অৰুণাচল প্ৰদেশৰ ছয় সীমান্তৱৰ্তী ALG ত যাত্ৰীবাহী ঘৰুৱা বিমান সংযোগৰ চুক্তি স্বাক্ষৰ

author img

By

Published : Sep 27, 2021, 1:48 PM IST

Contract signing for ALG flight

অৰুণাচল প্ৰদেশৰ ছয়খন সীমান্তৱৰ্তী এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ডত যাত্ৰীবাহী ঘৰুৱা বিমান সংযোগৰ চুক্তি স্বাক্ষৰ । দেওবাৰে এই চুক্তি স্বাক্ষৰ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ।

তেজপুৰ, 27 ছেপ্তেম্বৰ : অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী স্থানত ভাৰতীয় বায়ু সেনাই পুনঃনিৰ্মাণ কৰা এডভাঞ্চ লেণ্ডিং ক্ষেত্ৰ(ALG) এতিয়া যাত্ৰীৰ সংযোগ বৃদ্ধিৰ বাবে Fixed Wing বিমানৰ দ্বাৰা ব্যৱহাৰ কৰা হ'ব । এই কথা টুইটযোগে সদৰী কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে । দেওবাৰে হিন্দুস্তান এৰ’নটিক্স লিমিটেডে (HAL) এলায়েঞ্চ এয়াৰৰ সৈতে এই সম্পৰ্কত এক চুক্তি স্বাক্ষৰ কৰে ৷

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ আঞ্চলিক সংযোগ আঁচনি ‘উড়ান’ (UDAN) ৰ অধীনত অৰুণাচল প্ৰদেশ পৰিচালনাৰ বাবে মেড ইন ইণ্ডিয়া ডৰ্ণিয়াৰ DO 228 নামৰ ১৬ খন আসনৰ বিমান লীজত দিয়াৰ বাবে চুক্তি স্বাক্ষৰ কৰা হয় । ডিঅ'-২২৮ বিমানখনে মেচুকা, টুটিং, বিজয় নগৰ, জিৰ’, পাছিঘাট আৰু তেজুৰ দৰে সীমান্তৱৰ্তী স্থানৰ যাত্ৰীসকলৰ সৈতে সংযোগ স্থাপন কৰিব । এই তথ্য সদৰী কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী খাণ্ডুৱে ৷

Contract signing for ALG flight
যাত্ৰীবাহি ঘৰুৱা বিমান সংযোগৰ চুক্তি স্বাক্ষৰ

অৰুণাচল প্ৰদেশৰ দূৰৱৰ্তী স্থানত ভাৰতীয় বায়ু সেনাই পুনঃ নিৰ্মাণ কৰা আগতীয়া অৱতৰণ ক্ষেত্ৰসমূহ (ALG)ত এতিয়া যাত্ৰীৰ সংযোগ বৃদ্ধিৰ বাবে স্থিৰ-উইং বিমানৰ ব্যৱহাৰ কৰা হ'ব ।

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ কাৰ্যালয়ে জাৰি কৰা এক চৰকাৰী বিবৃতিত প্ৰকাশ পোৱা অনুসৰি, পাছিঘাট আৰু তেজু প্ৰথম পৰ্যায়ত সংযুক্ত হ'ব ৷ আনহাতে, দ্বিতীয় পৰ্যায়ত মেচুকা, টুটিং, বিজয়নগৰ আৰু জিৰ’ক সংযোগ কৰা হ'ব ।

লগতে পঢ়ক: গৰুখুটি কাণ্ডৰ সৈতে জড়িত দুজনক আটক

ডিৰাং আৰু দাপোৰিজোত জৰীপ কৰি থকা আৰু দুটা ALG তৃতীয় পৰ্যায়ত সংযোগ কৰা হ'ব ৷ ইফালে আকাশী পথেৰে কৰা এই সংযোগ অৰুণাচল প্ৰদেশৰ বাবে সংযোগৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ হৈ পৰিছে বুলি ব্যক্ত কৰিছে খাণ্ডুৱে ৷ উল্লেখ্য যে, ALG সমূহৰ কিছুমান চীন আৰু ম্যানমাৰৰ সীমাৰ ওচৰত অৱস্থিত ৷

