Commander in Chief Raana Pratap Kalita: তেজপুৰত উপস্থিত হ'ব সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী

author img

By

Published : Aug 2, 2022, 2:23 PM IST

Commander in Chief Raana Pratap Kalita

ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডাৰ জেনেৰেল অফিচাৰ অব কমাণ্ডিঙ ইন চীফ ৰানা প্ৰতাপ কলিতাই মঙলবাৰে প্ৰথমবাৰৰ বাবে ৪ দিনীয়া ভ্ৰমন কাৰ্যসূচীৰে তেজপুৰত উপস্থিত হ'ব(Eastern Commander General Officer of Commanding in Chief Rana Pratap Kalita)।সেনা বাহিনীৰ সূত্ৰই এই ভ্ৰমণ কাৰ্যসূচীৰ বিষয়ে সদৰি কৰিছে ।

তেজপুৰ, ২আগষ্ট:ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডাৰ জেনেৰেল অফিচাৰ অব কমাণ্ডিঙ ইন চীফ ৰানা প্ৰতাপ কলিতাই মঙলবাৰে প্ৰথমবাৰৰ বাবে ৪ দিনীয়া ভ্ৰমন কাৰ্যসূচীৰে তেজপুৰত উপস্থিত হ'ব(Eastern Commander General Officer of Commanding in Chief Rana Pratap Kalita)।উল্লেখ্য় যে ইষ্টাৰ্ণ কামাণ্ডৰ মুখ্য সেনা বিষয়াৰূপে কাৰ্যভাৰ গ্ৰহণৰ পিছত তেওঁ প্ৰথমবাৰৰ বাবে তেজপুৰ ভ্ৰমণ কৰিব ।

সেনা বাহিনীৰ সূত্ৰই সদৰি কৰা মতে, মঙলবাৰে তেজপুৰ বায়ুসেনাৰ ঘাটি বায়ুসেনাৰ বিমানেৰে উপস্থিত হৈ তেজপুৰ চতুৰ্থ ক'ৰৰ জি অ চি আৰু বায়ুসেনাৰ বিষয়াই আদৰণি জনোৱাৰ পিছত হেলিকপ্টাৰৰে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ ৰাওনা হ'ব(GOC of 4th Coor)। বিয়লি অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ডঃব্ৰিগেদিয়াৰ বি ডি মিশ্ৰৰ লগত সাক্ষাৎকাৰ কৰিব(Governor of Arunachal Pradesh Dr brigadier BD Mishra)।জেনেৰেল কলিতাই নিশা ৰাজ্যপাল ভৱনত কটাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু আন মন্ত্ৰীসকলৰ লগত এখন বৈঠকত মিলিত হ'ব ।

Commander in Chief Raana Pratap Kalita
তেজপুৰত উপস্থিত হ'ব সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী

আনহাতে, বিয়লি তেওঁ তেজপুৰলৈ উভতি আহিব । তেজপুৰত বিয়লি সেনাৰ চতুৰ্থ ক'ৰৰ জি অ চি আৰু অন্যান্য বিষয়াৰ লগত বৈঠকত মিলিত হ'ব বুলি সেনাৰ সূত্ৰত প্ৰকাশ । জেনেৰেল কলিতাই অহা ৪ আগষ্টত তেজপুৰৰ পৰা টাৱাঙৰ সেনাৰ ঘটিত উপস্থিত হৈ ভাৰত-চীন, ভাৰত-তিব্বত সীমান্ত অঞ্চলৰ পৰিদৰ্শন কৰিব বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক:Assam CM with DC: উপায়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনামূলক বৈঠক

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.