APDCL Workers Press Conference: বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীকৰণৰ দাবী

author img

By

Published : Aug 4, 2022, 7:51 PM IST

Updated : Aug 4, 2022, 8:14 PM IST

APDCL

তেজপুৰত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ (Sonitpur Journalist Union) সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত সংগঠনটোৱে তেওঁলোকৰ দাবীসমূহ মানি নল’লে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰে ৷ উল্লেখযোগ্য যে বৰ্তমানে সমগ্ৰ ৰাজ্যত শক্তি বিভাগত সহায়ক, এমআৰবিচিকে ধৰি বিভিন্ন পদত প্ৰায় পাঁচ হেজাৰতকৈও অধিক অস্থায়ী কৰ্মচাৰী নিয়োজিত হৈ আছে ৷

তেজপুৰ, ৪ আগষ্ট : অসম ৰাজ্যিক বাহ্যিক উৎসৰ শক্তি শ্ৰমিক ইউনিয়নে (Assam State Outsource Power Labour Union) এপিডিচিএলৰ (APDCL) অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ (Demand of Regularization of temporary employee of APDCL) কৰা আৰু যেতিয়ালৈকে নিয়মীয়াকৰণ নহয় তেতিয়ালৈকে উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি (Supreme Court Verdict) সমান কামৰ সমান দৰমহা দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে ৷

বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীকৰণৰ দাবী

তেজপুৰত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ (Sonitpur Journalist Union) সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত সংগঠনটোৱে তেওঁলোকৰ দাবীসমূহ মানি নল’লে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰে ৷ উল্লেখযোগ্য যে বৰ্তমানে সমগ্ৰ ৰাজ্যত শক্তি বিভাগত সহায়ক, এমআৰবিচিকে ধৰি বিভিন্ন পদত প্ৰায় পাঁচ হেজাৰতকৈও অধিক অস্থায়ী কৰ্মচাৰী নিয়োজিত হৈ আছে ৷

কিছুমান কৰ্মচাৰীৰ কৰ্মৰত অৱস্থাতে মৃত্যু হৈছে আৰু বহুকেইজন ঘূণীয়া হৈ বিছনাত পৰি আছে ৷ ঊৰ্ধ্বতন কৰ্তৃপক্ষই ন্যূনতম আৰ্থিক সাহায্য দিয়েই দায়িত্ব সামৰিছে বুলিও অভিযোগ কৰে সংগঠনটোৱে ৷ সেয়েহে ইউনিয়নৰ দাবী, মৃত্যু হোৱা এনে কৰ্মচাৰীৰ পৰিয়ালক এককালীন ১০ লাখ টকাৰ সাহায্য দিয়া (Demanding 10 lakh one time assistance) আৰু পৰিয়ালৰ এজন ব্যক্তিক স্থায়ী চাকৰিত নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে (Assam State Outsource Power Labour Union demanded job Regularization) ৷

তদুপৰি, কৰ্মৰত অৱস্থাত দুৰ্ঘটনাৰ সন্মুখীন হৈ ঘূণীয়া হোৱা আৰু সম্প্ৰতি শয্যাগত হৈ থকা সকলোকে সম্পুৰ্ণ সুস্থ হৈ নুঠালৈকে বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকৰ দায়িত্ব ল’ব লাগে বুলি দাবী জনাই ইতিমধ্যেই ৰাজ্যৰ মুখ্যমন্ত্ৰী (Irregular power employee demanded job Regularization), বিভাগীয় মন্ত্ৰী তথা ঊৰ্ধ্বতন কৰ্তৃপক্ষক স্মাৰক-পত্ৰ প্ৰদান কৰিছে যদিও এইসকলৰ পৰা আজিলৈকে কোনো ধৰণৰ সঁহাৰি পোৱা নাই বুলি সংবাদমেলত প্ৰকাশ কৰে (Memorandum to Chief Minister Himanta Biswa Sarma) ৷

সম্প্ৰতি স্মাৰ্ট মিটাৰ লগাবলৈ লোৱা আৰু নিয়ন্ত্ৰণ কক্ষৰ কৰ্মচাৰীৰ ঠিকাভিত্তিক ব্যৱস্থা কৰি ইউনিয়নৰ কৰ্মচাৰীসকলক নিঃশেষ কৰাৰ পৰিকল্পনা কৰা বুলিও অভিযোগ কৰে সংগঠনটোৱে ৷ উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ প্ৰাক্তন শক্তি মন্ত্ৰী বিমল বড়াই বিভাগটোৰ অস্থায়ী কৰ্মচাৰীসকলক অতিৰিক্ত লাভ হ'লে চাকৰি নিয়মীয়া কৰাৰ আশ্বাস দিছিল ৷

বৰ্তমান দুশ কোটিৰো অধিক টকা লাভ হোৱাৰ পিছতো অনিয়মীয়া কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া নকৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অস্থায়ী কৰ্মচাৰীসকলে (Power Minister of Assam) । তেওঁলোকে ক্ষোভ প্ৰকাশ কৰি কয় যে ক'ভিডৰ সময়ত এই কৰ্মচাৰীসকলক ব্যৱহাৰ কৰি লাভাম্বিত হোৱাৰ পিছতো কোনো গুৰুত্ব নিদিয়াকৈ বিষয়টো গাপ দিবলৈ চেষ্টা কৰি বিভাগটোত আনকি মন্ত্ৰীগৰাকীকে সলনি কৰি বিষয়টো ভিত্তিহীন কৰি পেলালে ।

লগতে পঢ়ক :Raijor Dol Protest: চৰকাৰী বিদ্যালয়ত শিক্ষাৰ গুণগত মান নিশ্চিত কৰাৰ দাবী ৰাইজৰ দলৰ

Last Updated :Aug 4, 2022, 8:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.