Guinness Book of World Records : হেলমেটেৰে বাক্য সাজি গিনিজ বুকত অৰুণাচল

author img

By

Published : Nov 21, 2022, 12:57 PM IST

Arunachal

অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ নাম খোদিত হ'ল গিনিজ বুকত (Tawang entered Guinness Book of World Records) । দেওবাৰে পথ সুৰক্ষাৰ ওপৰত গুৰুত্ব দি সৰ্ববৃহৎ হেলমেট বাক্য গঠন কৰি গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰায় (Arunachal in Guinness Book) । দেওবাৰে পুৱা অতি উচ্চ উচ্চতাত অৱস্থিত জ্ঞানলৱা চাংয়াং গিয়াটচো ষ্টেডিয়ামত 'জয় হিন্দ' বাক্যটো গঠন কৰিবলৈ মুঠ ২৩৫০ টা হেলমেট ব্যৱহাৰ কৰা হয় ।

তেজপুৰ, ২১ নৱেম্বৰ : অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ নাম খোদিত হ'ল গিনিজ বুকত (Tawang entered Guinness Book of World Records) । দেওবাৰে পথ সুৰক্ষাৰ ওপৰত গুৰুত্ব দি সৰ্ববৃহৎ হেলমেট বাক্য গঠন কৰি গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰায় (Arunachal in Guinness Book) । এই কাৰ্য সম্পাদন হয় বিশেষকৈ পৰ্বতবোৰত । দেওবাৰে পুৱা অতি উচ্চ উচ্চতাত অৱস্থিত জ্ঞানলৱা চাংয়াং গিয়াটচো ষ্টেডিয়ামত 'জয় হিন্দ' বাক্যটো গঠন কৰিবলৈ মুঠ ২৩৫০ টা হেলমেট ব্যৱহাৰ কৰা হয় ।

হেলমেটেৰে বাক্য সাজি গিনিজ বুকত অৰুণাচল
হেলমেটেৰে বাক্য সাজি গিনিজ বুকত অৰুণাচল

এই উপলক্ষে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে হুইচেল বজাই হেলমেট বাক্য গঠনৰ কাৰ্যসূচী আৰম্ভ কৰে (AP Chief Minister Pema Khandu) । আনহাতে, পেমা খাণ্ডুৰ লগতে টাৱাং আৰু পশ্চিম কামেং জিলাৰ বিধায়কসকলে ক্ৰম অনুসৰি হেলমেটবোৰ সজাই বাক্যশাৰী গঠন সম্পূৰ্ণ কৰে (Guinness Book of World Records by helmet sentence) ।

পথ সুৰক্ষা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে আয়োজন কৰা বিশ্ব অভিলেখ সৃষ্টিকাৰী 'লক্ষ্য' শীৰ্ষক অনুষ্ঠানটো অৰুণাচল প্ৰদেশ চৰকাৰৰ (Government of Arunachal Pradesh) সহযোগত এমেজিং নমস্তে ফাউণ্ডেচনৰ (Amazing Namaste Foundation) দ্বাৰা আয়োজন কৰা হয় । এমেজিং নমস্তে ফাউণ্ডেচনৰ অধ্যক্ষ পেমা খাণ্ডু আৰু অতুল কুলকাৰ্ণীয়ে যুটীয়াভাৱে গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰতিনিধি স্বপ্নিল দাংগোৰিকাৰৰ পৰা বিশ্ব ৰেকৰ্ডৰ প্ৰমাণ-পত্ৰ লাভ কৰে ।

হেলমেটেৰে বাক্য সাজি গিনিজ বুকত অৰুণাচল
হেলমেটেৰে বাক্য সাজি গিনিজ বুকত অৰুণাচল

উক্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰি খাণ্ডুৱে কয় যে পাহাৰৰ উন্নত পথৰ সৈতে পথ সুৰক্ষা ব্যৱস্থা আৰু যান-বাহনৰ নিয়ম পালনৰ বিষয়ে সজাগতা সৃষ্টি অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে । "মানুহে, বিশেষকৈ বাইক চলাই থকা যুৱক-যুৱতীসকলে ভাল ৰাস্তাত অতি দ্ৰুতগতিত গাড়ী চলোৱাৰ প্ৰৱণতা আছে । দেখা গৈছে যে অত্যধিক দ্ৰুতগতিত গাড়ী চলোৱাটোৱেই এইক্ষেত্ৰত আমাৰ পথ দুৰ্ঘটনাৰ মুখ্য কাৰণ । সেয়েহে, এই অনুষ্ঠান আৰু বিশ্ব অভিলেখ গঢ়ি তোলাৰ ফলত পথ সুৰক্ষা আৰু দুচকীয়া বাহন চলোৱাৰ সময়ত হেলমেটৰ বাধ্যতামূলক ব্যৱহাৰৰ প্ৰতি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব ।" তেওঁ কয় ।

