Assam earthquake: সোমবাৰৰ পুৱাই অসম জোকাৰি গ’ল 4.4 প্ৰাৱল্যৰ ভূমিকম্পই

author img

By

Published : May 29, 2023, 11:03 AM IST

Updated : May 29, 2023, 11:49 AM IST

Assam earthquake

সোমবাৰৰ পুৱাই ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য ৷ ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল 4.4 (Assam earthquake update) ৷

তেজপুৰ, 29 মে’ : সোমবাৰৰ ৰাতিপুৱাই এটা ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য ৷ তেজপুৰৰ নিকটৱৰ্তী শোণিতপুৰ এই ভূমিকম্পৰ উৎপত্তিস্থল বুলি জানিব পৰা গৈছে (Assam earthquake today) ৷ ভূমিকম্পটো ভূ-পৃষ্ঠৰ পৰা মাত্ৰ 15 কিলোমিটাৰ গভীৰতাত সৃষ্টি হৈছিল ।

Assam earthquake
অসমত অনুভূত হ’ল 4.4 প্ৰাবল্যৰ ভূমিকম্প

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰ (National Center for Seismology,NCS) ই জনোৱা মতে ৰিখটাৰ স্কেলত সোমবাৰৰ এই ভূমিকম্পৰ প্ৰাৱল্য আছিল 4.4 ৷ পুৱা 8 বাজি 3 মিনিটত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৷

  • Earthquake of Magnitude:4.4, Occurred on 29-05-2023, 08:03:35 IST, Lat: 26.68 & Long: 92.35, Depth: 15 Km ,Region: Sonitpur, Assam, India for more information Download the BhooKamp App https://t.co/GKjIWyxS2g pic.twitter.com/Jyn2nXck2X

    — National Center for Seismology (@NCS_Earthquake) May 29, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আজি অৰ্থাৎ সোমাবাৰে অহা ভূমিকম্পটোৰ ফলত গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত কেই ছেকেণ্ডমানৰ বাবে জোকাৰণি বাৰুকৈয়ে অনুভূত হয় ৷ বাতৰি যুগুত কৰা সময়লৈকে অৱশ্যে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ বাতৰি আমাৰ হাতত পৰা নাই ৷

ভূমিকম্পৰ জোকাৰণিৰ অনুভৱ সকলোৱে টুইটাৰত শ্বেয়াৰ কৰিছে (Assam earthquake 2023) ৷ গুৱাহাটীৰ কাষৰীয়া মেঘালয় আৰু অৰুণাচল প্ৰদেশো জোকাৰি গ’ল এই ভূমিকম্পই ৷ অধিক তথ্যৰ অপেক্ষা কৰি থকা হৈছে ৷

উল্লেখ্য যে পূৰ্বতেও শোণিতপুৰক কেইবাটাও ভূমিকম্পৰ উৎপত্তিস্থল হিচাপে পোৱা গৈছে (Earthquake hits Assam Sonitpur) ৷ বিগত 2021 চনৰ এপ্ৰিল মাহৰ 28 তাৰিখে অহা 6.8 প্ৰাৱল্যৰ ভূমিকম্পৰ উৎপত্তিস্থলো শোণিতপুৰ আছিল আৰু ইয়াৰ পিছত এটা দিনতে চাৰিটা ডাঙৰ ভূমিকম্প অহাৰ পিচত এক সপ্তাহলৈকে মুঠ ৩৪ টা সৰু সৰু ভূমিকম্পৰ জোকাৰণি অনুভূত হৈ আছিল ।

উত্তৰ অসম ভূমিকম্প প্ৰবণ এলেকা হিচাপে চিহ্নিত হৈছে আৰু ইয়াৰ প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে চৰকাৰে সকলো জিলাতে দুৰ্যোগ প্ৰশমন বিভাগটোক পূৰ্বতকৈ শক্তিশালী কৰি তুলিছে । এই বিভাগটো স্থানীয় এছ ডি আৰ এফ ৰ উপৰিও কেন্দ্ৰীয় সংস্থা ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ লগতো সংযোগ কৰা হৈছে ।

উল্লেখযোগ্য যে ২০২১ চনৰ ভূমিকম্পটোও শোণিতপুৰৰ ঢেকীয়াজুলিৰ সমীপত হৈছিল আৰু ইয়াৰ ফলত তেজপুৰ ডিপোতাৰ নদীৰ সমীপত পথাৰৰ মাটি ফাটি পানী ওলাইছিল আৰু নদীৰ পানীত বুৰবুৰণিৰ সৃষ্টি হৈছিল । এই ঘটনাৰ পিচতে কেন্দ্ৰীয় ভূ-বিজ্ঞানীৰ এটা দল তেজপুৰলৈ ৰাওনা হয় আৰু তেওঁলোকে ইয়াৰ উৎপত্তিৰ বিষয়ে এক বিশদ পৰ্যালোচনা চলাইছিল ।

আনহাতে দেওবাৰে দেশৰ ৰাজধানী দিল্লীত সামান্য প্ৰাবল্যৰ ভূমিকম্প অনভূত হৈছিল ৷ পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়ৰ বিভিন্ন অংশত এই ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰে জনসাধাৰণে ৷

লগতে পঢ়ক : Wrestlers Protest: ভাৰতৰ খেলুৱৈসকলৰ লগত কৰা এনে আচৰণ সম্পূৰ্ণৰূপে নিন্দনীয়; অৰবিন্দ কেজৰিৱাল

Last Updated :May 29, 2023, 11:49 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.