গাভৰুৰ ভয়ংকৰ ৰূপ: ঢেকিয়াজুলিৰ মেঘাই জাৰনিত চিগিল মথাউৰি

author img

By

Published : Jul 4, 2022, 9:19 AM IST

embankment erosion in gabharu river at dhekiajuli

ঢেকিয়াজুলিৰ মেঘাই জাৰনিত খৰস্ৰোতা গাভৰু নৈৰ তাণ্ডৱ । নৈৰ বাঢ়নী পানীয়ে ভাঙিলে মথাউৰি(Embankment broken by Gavoru river water) । পাঁচখন গাঁৱলৈ কঢ়িয়াইছে ভয়ংকৰ বিপদ(Danger to five villages) । মথাউৰিৰ ভগ্ন অংশ মেৰামতিত দিনে-নিশাই ব্যস্ত জলসম্পদ বিভাগ ।

ৰঙাপাৰা,৪ জুলাই: ৰাজ্যৰ বান পৰিস্থিতি শেহতীয়াকৈ কিছু উন্নত হৈছে যদিও ঠায়ে ঠায়ে বান আৰু খহনীয়াৰ তাণ্ডৱ অব্যাহত আছে । এতিয়াও কমা নাই বহুকেইখন নৈৰ জলপৃষ্ঠ । অন্যান্য নৈ-উপনৈৰ সমান্তৰালকৈ খৰস্ৰোতা গাভৰু নৈখনো দুদিন পূৰ্বে উফন্দি উঠাত ঢেকিয়াজুলিৰ মেঘাই জাৰনিত থকা মুল মাথাউৰিটোৰ এটা অংশ চিগি পেলায়(Embankment broken by Gavoru river water) । গাভৰু নৈখনৰ জলপৃষ্ঠ হ্ৰাস পোৱাত সৌভাগ্যক্ৰমে চিগা মাথাউৰিৰে পানী বাগৰি নোযোৱাত ভয়ংকৰ বানৰ পৰা ৰক্ষা পৰে পাঁচখনকৈ গাওঁ ৷

খৰস্ৰোতা গাভৰু নৈৰ ভয়ংকৰ ৰূপ: ঢেকিয়াজুলিৰ মেঘাই জাৰনিত চিঙিলে মথাউৰি

মেঘাই জাৰনি গাঁৱৰ এই ভঙা মাথাউৰিৰে পানী বাগৰিলে অঞ্চলটোৰ বৰবিল, মেঘাই জাৰনি ,বৰবিল পথাৰ, বৰবিল কছাৰী, ঘটুৱা গাওঁ বানৰ কবলত পৰাৰ লগতে বিস্তীৰ্ণ কৃষিভূমি সম্পূৰ্ণৰূপে প্লাৱিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছিল ৷ এই ভগ্ন মাথাউৰিয়ে বিপদ কঢ়িয়াইছে উক্ত গাওঁকেইখনলৈ(Danger to five villages) ৷ ইফালে সমগ্ৰ খৰালি কালচোৱাত জৰাজীৰ্ণ মাথাউৰি মেৰামতি নকৰা জলসম্পদ বিভাগে এতিয়া ভগ্ন মাথাউৰিত জোৰা-টাপলি মাৰিবলৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে ৷

মন্ত্ৰী অশোক সিংঘালৰ নিৰ্দেশৰ পিছতেই জলসম্পদ বিভাগৰ তেজপুৰ সংমণ্ডলৰ মুখ্য কাৰ্যবাহী অভিযন্তা, সহকাৰী কাৰ্যবাহী অভিযন্তাকে ধৰি বিষয়া কৰ্মচাৰীয়ে দিনে নিশাই ব্যস্ত হৈ পৰিছে ভগ্ন মথাউৰি মেৰামতি কৰাত । যুদ্ধকালিনভাৱে চিগা মাথাউৰিত মেগা বেগ, জিঅ বেগ, পাৰ্কুপাইন দি মেৰামতি কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: যোৰহাটৰ চিপাহীখোলাত গৰু বজাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.