74th Republic Day: উত্তৰ পূবৰ গৌৰৱ বুকুত বান্ধি দিল্লীত পেৰেড প্ৰদৰ্শনৰ বাবে সাজু অসম ৰাইফলছ

author img

By

Published : Jan 25, 2023, 9:49 PM IST

Assam Rifles combined group ready to perform parade

১৮৭ বছৰতকৈও অধিক অতুলনীয় ইতিহাস, সাহস আৰু ঐতিহ্যৰে দেশৰ আটাইতকৈ পুৰণি আৰু সজ্জিত পেৰা মিলিটেৰী বাহিনী অসম ৰাইফলছে (Assam Rifles) গণৰাজ্য দিৱস ২০২৩ ৰ পেৰেডৰ বাবে এটা দল সাজু কৰিছে (Assam rifles group ready for pared) ৷ উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱ আৰু আত্মাক লগত লৈ গণৰাজ্য দিৱসত দেশৰ ৰাজধানীত সন্মান আৰু গৌৰৱেৰে মাৰ্চপাষ্ট কৰিব অসম ৰাইফলছৰ দলটোৱে ৷

তেজপুৰ, ২৫ জানুৱাৰী : এইবাৰ গণৰাজ্য দিৱস পেৰেডত যথেষ্ট সংখ্যক ৰাইফলমেন আৰু ৰাইফলৱ’মেনৰ এটা দল লৈ অংশগ্ৰহণ কৰিব অসম ৰাইফলছে । লিংগ বিভেদ দূৰ কৰাৰ লক্ষ্যৰেই এইবাৰ অসম ৰাইফলছৰ দলটোত মহিলাক অন্তৰ্ভুক্ত কৰা হৈছে ৷ কেপ্তেইন অক্ষয়ৰ নেতৃত্বত গঠিত এই দলটোত দেশৰ বিভিন্ন প্ৰান্তৰ নিযুক্তি জোৱান থাকিব ৷ যাৰ ফলত “Unity in Diversity”ৰ ওপৰত বিশ্বাস শক্তিশালী হ’ব (74th Republic Day of India) ।

Assam Rifles combined group ready to perform parade
অসম ৰাইফলছ

অসম ৰাইফলছৰ পুৰুষ আৰু মহিলাৰ মিশ্ৰিত মাৰ্চিং দলটোৱে কান্ধত কান্ধ মিলাই মাৰ্চিং কৰা পৰিলক্ষিত হৈছে ৷ ২০১৫ চনত অসম ৰাইফলছত অন্তৰ্ভুক্ত কৰা হৈছিল মহিলা জোৱান ৷ তেতিয়াৰ পৰাই পৰাই অসম ৰাইফলছৰ মহিলা জোৱানসকলে সমকক্ষ পুৰুষ জোৱানৰ সৈতে সকলো ফ্ৰণ্টলাইন কৰ্তব্যত একেলগে নিয়োজিত হৈছে ৷ সেয়া লাগিলে উত্তৰ পূৰ্বাঞ্চল আৰু জম্মু-কাশ্মীৰেই হওক, নাইবা ৰাষ্ট্ৰসংঘৰ মিছনতে হওক (Assam rifles group ready for R Day pared) ।

১৮৭ বছৰজোৰা অস্তিত্বৰ সময়চোৱাত বাহিনীটোৱে নিজকে আধুনিক আৰু কাৰ্যকৰীভাৱে দক্ষ সংগঠনলৈ বিকশিত কৰিছে ৷ যিয়ে যিকোনো প্ৰত্যাহ্বানৰ প্ৰতি সদায় তৎপৰতাৰে সঁহাৰি জনায় । দেশে সন্মুখীন হোৱা সকলো কল্পিত নিৰাপত্তাৰ আৰ্হি পূৰণ কৰিবলৈ বাহিনীটো সদায় সাজু । উত্তৰ-পূব ভাৰতৰ সকলো পৰিঘটনাতে অসম ৰাইফলছ সদায় FIRST RESPONDENTS হৈ আহিছে আৰু ইয়াৰ বাবে তেওঁলোকে নাগৰিকৰ প্ৰশংসাৰ লগতে “উত্তৰ-পূবৰ বন্ধু” উপাধিও লাভ কৰিছে (History of Assam rifles)।

Assam Rifles combined group ready to perform parade
পুৰুষ আৰু মহিলা জোৱানেৰে সজ্জিত অসম ৰাইফলছৰ পেৰেডৰ দল

অসম ৰাইফলছ হৈছে উত্তৰ-পূর্বাঞ্চলক বান্ধি ৰখা বাহিনী আৰু সেইবাবেই উত্তৰ-পূর্বাঞ্চলৰ চুকে-কোণে সততে প্ৰচলিত স্থানীয় লোক কথাই হওক বা বিশ্বযুদ্ধই হওক সকলো প্রত্যাহ্বানৰ বিৰুদ্ধে থিয় দি থকা বাহিনীটোৰ প্রতি জনসাধাৰণৰ বিশ্বাসক বুজায় ৷ ১৯৬২ চনৰ চীনৰ আগ্ৰাসন, উত্তৰ-পূৰ্বাঞ্চলত বিদ্ৰোহ বা প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা দুৰ্যোগ সকলোতে অসম ৰাইফলছ আগুৱাই আহে ।

