ অভিযান চলাইছে । তেজপুৰ চহৰৰ লগতে চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অধীনত চলিছে এই উচ্ছেদ অভিযান (Eviction drive in Chariduwar)। তেজপুৰ সদৰত উচ্ছেদৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে প্ৰস্তুতি চলাইছে ।

তেজপুৰ সদৰ ৰাজহ চক্ৰৰ অধীনত গাৰুৱানপট্টি মহাভৈৰৱ, পৰুৱা আৰু ভৈৰৱপদ টিলাৰ অধীনত থকা হোলা সমূহত চলি থকা বেদখলীকৃত ভূমিসমূহত উচ্ছেদ চলোৱাৰ পৰিকল্পনা হাতত লৈছে জিলা প্ৰশাসনে । হোলাসমূহ বন্ধ কৰি একাংশ লোকে ঘৰ সজাৰ লগতে বসতি স্থাপন কৰাত বাৰিষা কালত এই স্থানত কৃত্ৰিম বান পানীৰ সৃষ্টি হয় (Encroachment in Tezpur) ।

আনহাতে, শোণিতপুৰ জিলাৰ বালিপৰাত সোমবাৰে জিলা প্ৰশাসনে বাৰিষা অতিৰিক্ত পানী ওলাই যাব পৰা পথৰ বাধা সমূহ আঁতৰাবলৈ আৰম্ভ কৰিছে উচ্ছেদ অভিযান (Eviction drive at Balipara) ৷ উল্লেখযোগ্য যে, চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গুদামঘাট, পুৰণি হাটখোলা আৰু গুদামঘাট মিৰি অঞ্চলত জিলা প্ৰশাসনে এই উচ্ছেদ অভিযান আৰম্ভ কৰে ৷

এই অঞ্চলসমূহত একাংশ লোকে মানশিৰি আৰু জৰাসৰ নৈৰ পানী বাৰিষা স্বাভাৱিকভাৱে ওলাই যোৱাত বাধাৰ সৃষ্টি কৰি নৈৰ পাৰত ওখ পাৰ বান্ধি অবৈধভাবে পুখুৰী খান্দিছিল (Jarasar River in Sonitpur) ৷ নৈৰ স্বাভাৱিক গতি ৰোধ কৰি এনেদৰে এই তিনিটা অঞ্চলতে খন্দা হৈছিল ৮০টাৰ অধিক পুখুৰী ৷ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অধীনত একোটা পুখুৰী খন্দা হৈছিল ১৫ বিঘাকৈ মাটিত ৷ ফলস্বৰূপে নৈৰ স্বাভাৱিক প্ৰৱাহত বাধা হৈ বৃহত্তৰ বালিপৰাত সৃষ্টি হৈছিল বান পানীৰ সমস্যা ৷

উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ সময়ত পুখুৰী সমূহৰ একাংশ গৰাকীয়ে পুখুৰীৰ মাছ উঠাই বজাৰলৈ নিয়ে ৷ বালিপৰাত জৰাসৰ আৰু মানশিৰি নৈৰ বান প্ৰতিবছৰেই এক বৃহৎ সমস্যা হৈ দেখা দিছে । ইয়াৰ আশে-পাশে থকা প্ৰায়সমূহ প্ৰাকৃতিক নলা তথা পথাৰ পুতি নিৰ্মাণ কাৰ্য চলাই আহিছে একাংশ লোকে ৷

আজি পুৱা নিৰাপত্তাবাহিনী সহ এস্কেভেটৰৰ সহায়ত একাংশ পুখুৰীৰ পাৰ খহোৱাৰ লগতে বাকী পুখুৰী সমূহৰ ক্ষেত্ৰতো একেই ব্যৱস্থা গ্ৰহণ কৰা হয় । আনহাতে, এই তিনিটা অঞ্চলৰ উপৰি অকাবস্তি বঙালিকে ধৰি নৈপৰীয়া আন একাধিক অঞ্চলতো চৰকাৰী ভূমিত এনেদৰে প্ৰকাণ্ড পুখুৰী খন্দা হৈছে ৷ তেনেবোৰ পুখুৰীৰ ক্ষেত্ৰতো অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰিছে প্ৰশাসনে ।

লগতে পঢ়ক:Protest in Guwahati: ছেবাৰ বিৰুদ্ধে প্ৰতিবাদেৰে মহানগৰী কঁপালে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.