Fake gold racket busted: শোণিতপুৰত 11টা নকল সোণ ব্যৱসায়ীক গ্ৰেপ্তাৰ

author img

By

Published : May 20, 2023, 5:57 PM IST

Updated : May 20, 2023, 6:06 PM IST

Etv Bharat

নকল সোণ আৰু টকাৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে ব্যাপক অভিযান ৷ আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশৰ পিচতেই তৎপৰ হৈছে অসম আৰক্ষী (Fake gold racket in Assam) ৷

শোণিতপুৰত 11টা নকল সোণ ব্যৱসায়ীক গ্ৰেপ্তাৰ

তেজপুৰ, 20 মে’: SI জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ পাচতহে যেন ৰাজ্যত অব্যাহত থকা নকল সোণ আৰু নকল টকাৰ ব্যৱসায়ৰ বিৰুদ্ধে চকু খোল খাইছে আৰক্ষীৰ (SI Junmoni Rabha case update) ৷ দীৰ্ঘদিন ধৰি ৰাজ্যত নকল টকা আৰু নকল সোণৰ ৰমৰমীয়া বেহা অব্যাহত থকাৰ পাচতো কোনো বিশেষ পদক্ষেপ হাতত লোৱা নাছিল আৰক্ষীয়ে ৷ কিন্তু জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু ঘটনাৰ সৈতে নকল সোণ ব্যৱসায়ৰ প্ৰসংগ জড়িত হোৱাৰ পাচতহে ব্যৱস্থা লোৱাৰ বাবে তৎপৰ হৈছে আৰক্ষী ৷

উল্লেখ্য যে, শুকুৰবাৰে নিশাৰে পৰা নকল সোণ আৰু নকল টকাৰ অভিকেন্দ্ৰ হৈ পৰা কেইবাখনো জিলাত অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ শোণিতপুৰ জিলাতো অভিযান চলাই মুঠ 11 টা নকল সোণৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ এই কথা সদৰী কৰিছে শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে (Fake gold racket busted in Sonitpur) ।

ইয়াৰ ভিতৰত 7 টা চাৰিদুৱাৰ থানাৰ অন্তৰ্গত, ২ টা শালনিবাৰী আৰক্ষী চকীৰ অন্তৰ্গত আৰু ২ টা বৰঘাত আৰক্ষী চকীৰ অন্তৰ্গত বুলি এক সংবাদমেলত উল্লেখ কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ এই অভিযানত ১ কেজি নকল সোণ আৰু দুখন নকল সোণৰ বিস্কুট উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে (Crackdown on Fake gold racket) ।

ইফালে, এই সময়ছোৱাত লখিমপুৰ জিলাৰ পৰা ১০টা, বিশ্বনাথৰ পৰা ১০টা নকল সোণৰ লগতে টকাৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ লগতে জব্দ কৰা হৈছে 6 লাখ 60 হাজাৰ টকা নগদ ধন (Fake currency racket) ৷ লখিমপুৰৰ বঙালমৰা আৰু শোণিতপুৰৰ পাঁচমাইল কলা বেহাৰ হটস্পটলৈ পৰ্যবসিত হোৱা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন স্থানত চলোৱা অভিযানত নলক সোণ আৰু টকাৰ ব্যৱসায়ৰ সৈতে জড়িত মুঠ 71টা অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি সদৰী কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে ৷

লগতে পঢ়ক: Fake gold and currency racket: ডিপিজিৰ হুংকাৰত কঁপিছে কলা সাম্ৰাজ্যৰ খলনায়কৰ বুকু; লখিমপুৰত ব্যাপক অভিযান

Last Updated :May 20, 2023, 6:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.