ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাত উদ্ধাৰ বনৰীয়া হাতীৰ পোৱালি

author img

By

Published : Oct 1, 2022, 8:10 PM IST

Elephant calf rescue at Dhendai Tea Estate at Rangapara

ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাত বনৰীয়া হাতীৰ পোৱালি উদ্ধাৰ ৷ প্ৰায় 3 মহীয়া হাতীৰ পোৱালিটো জাকৰ পৰা ফালৰি কাটি এটা নলাত পৰি আছিল ৷ তাৰ পৰাই স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰা হয় হাতীৰ পোৱালিটোক ৷

ৰঙাপৰা, 1 অক্টোবৰ : ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ (Elephant menace in Assam)। ইয়াৰ মাজতে শনিবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাত উদ্ধাৰ কৰা হয় এটা বনৰীয়া হাতীৰ পোৱালি (Elephant calf rescue at Dhendai Tea Estate) ।

তথ্য অনুসৰি, দিনৰ প্ৰায় 11 বজাত ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ধেন্দাই চাহ বাগিচাৰ 27 নং চেকচনৰ নলাৰ মাজত এটা হাতীৰ পোৱালিৰ আৰ্তনাদ শুনিবলৈ পাইছিল অঞ্চলটোৰ ৰাইজে ৷ হাতীৰ পোৱালিৰ আৰ্তনাদ শুনি উক্ত স্থানত ভিৰ কৰেহি অঞ্চলটোৰ ৰাইজে ৷ তাৰ পাচত একাংশ শ্ৰমিকে অঞ্চলটোৰ ৰাইজৰ সহযোগত নলাৰ পৰা উদ্ধাৰ কৰে হাতীৰ পোৱালিটোক ৷

Elephant calf rescue at Dhendai Tea Estate at Rangapara
ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাত উদ্ধাৰ বনৰীয়া হাতীৰ পোৱালি

ইফালে উক্ত ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষী তথা বন বিভাগৰ লোকক ৷

খবৰ পোৱাৰ মাত্ৰেই উক্ত স্থানত উপস্থিত হয় আমাৰবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীসকলৰ লগতে ৰঙাপৰা আৰক্ষী থানাৰ আৰক্ষী বিষয়া (Elephant calf rescue) ৷ আৰক্ষী তথা বন বিষয়াসকলে পৰৱৰ্তী সময়ত উদ্ধাৰ হোৱা হাতীৰ পোৱালিটোক মাকৰ সৈতে লগ কৰাই দিয়াৰ উদ্দেশ্যে তাৰাজুলি চাহ বাগিচাত (Dhendai Tea Estate at Rangapara) এৰি দিয়ে ৷ জানিব পৰা মতে, ৰঙাপৰাত উদ্ধাৰ হোৱা হাতীৰ পোৱালিটোৰ বয়স প্ৰায় 3 মাহ ৷

লগতে পঢ়ক : বিহালীত নলাত পৰি বনৰীয়া হাতী পোৱালিৰ মৃত্যু

উল্লেখ্য যে, বিগত কেবাদিন ধৰি ধেন্দাই চাহ বাগিচাৰ আশে-পাশে প্ৰায় 50 জনীয়া এটা হাতীৰ জাকে বিচৰণ কৰি আছিল (Elephant terror at Dhendai Tea Estate) ৷ সেই হাতীৰ জাকটোৰ পৰাই শনিবাৰে ৰঙাপৰাত উদ্ধাৰ হোৱা হাতীৰ পোৱালিটো ফালৰি কাটি আহিছিল বুলি অনুমান কৰিছে অঞ্চলটোৰ ৰাইজে ৷

ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাত উদ্ধাৰ বনৰীয়া হাতীৰ পোৱালি

ইফালে মাকক বিচাৰি হাবাথুৰি খোৱা পোৱালিটোৱে আৰ্তনাদে এক প্ৰকাৰে জোকাৰি গৈছিল সকলোৰে হৃদয় ৷ পৰৱৰ্তী সময়ত হাতীৰ পোৱালিটোক মাকে আঁকোৱালি লোৱাত স্বত্বিৰ নিশ্বাস পেলাইছে বন বিভাগ আৰু স্থানীয় ৰাইজে ।

লগতে পঢ়ক : জীৱৰ মমতা : নদীৰ বুকুৰ পৰা কণমানি হাতী পোৱালিক উদ্ধাৰ কৰিলে মাতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.