অৰুণাচল প্ৰদেশৰ চেচাত ডাৱৰ বিস্ফোৰণ

author img

By

Published : Sep 19, 2021, 3:11 PM IST

cloud burst in arunachal pradesh

ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ভূমিস্খলনত মূল পথটোৰ কেইবাটাও অংশত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে ৷ দুদিন ধৰি ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা । পথৰ দাঁতিত আৱদ্ধ বহু যান-বাহন ৷

তেজপুৰ, ১৯ ছেপ্টেম্বৰ : অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ চেচা আৰু নেচিফু অঞ্চলত শুকুৰবাৰে মাজনিশা ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলত প্ৰচণ্ড ভূমিস্খলন সংঘটিত হয় । বৰ্ডাৰ ৰোডছৰ তৰফৰ পৰা জনোৱা তথ্য অনুসৰি, 17 ছেপ্টেম্বৰ আৰু 18 ছেপ্টেম্বৰৰ মাজনিশাৰ পৰা হোৱা এই ডাৱৰ বিস্ফোৰণ দেওবাৰৰ পুৱালৈকে অব্যাহত থাকে ৷

cloud burst in arunachal pradesh
অৰুণাচল প্ৰদেশৰ চেচাত ডাৱৰ বিস্ফোৰণ

ডাৱৰ বিস্ফোৰণৰ ফলত জিলাখনৰ পাঁচটা স্থান ধুৱলি-কুঁৱলি হৈ পৰে আৰু 55 কিল’মিটাৰৰ পৰা 99 কিল’মিটাৰলৈ প্ৰায় 20 টাতকৈ অধিক স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । ভূমিস্খলনৰ ফলত পথটোৰ কেইবাটাও অংশত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে ৷ যাৰফলত ভালুকপুঙৰ পৰা টাৱাং অভিমুখে যাত্ৰা কৰা আৰু টাৱাঙৰ পৰা ভালুকপুং আৰু তেজপুৰ আহিবলগীয়া যানবাহন বিগত দুদিন ধৰি পথৰ দাঁতিত আৱদ্ধ হৈ পৰে ।

cloud burst in arunachal pradesh
অৰুণাচল প্ৰদেশৰ চেচাত ডাৱৰ বিস্ফোৰণ

বৰ্তমান বৰ্ডাৰ ৰোডছৰ কৰ্মীয়ে পথটো পুনৰ মুকলি কৰাৰ কাম আৰম্ভ কৰিছে । 91 আৰ চি চি, 14 টি এফ, প্ৰকল্প ভৰ্তকৰ পৰা বি আৰ অ’ৰ সকলো কৰ্মচাৰী 18 ছেপ্টেম্বৰৰ পুৱা 6 বজাৰ পৰা পথটো পুনৰ মুকলি কৰাৰ কামত ব্যস্ত হৈ পৰে । ভূমিস্খলনৰ পিছতেই এইসকল লোক তাৎক্ষণিকভাৱে একত্ৰিত হৈ মুঠ 100 মিটাৰ পথ আৰু ভূমিস্খলন পাছত এফ এম এনৰ ওপৰত সংযোগ পুনৰুদ্ধাৰ কৰাৰ বাবে যুদ্ধৰগতিত কাম আৰম্ভ কৰে । প্ৰায় ৫৬.৪৫ কিল’মিটাৰ বন্ধ হৈ পৰা পথটোৰ পুনৰুদ্ধাৰৰ কাম নিশা তিনিটা চীফ্টত কৰা হৈছিল ।

cloud burst in arunachal pradesh
অৰুণাচল প্ৰদেশৰ চেচাত ডাৱৰ বিস্ফোৰণ

সম্প্ৰতি পথছোৱা মুকলি কৰাৰ বাবে চাৰিওটা ডিভিজনৰ প্ৰায় 30 টা জি আৰ ই এফ আৰু 70 চি পি এলৰ লগতে দুটা খননকাৰী, এটা চকাযুক্ত ড’জাৰ, ছয়চকীয়া জে চি বি আৰু 10 খন ডাম্পাৰ মোতায়েন কৰা হৈছে । বিষয়াসকলে তেওঁলোকৰ কৰ্মচাৰীসকলৰ সৈতে মিলি দেওবাৰে পুৱতি নিশাৰ ভিতৰত সংযোগ পুনৰুদ্ধাৰ কৰিবলৈ কমাণ্ডাৰৰ অধীনত থকা যান্ত্ৰিক ব্যৱস্থাৰ জৰিয়তে অহৰ্নিশে কাম কৰে । যাৰফলত শনিবাৰৰ নিশা বহু পলমকৈ দিনটো আৱদ্ধ হৈ থকা যান বাহনবোৰ পাৰ হ’বলৈ সক্ষম হয় ।

লগতে পঢ়ক : অভিশপ্ত বাঘজান কাণ্ডৰ পাছতো শিক্ষা নহ'ল নেকি অইল ইণ্ডিয়া লিমিটেডৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.