তেজপুৰত "Conservation of Forest and Wildlife book released" শীৰ্ষক গ্ৰন্থ উন্মোচন

author img

By

Published : Sep 22, 2022, 11:45 AM IST

Tezpur

বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত তেজপুৰৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তোক্ষেশ্বৰ বৰাই লিখি উলিয়াইছে "কনজাৰভেশ্যন অব ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ"(Conservation of Forest and Wildlife) শীৰ্ষক এখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ । বুধবাৰে শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত গ্ৰন্থখন উন্মোচন কৰা হয় ।

তেজপুৰ, ২২ ছেপ্টেম্বৰ : সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বতে অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হোৱা বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ (Forest and Wildlife Conservation) ওপৰত বিশ্লেষণাত্মক তথ্য আগবঢ়াই তেজপুৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়াই লিখি উলিয়াইছে "কনজাৰভেশ্যন অৱ ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ"(Conservation of Forest and Wildlife) শীৰ্ষক এখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ । বুধবাৰে এই গ্ৰন্থখন তেজপুৰস্থিত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত উন্মোচন কৰা হয় ।

তেজপুৰ নিবাসী অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত তথা এগৰাকী সক্ৰিয় সমাজকৰ্মী তোক্ষেশ্বৰ বৰাই নিজৰ কৰ্মজীৱনৰ বিভিন্ন মুহূৰ্তত দেখা পোৱা বন ধ্বংস আৰু বন্যপ্ৰাণীৰ অসুৰক্ষিত অৱস্থাৰ ওপৰত ৰচনা কৰা এলানি প্ৰবন্ধ কাকতত প্ৰকাশ পাইছিল । প্ৰকাশ পোৱা প্ৰবন্ধসমূহ সচেতন পাঠক সমাজৰ পৰা ব্যাপক প্ৰশংসা লাভ কৰাৰ পাছত গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হৈছে । তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথ, বিশিষ্ট গল্পকাৰ মাণিক বৰাকে ধৰি একাংশ লোকৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক ড০ ভূপেন শইকীয়াই (Conservation of Forest and Wildlife book released)।

Conservation of Forest and Wildlife book released
তোক্ষেশ্বৰ বৰাৰ গ্ৰন্থ কনজাৰভেশ্যন অব ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ

শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকাৰ পৌৰোহিত্যত আয়োজিত এই অনুষ্ঠানটোৰ আঁতধৰে তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই । অনুষ্ঠানৰ আৰম্ভণিতে গ্ৰন্থখনৰ লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তোক্ষেশ্বৰ বৰাই উল্লেখ কৰা মতে নিজৰ চাকৰি জীৱনত প্ৰত্যক্ষ কৰা বনাঞ্চল আৰু বন্যপ্ৰাণীৰ বিভিন্ন দিশ লগতে দুৰ্দশাৰ ছবিখন এই গ্ৰন্থখনত উপস্থাপন কৰিছে ।

আনহাতে গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰি ড০ ভূপেন শইকীয়াই কয় যে সমগ্ৰ বিশ্বৰ ভিতৰতে জৈৱ বৈচিত্ৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষ এখন উল্লেখযোগ্য দেশ । ভাৰতত ৪৭ হাজাৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু ৮১ হাজাৰ বন্যপ্ৰাণী আছিল যদিও বৰ্তমান ইয়াৰে ৪৫০ প্ৰজাতি উদ্ভিদ যেনেদৰে বিলুপ্ত হৈছে একেদৰে ১৫০ টা প্ৰজাতিৰ প্ৰাণীও বিলুপ্ত হোৱাৰ তথ্য উল্লেখ কৰে । লগতে অসমত থাকিব লগা ৩৩ শতাংশ বনাঞ্চলৰ ভিতৰত মাত্ৰ ১১ শতাংশ মানহে আছে বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে ।

Conservation of Forest and Wildlife book released
তোক্ষেশ্বৰ বৰাৰ গ্ৰন্থ কনজাৰভেশ্যন অব ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ

অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশ গ্ৰহণ কৰা শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথে যাদৱ পায়েঙৰ কৰ্ম আৰু আদৰ্শ ভালকৈ জানিলে বনাঞ্চল আৰু বন্যপ্ৰাণীৰ সংৰক্ষণৰ ক্ষেত্ৰত সকলো সজাগ হ'ব বুলি মন্তব্য কৰে । তেওঁ লগতে তোক্ষেশ্বৰ বৰাক প্ৰশংসা কৰি কয় যে এই ধৰণৰ গ্ৰন্থ এখন লিখি উলিয়াবলৈ কঠোৰ সাধনাৰ প্ৰয়োজন ।

লগতে পঢ়ক :বৰ্তমান সময়ত ভাৰতত শিক্ষাৰ্থীৰ বাবে স্বৰ্ণিল কাল চলি আছে : অশোক সিংহাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.