এইসমূহ 1962 চনত চীনৰ সৈতে হোৱা যুদ্ধৰ পিছৰে পৰা অব্যৱহৃত হৈ আছিল । তেওঁলোকক শেহতীয়াকৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ে চীন সীমান্তত ভাৰতৰ প্ৰতিৰক্ষা প্ৰস্তুতি উন্নত কৰিবলৈ পুনৰ নিৰ্মাণ কৰিছিল । আনকি স্থানীয় বাসিন্দাসকলে দাবী কৰিছিল যে, অসামৰিক লোকসকলৰ পৰিবহনৰ বাবেও টাৰ্মিনেল নিৰ্মাণ কৰা উচিত ৷

এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকি খাণ্ডুৱে কয় যে, তেওঁৰ আশা আছিল ALG ক আগন্তুক সময়ত স্থিৰ উইং যাত্ৰী সেৱাৰ সৈতে সংযুক্ত কৰাৰ ৷ লগতে তেওঁ কয় যে, জিৰ’ আৰু টুটিঙত অসামৰিক যাত্ৰী টাৰ্মিনেল ভৱনটো বৰ্তমান নিৰ্মাণৰত হৈ আছে ৷ চলিত বৰ্ষৰ শেষৰফালে হয়তো এই টাৰ্মিনেল ভৱনটোৰ কাম সম্পূৰ্ণ হৈ উঠিব ৷

Contract signing for ALG flight
অৰুণাচল প্ৰদেশৰ ছয় সীমান্তৱৰ্তী ALG ত যাত্ৰীবাহি ঘৰুৱা বিমান সংযোগৰ চুক্তি স্বাক্ষৰ

লগতে পঢ়ক: ৰাজ্যৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

আনহাতে, মেচুকাতো আন এটা টাৰ্মিনেল নিৰ্মাণ কৰি থকা হৈছে ৷ যাৰ বাবে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে হোলোংগী বিমানবন্দৰ সম্পূৰ্ণ নোহোৱালৈকে ডিঅ'-২২৮ বিমানৰ কাৰ্যকৰী আধাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে ৷ এই বিমান সেৱা চুবুৰীয়া অসমৰ উত্তৰ লখিমপুৰ জিলাৰ লীলাবাৰীলৈ সম্প্ৰসাৰিত কৰিব পৰা যাব ৷ যাৰ দ্বাৰা ৰাজ্যৰ ৰাজধানী ইটানগৰলৈ অহা এই দূৰৱৰ্তী স্থানৰ যাত্ৰীসকলে বিমানৰ সুবিধা ল'ব পাৰিব ।

তদুপৰি হোলোংগী বিমানবন্দৰ সম্পূৰ্ণ নোহোৱালৈকে তেওঁ গুৱাহাটী বা ডিব্ৰুগড়ক ডৰ্ণিয়াৰ বিমানৰ কাৰ্যকৰী আধাৰ হিচাপে কাম কৰিবলৈ পৰামৰ্শ দিয়ে । অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ৰ সচিব সিং খাৰোলা, যুটীয়া সচিব ঊষা পাধি, ডিঅ'এনইআৰৰ সচিব লোক ৰঞ্জন, এইচএএলৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক, এলায়েঞ্চ এয়াৰৰ মুখ্য কাৰ্যবাহী বিষয়া আৰ মাধৱন, বিনোদ সুদে দেওবাৰৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: অসম সন্তান ড৹ বিনয় কুমাৰ শইকীয়ালৈ শান্তি স্বৰূপ ভাটনাগৰ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.