Landslide in North Sikkim : ছিকিমত আৱদ্ধ ৫০০ পৰ্যটকক উদ্ধাৰ ভাৰতীয় সেনাৰ

author img

By

Published : May 20, 2023, 6:02 PM IST

Landslide in North Sikkim

ছিকিমত ধাৰাষাৰ বৰষুণৰ ফলত ভূমিস্খলন । আৱদ্ধ বহু পৰ্যটক । প্ৰায় ৫০০ পৰ্যটকক উদ্ধাৰ কৰিছে ভাৰতীয় সেনাই (Army rescued 500 stranded tourists in Sikkim)। খাদ্য আৰু চিকিৎসাৰ লগতে পৰ্যটকৰ বাবে থকাৰ ব্যৱস্থা কৰিছে সেনা বাহিনীয়ে ।

ছিকিমত আৱদ্ধ ৫০০ পৰ্যটকক উদ্ধাৰ ভাৰতীয় সেনাৰ

তেজপুৰ,২০ মে': প্ৰকৃতিৰ ৰোষত পৰিছে ছিকিম । মুষলধাৰ বৰষুণৰ ফলত বহু স্থানত ভয়ংকৰ ভূমিস্খলন হোৱা দেখা গৈছে (Heavy rainfall in Sikkim)। শুকুৰবাৰে উত্তৰ ছিকিমৰ লাচেন, লাচুং আৰু চুংথাং অঞ্চলত ব্যাপক ভূমিস্খলন হোৱা দেখা গৈছে । ইয়াৰ পাচতে অঞ্চলবোৰত আৱদ্ধ হৈ পৰে দেশ-বিদেশৰ শ শ পৰ্যটক (Tourist stranded in North Sikkim)।

ইতিমধ্যে ভাৰতীয় সেনাই লোকসকলক উদ্ধাৰৰ বাবে বিশেষ পদক্ষেপ হাতত লৈছে । প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে জনোৱা মতে ভূমিস্খলনৰ পাচতে পথবোৰ বন্ধ হৈ পৰিছে । যাৰ বাবে লাচুং আৰু লাচেন উপত্যকালৈ যাত্ৰা কৰি থকা প্ৰায় ৫০০ পৰ্যটক চুংথাঙত আৱদ্ধ হৈ আছিল ।

মহেন্দ্ৰ ৰাৱাটে লগতে কয় যে ভাৰতীয় সেনাই আৱদ্ধ পৰ্যটকক উদ্ধাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে । আৱদ্ধ পৰ্যটকসকলক তিনিটা পৃথক সেনা শিবিৰলৈ স্থানান্তৰ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰিছে (Army rescued 500 stranded tourists in Sikkim)। আৱদ্ধ লোকসকলৰ ভিতৰত ২১৬ জন পুৰুষ, ১১৩ গৰাকী মহিলা আৰু ৫৪ টা শিশু আছিল ।

পৰ্যটকসকলক আহাৰ আৰু গৰম কাপোৰ প্ৰদান কৰা হৈছে বুলিও লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে জনাইছে (Stranded Tourist rescued by Indian Army)। আনকি পৰ্যটকসকলক নিশা আৰামদায়কভাৱে থকাৰ সুবিধা কৰিবলৈ তেওঁলোকৰ বেৰেকো খালী কৰা হৈছিল ।

ইফালে তিনিটা চিকিৎসা শিবিৰত সকলো পৰ্যটককে স্বাস্থ্য পৰীক্ষা কৰা হয় । সেনাৰ চিকিৎসা দলৰ প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষাত সকলো পৰ্যটক সুস্থিৰ হৈ থকা দেখা গৈছে । অৱশ্যে, ২০ মে'ৰ পুৱতি নিশা, গুৰুডগমাৰ হ্ৰদলৈ যাত্ৰা কৰি থকা এগৰাকী মহিলাৰ মুৰৰ বিষ আৰু মূৰ ঘূৰণিৰ তথ্য পোৱা গৈছে । মহিলাগৰাকীক তাৎক্ষণিক চিকিৎসা সেৱা প্ৰদান কৰা হৈছে আৰু চিকিৎসালয়ৰ আইচিইউত ৰখা হয় । পুৱালৈকে তেওঁ সুস্থিৰ হোৱা বুলি জানিব পৰা গৈছে ।

সেনা বাহিনীৰ তৎপৰতাৰ বাবেই এতিয়ালৈ কোনো দুৰ্ঘটনা সংঘটিত হোৱা নাই আৰু আৱদ্ধ পৰ্যটকসকলো সুৰক্ষিত হৈ আছে (Landslide in Sikkim)। ইফালে, যিমান সম্ভৱ সোনকালে যান-বাহনৰ চলাচলৰ বাবে পথ মুকলি কৰাৰ প্ৰচেষ্টা অব্যাহত আছে ।

সেনা বাহিনীয়ে জনোৱা মতে পৰ্যটকসকলক তেওঁলোকৰ পৰৱৰ্তী যাত্ৰাৰ বাবে পথটো মুকলি নকৰালৈ সকলো ধৰণৰ সহায় আগবঢ়োৱা হ'ব । ভাৰতীয় সেনাৰ তৎপৰতা দেখি পৰ্যটকসকলো আনন্দিত হৈছে । ভাৰতীয় সেনাক ধন্যবাদ জ্ঞাপন কৰিছে আৱদ্ধ পৰ্যটকসকলে ।

লগতে পঢ়ক :Karnataka Govt Oath Taking : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে সিদ্দাৰামাইয়া, উপ-মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.