দুৰ্নীতি নকৰিলে প্ৰতিখন জিলাৰ তিনিজনকৈ কৰ্মচাৰীৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰা হ’ব

author img

By

Published : Jun 12, 2022, 5:34 PM IST

400th birth anniversary of Lachit Barphukan

প্ৰতিখন জিলাৰ পৰা দুৰ্নীতিৰ অভিযোগ নথকা, কৰ্ম দক্ষতাসম্পন্ন তিনিজনকৈ তৃতীয়-চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰীক নিৰ্বাচন কৰিব ৷ সেই বিশেষ তিনিজন কৰ্মচাৰীৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰা হ’ব ৷ আনহাতে অহা আগষ্ট মাহত শিশুৰ পৰা বৃদ্ধলৈকে সকলো শ্ৰেণীৰ লোকে লিখিব লাগিব লাচিত বৰফুকনৰ বিষয়ে টোকা অথবা ৰচনা ৷ ৰাজ্য চৰকাৰৰ এনে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

তেজপুৰ, 12 জুন: লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত (400th birth anniversary of Lachit Barphukan) আগন্তুক আগষ্ট মাহৰ কোনো এটা বিশেষ দিনত ৰাজ্যৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলো শ্ৰেণীৰ লোকে লিখিব লাগিব লাচিত বৰফুকনৰ বিষয়ে (Note about Lachit Barphukan) ৷

প্ৰতিখন জিলাৰ কমেও 30 শতাংশ লোকে লাচিত বৰফুকনৰ বিষয়ে এটাকৈ হ’লেও দফা লিখাৰ আহ্বান জনাই মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজ্যৰ কমেও এক কোটি জনতাই যাতে লাচিত বৰফুকনৰ বিষয়ে এটাকৈ হ’লেও টোকা লিখে সেই আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ ৷ সেই টোকাত অংশগ্ৰহণকাৰীৰ নাম-ঠিকনা লিখি দিব লাগিব ৷ দায়িত্বত থকা নিৰ্দিষ্ট লোকে সেই লেখা জমা লোৱাৰ পাছত অংশগ্ৰহণকাৰীক কৃতজ্ঞতা স্বীকাৰ কৰিব ৰাজ্য চৰকাৰে ৷

দুৰ্নীতি নকৰিলে প্ৰতিখন জিলাৰ তিনিজনকৈ কৰ্মচাৰীৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰা হ’ব

আনহাতে, 5 আগষ্টৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসটি লোক কল্যাণ দিৱস(Lok kalyan divas) হিচাবে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ বিশেষ দিনটোত প্ৰতিখন জিলাৰ তিনিজনকৈ তৃতীয়-চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰীক নিৰ্বাচন কৰা হ’ব, যিসকলৰ বিৰুদ্ধে কোনোধৰণৰ দুৰ্নীতিৰ অভিযোগ নথকাৰ লগতে কৰ্মচাৰীজনৰ দক্ষতাও থাকে ৷ উপহাৰস্বৰূপে নিৰ্বাচিত কৰ্মচাৰীজনৰ চাকৰিৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰোৱা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্য: সংস্থাপনৰ বাবে হাহাকাৰ লাখ লাখ যুৱক-যুৱতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.