Anil Kapoor in Tezpur: তেজপুৰত বলীউডৰ অভিনেতা অনিল কাপুৰ

author img

By

Published : Nov 26, 2022, 10:34 PM IST

Anil Kapoor at IAF School student in Tezpur

বিগত দিনকেইটাত ইজনৰ পৰা সিজন বলীউডৰ অভিনেতা-অভিনেত্ৰীৰ সঘনাই আহ-জাহ চলিছে অসমলৈ ৷ শনিবাৰে তেজপুৰ বায়ুসেনা ঘাটিৰ এখন বিদ্যালয়ত উপস্থিত হয় বলীউডৰ তাৰকা অভিনেতা অনিল কাপুৰ (Anil Kapoor in Tezpur) ৷

তেজপুৰ, ২৬ নৱেম্বৰ: মিনি বলীউডলৈ পৰিণত হৈছে অসম ৷ বিগত দিনকেইটাত ইজনৰ পৰা সিজন বলীউডৰ অভিনেতা-অভিনেত্ৰীৰ সঘনাই আহ-জাহ চলিছে অসমলৈ ৷ শনিবাৰে তেজপুৰ বায়ুসেনা ঘাটিৰ এখন বিদ্যালয়ত উপস্থিত হয় বলীউডৰ তাৰকা অভিনেতা অনিল কাপুৰ (Anil Kapoor in Tezpur) ৷

অনিল কাপুৰ
অনিল কাপুৰ

বিদ্যালয় পুথিভঁৰালত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীক অটোগ্ৰাফ দিয়াত ব্যস্ত হৈ পৰে অভিনেতাগৰাকী (Anil Kapoor at IAF School student in Tezpur ) । অভিনেতা ঋত্বিক ৰোশনৰ লগত অভিনেতাগৰাকীয়ে নিজৰ অভিনয়ৰ বাবে প্ৰস্তুতিৰ অংশ হিচাপে তেজপুৰ এয়াৰ বেছৰ কৰ্মীসকলৰ সৈতে জড়িত হয় আৰু যোৱা 10 দিন তেওঁলোকৰ সৈতে ঘনিষ্ঠভাৱে সময় কটায় ৷

১৫ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ‘ফাইটাৰ’ৰ অসমত চলা দৃশ্য়গ্ৰহণৰ আজি সামৰণি পৰে । সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত ছবি ‘ফাইটাৰ’ত ঋত্বিক ৰোশনৰ গুৰুৰ চৰিত্ৰত অভিনয় কৰিছে অনিল কাপুৰে, য’ত দীপিকা পাডুকনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ।

যোৱা 15 নৱেম্বৰত অভিনেতা দুগৰাকী তেজপুৰ বায়ুসেনাৰ ঘাটিত উপস্থিত হয় । ২০২৩ চনৰ ২৮ ছেপ্টেম্বৰত মুক্তি পাব একশ্যন ছবি ‘ফাইটাৰ’ ৷

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.