DAC election 2022 : ২২ নং গহপুৰ সমষ্টিত শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ সমাপ্ত

author img

By

Published : Nov 8, 2022, 5:38 PM IST

DAC election

মঙলবাৰে ৰাজ্যত অনুষ্ঠিত হয় দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন (DAC election polls)। গহপুৰ ২২ নং সমষ্টিত কোনোধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নোহোৱাকৈ নিৰ্বাচনৰ ভোট গ্ৰহণ সমাপ্ত হয় । সমষ্টিটোৰ মুঠ ৩ টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ ।

তেজপুৰ,৮ নৱেম্বৰ : দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গ্ৰহণ সমাপ্ত হয় (DAC polls finished)। বিশ্বনাথ জিলাৰ গহপুৰতো শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱা ভোটগ্ৰহণ ৪ বজাৰ লগে লগে সমাপ্ত হয় (DAC Polling ends peacefully in Gahpur constituency)। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছিল গহপুৰ ২২ নং সমষ্টিৰ দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন ।

জানিব পৰা মতে কোনোধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নোহোৱাকৈ নিৰ্বাচনৰ ভোট গ্ৰহণ সমাপ্তি হয় । সমষ্টিটোৰ মুঠ ৩ টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ । লক্ষণীয়ভাৱে সমষ্টিটোত বিৰোধী কংগ্ৰেছ দলে কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল ।

সমষ্টিটোত প্ৰতিদ্বন্দিতা আগবঢ়াইছে বিজেপিৰ প্ৰাৰ্থী শশাংক বৰদেউৰী, জেপিপিৰ হেমন্ত বৰদেউৰী আৰু আম আদমি পাৰ্টীৰ ৰাজু দেউৰী । ৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰা সমষ্টিটোত মুঠ ২ হেজাৰ ৭০ গৰাকী লোকে ভোটাধিকাৰ সাব্যস্ত কৰে । গহপুৰ মহকুমাৰ শান্তিপুৰ এম ই স্কুল, ধৰমপুৰ মাজলাইন আৰু ৪ নং বালিজান এলপি স্কুলকে ধৰি ৩ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হয় ভোট গ্ৰহণ । উল্লেখ্য যে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ২২ টা সমষ্টিৰ ভিতৰত বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিতো একমাত্ৰ সমষ্টি ।

ৰাজ্যৰ ৬ খন জিলাত উপগ্ৰহীয়ভাৱে থকা মুঠ ২২ টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হয় দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গ্ৰহণ ৷ আটাইকেইটা সমষ্টিতে সৰ্বমুঠ ৪৩,৫৯৫ গৰাকী ভোটাৰ আছে (Total voter of DAC election 2022) ৷ ইয়াৰে ২১,৪১২ জন পুৰুষ আৰু ২২,১৮৩ গৰাকী মহিলা ভোটাৰ ৷ ভোটগ্ৰহণ মুঠ ৯৩ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হয় ৷ এইবাৰৰ নিৰ্বাচনত মুঠ ৭৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব ৷

লগতে পঢ়ক :DAC election 2022 : ধেমাজিতো দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহন প্ৰক্ৰিয়া আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.