Guinness Book of World Records : হেলমেটেৰে বাক্য সাজি গিনিজ বুকত অৰুণাচল
Guinness Book of World Records : হেলমেটেৰে বাক্য সাজি গিনিজ বুকত অৰুণাচল

উল্লেখ্য, চৰকাৰে কৰা এক সমীক্ষাই সূচায় যে ভাৰতত পথ দুৰ্ঘটনাত বছৰি প্ৰায় ১.৫ লাখ বহুমূলীয়া জীৱনৰ যৱনিকা পৰে । পথ নেটৱৰ্ক আৰু মানদণ্ড আৰু উন্নত বাহনৰ উন্নতিৰ সৈতে যান-বাহনৰ অনুশাসন আৰু লগতে ড্ৰাইভিং প্ৰটোকল অনুসৰণ কৰাৰ বাবে চালক আৰু সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজন আছে ।

"সৰ্বাধিক সংখ্যক হেলমেটেৰে গঠিত 'জয় হিন্দ'ৰ (Jai Hind) সৈতে গিনিছ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰাটো কেৱল অৰুণাচলৰ লোকসকলৰ বাবেই নহয়, আমাৰ পাহাৰীয়া ৰাজ্যখন ভ্ৰমণ কৰিবলৈ আহি প্ৰাকৃতিক সৌন্দৰ্য আৰু ৰাস্তাৰ উন্নত মানদণ্ডৰ অভিজ্ঞতা লৈ যোৱা সমগ্ৰ ভাৰতৰ লোকসকলৰ বাবে এক বাৰ্তা । যান-বাহনৰ নিয়ম অনুসৰণ কৰক আৰু হেলমেট ব্যৱহাৰ কৰক ।" খাণ্ডুৱে লগতে কয় ।

Guinness Book of World Records : হেলমেটেৰে বাক্য সাজি গিনিজ বুকত অৰুণাচল
Guinness Book of World Records : হেলমেটেৰে বাক্য সাজি গিনিজ বুকত অৰুণাচল

অনুষ্ঠানটো আকৰ্ষণীয় আৰু পথ সুৰক্ষাৰ ওপৰত সজাগতা সৃষ্টি কৰিবলৈ (create awareness on road safety) বিখ্যাত টাৱাং মঠৰ পৰা আৰম্ভ হৈ মাৰাঠা গ্ৰাউণ্ড হৈ ষ্টেডিয়ামত সমাপ্ত হোৱা এক বাইক ৰেলীৰো আয়োজন কৰা হয় । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০০ জন আৰোহী আৰু চিআৰপিএফ জোৱানক লৈ উলিওৱা উক্ত বাইক ৰেলীত মুখ্যমন্ত্ৰী খাণ্ডুৱেও অংশগ্ৰহণ কৰে ।

পিছত তেওঁ বাইক আৰোহীসকলক তেওঁলোকৰ অংশগ্ৰহণৰ প্ৰশংসা কৰি আৰু পথ সুৰক্ষাৰ ওপৰত সজাগতা সৃষ্টিত অৰিহণা যোগোৱা স্মৰণিকা প্ৰদান কৰে । অনুষ্ঠানটোত টাৱাঙৰ বিধায়ক চেৰিং তাছি আৰু পশ্চিম কামেং জিলাৰ চাৰিওজন বিধায়ক ক্ৰমে ফুৰ্পা চেৰিং (দিৰাং), কুমচি চিডিচো (থ্ৰিজিনো-বুৰাগাঁও), ডংৰু চিয়ংজু (বমডিলা) আৰু দৰ্জী ৱাংদি খাৰমাৰ (কালাকটাং) উপৰি টাৱাং জিলা প্ৰশাসনৰ বিষয়াসকলেও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Naga youth arrested: আলফা স্বাধীনৰ নামত ধন দাবী কৰি আটক নগা যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.