লগতে পঢ়ক: 74th Republic Day: সংবিধান প্ৰণেতাসকলৰ দৃষ্টিভংগীয়ে আমাৰ গণৰাজ্যক পথ প্ৰদৰ্শন কৰিছে: ৰাষ্ট্ৰপতি

গণৰাজ্য দিৱসত সেনা বাহিনীৰ স্মাৰ্ট সাজ-পোছাক পৰিহিত জোৱানসকলক তেওঁলোকৰ উত্তৰ-পূবৰ বন্ধুসকলে উৎসাহেৰে চাই থাকিব, যাৰ সৈতে তেওঁলোকৰ সম্পৰ্ক চিৰস্থায়ী । তেওঁলোকৰ প্ৰতিটো খোজকে কেৱল কৰ্তব্য পথতে নহয় উত্তৰ-পূৰ্বাঞ্চলৰ চুকে-কোণে আনন্দ আৰু গৌৰৱেৰে আদৰণি জনোৱা হয় । অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ পৰা মিজোৰামৰ লুংলেইলৈ, পূবৰ বিজয়নগৰৰ ঐতিহাসিক আৰু চিনাকি স্থানৰ পৰা পশ্চিমৰ ব্ৰহ্মপুত্ৰ সমভূমিলৈকে অসম ৰাইফলছৰ ধ্বনিৰে প্ৰতিধ্বনিত হয় (Republic day 2023) ।

জম্মু কাশ্মীৰৰ উত্তৰ সীমান্তও এই দলটোৱে চোৱাচিতা কৰে ৷ য’ত অসম ৰাইফলছে ২০২০ চনৰ পৰা স্থানীয় লোকৰ সৈতে নতুন বন্ধন গঢ়ি তুলিছে । অতি শেহতীয়াকৈ অসম ৰাইফলছে হিমস্খলনৰ ফলত আবদ্ধ হৈ পৰা জোজিলা সুৰংগ স্থানত ১৭২ জনতকৈ অধিক সাধাৰণ নাগৰিকক উদ্ধাৰ কৰে । জম্মু কাশ্মীৰত নিজৰ বাবে এক নতুন চিন খোদিত কৰিছে অসম ৰাইফলছে ৷ দুয়োটা অভিযানৰ লগতে জনসাধাৰণৰ হৃদয় আৰু মন জয় কৰিছে সেনা বাহিনীটোৱে ।

Assam Rifles combined group ready to perform parade
গণৰাজ্য দিৱসৰ বাবে সাজু অসম ৰাইফলছ

ইয়াৰ পূৰ্বে ৭ম অসম ৰাইফলছে ১৯৯১ চনত এৰাতিতে ৭২ জন বিদ্ৰোহীক নিৰ্মূল কৰি আন ১৩ জন বিদ্ৰোহীক আত্মসমৰ্পণ কৰিবলৈ প্ৰৰোচিত কৰি দুধিত ৱাৰ লাইক ষ্ট’ৰৰ বৃহৎ ভাণ্ডাৰ উদ্ধাৰ কৰে ৷ সেই স্মৃতি এতিয়াও দেশৰ নাগৰিকৰ মনত সতেজ হৈ আছে । এই বাহিনীটোৰ মূল্য বহিঃৰাষ্ট্ৰতো অনুভৱ কৰা হয় ৷ ইয়াৰ ফলত হেইটি, কংগোৰ গোলান হাইটছ আৰু শেহতীয়াকৈ আবেইত অ’প পাৱান আৰু ৰাষ্ট্ৰসংঘৰ মিছনৰ সময়ত শ্ৰীলংকাত নিয়োজিত কৰা হৈছে অসম ৰাইফলছ ।

বৃহস্পতিবাৰে ২৬ জানুৱাৰীত কাৰ্তব্য পথত এই সমদল দলটোৱে কম বয়সীয়া পুৰুষ-মহিলাৰ আত্মবিশ্বাসৰ কথাই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থ-সামাজিক পৰিৱৰ্তনকো পৰিচয় কৰাব । ইয়াৰ দ্বাৰা ভাৰত চৰকাৰৰ এক্ট ইষ্ট পলিচি আচলতে ভালদৰে আগবাঢ়িছে বুলি বিশ্বাস বৃদ্ধি কৰে । গণৰাজ্য দিৱসত উত্তৰ-পূৰ্বাঞ্চলৰ চেণ্টিনেল অসম ৰাইফলছৰ পদযাত্ৰা কেৱল কৰ্তব্য পথতে নহয়, দেশৰ নাগৰিকৰ হৃদয়লৈও সোমাব ।

লগতে পঢ়ক: Blast in Manipur: গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধিয়া মণিপুৰত বিস্ফোৰণ; আহত 3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.