অৰুণাচলৰ ডিবাং ভেলীত তিনিটা নতুন সীমান্তচকী স্থাপনৰ সিদ্ধান্ত

author img

By

Published : Sep 19, 2022, 4:20 PM IST

Arunachal

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত সীমান্ত তালাচীচকী (BOP to be set up in Arunachal border) স্থাপন কৰাৰ বাবে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত অৰুণাচল প্ৰদেশ চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

তেজপুৰ, ১৯ ছেপ্টেম্বৰ : চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত সীমান্ত তালাচীচকী (BOP to be set up in Arunachal border) স্থাপন কৰাৰ বাবে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত অৰুণাচল প্ৰদেশ চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

অৰুণাচল প্ৰদেশৰ ত্ৰিবিংশতিতম ৰাজ্যিক বন্যপ্ৰাণী বোৰ্ডৰ (SBWL of Arunachal Pradesh) এক জৰুৰী সভাত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তনৰ মন্ত্ৰী মামা নাটুং, ৰাজ্যিক বন্যপ্ৰাণী বোৰ্ডৰ উপাধ্যক্ষ, ই এফ এণ্ড চি চিৰ প্ৰধান সম্পাদক ডঃ শৰৎ চৌহান আৰু পি চি চি এফ জিতেন্দ্ৰ কুমাৰৰ উপস্থিতিত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে শনিবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে (Arunachal CM pema Khandu) ।

অৰুণাচলৰ ডিবাং ভেলীত তিনিটা নতুন সীমান্তচকী স্থাপনৰ সিদ্ধান্ত
অৰুণাচলৰ ডিবাং ভেলীত তিনিটা নতুন সীমান্তচকী স্থাপনৰ সিদ্ধান্ত

ৰাজ্যখনৰ বনভূমিৰ ওপৰেৰে নিৰ্মাণ কৰিবলগীয়া বিশেষ স্থানসমূহ কাৰ্যক্ষম কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতিৰ বাবে পত্ৰ দাখিল কৰিবলৈ বোৰ্ডে অনুমোদন জনায় । ইয়াৰে ভিতৰত বোৰ্ডে অনুমোদন জনোৱা প্ৰধান প্ৰস্তাৱ হৈছে ডিবাং ভেলী জিলাৰ (Dibang Valley district of Arunachal) 'বলুৱা' নামৰ ঠাইত হেলিপেড আৰু নতুন সীমান্ত আউটপোষ্ট (বি অ’ পি) স্থাপনৰ বাবে বন বিভাগৰ অনুমোদনৰ লগতে ব্ৰুনী আৰু এণ্ডৰেলাত বি অ’ পি স্থাপনৰ বাবে এক প্ৰস্তাৱ গ্ৰহণ কৰে ।

অৰুণাচলৰ ডিবাং ভেলীত তিনিটা নতুন সীমান্তচকী স্থাপনৰ সিদ্ধান্ত
অৰুণাচলৰ ডিবাং ভেলীত তিনিটা নতুন সীমান্তচকী স্থাপনৰ সিদ্ধান্ত

এই সকলোবোৰ ডিবাং ভেলী জিলাত স্থাপনৰ বাবে আৰু তাৰ বিপৰীতে ৰাজধানী চহৰ ইটানগৰৰ পথ (road expansion in Itanagar) বহল কৰাৰ বাবে বন আইনৰ অনুমোদন বিচাৰি পাপুম পাৰে জিলাৰ ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পৰা কোটে নামৰ পথলৈ অধিক সম্প্ৰসাৰণ কৰাও আছে । আনহাতে, পশ্চিম কামেং জিলাৰ ভালুকপং-চাৰিদুৱাৰ-টাৱাং সংযোগী বিচিটি পথৰ পিনজোলি নাল্লাহত ১৩৫ মিটাৰ দৈৰ্ঘ্যৰ স্থায়ী দলং নিৰ্মাণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে এই বোর্ডত ।

পূব কামেং জিলাৰ পাকে-কেছাঙৰ চিজুছাত বৰ দিকৰাই জলসিঞ্চন প্ৰকল্পৰ ওপৰৰ ফালে বানপানী প্ৰতিৰোধৰ বাবে বান্ধ নিৰ্মাণৰ প্ৰস্তাৱ, ডিবাং ভেলীৰ মিপি-আন্দ্ৰালাত নতুন পথ নিৰ্মাণৰ বাবে প্ৰস্তাৱ, ৰয়িঙত পানী যোগান বৃদ্ধিৰ বাবে আৰু পাপু-নল্লাহৰ পৰা বান্দৰদেৱালৈ ৪১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ (পুৰণি ৰাষ্ট্ৰীয় ঘাইপথ ৫২এ) বহল কৰাৰ বাবে বন আৰু পৰিৱেশ বিভাগৰ দফাৰ (Wildlife Act of 1972) অনুমতি বিচাৰি ৰাষ্ট্ৰীয় বোৰ্ড ফৰ ৱাইল্ড লাইফলৈ (National Board for Wild life) পত্ৰ প্ৰেৰণ কৰা হয় ।

১৯৭২ চনৰ বন্যপ্ৰাণী (সুৰক্ষা) আইনৰ ৬ নং ধাৰা অনুসৰি গঠিত ৰাজ্যিক বোৰ্ড ফৰ ৱাইল্ড লাইফ হৈছে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক পৰামৰ্শ দিয়া ৰাজ্যৰ সৰ্বোচ্চ পৰামৰ্শদাতা এটা সংস্থা । সংৰক্ষিত অঞ্চল (বন্যপ্ৰাণী অভয়াৰণ্য/ৰাষ্ট্ৰীয় উদ্যান), পৰিৱেশ সংবেদনশীল অঞ্চল বা বন্যপ্ৰাণী বসতি থকা অঞ্চলৰ অৰণ্যত উন্নয়নমূলক কাৰ্যকলাপৰ বাবে যিকোনো প্ৰস্তাৱ প্ৰথমে এই ৰাজ্যিক বোৰ্ডত বিবেচনা কৰা হয় আৰু তাৰ পিছত এইসমূহ নিষ্পত্তিৰ বাবে ৰাষ্ট্ৰীয় বোৰ্ড ফৰ ৱাইল্ড লাইফলৈ প্ৰেৰণ কৰা হয় ।

এই অনুষ্ঠানত মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন এন টাম, ৰাজ্যিক বোৰ্ড ফৰ ৱাইল্ড লাইফৰ সদস্য আৰু বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :নিযুক্তিৰ দাবীত ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘোৰাও টেট উত্তীৰ্ণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.