Allegations of corruption in Sonitpur : পঞ্চায়তৰ কৰ্মকাণ্ডকলৈ ক্ষোভ শোণিতপুৰ বাঁহবাৰীৰ ৰাইজৰ

author img

By

Published : Aug 8, 2022, 7:15 PM IST

Allegations of corruption in Sonitpur

তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী গাঁও পঞ্চায়ত অন্তৰ্গত তথা বিহগুৰি উন্নয়ন খণ্ডত অসম্পূৰ্ণ নামঘৰ ৷ আৱন্টিত চৰকাৰী টকা সঠিক ৰূপত ব্যয় নকৰাৰ অভিযোগ দায়িত্বত থকা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে (Allegations of corruption in Sonitpur) ৷ যাক লৈ ক্ষোভিত এতিয়া শোণিতপুৰ বাঁহবাৰীৰ ৰাইজ ৷

তেজপুৰ , ৮ আগষ্ট : সৰ্বত্ৰে উন্নয়নৰ ঢাক-ঢোল বজাই থকা চৰকাৰৰ দিনতে সঘনে পোহৰলৈ আহিছে দুৰ্নীতিৰ ন ন তথ্য ৷ অভিযোগ অনুসৰি, এইবাৰ দুৰ্নীতি সংঘটিত হৈছে শোণিতপুৰ জিলাৰ তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী গাঁও পঞ্চায়ত অন্তৰ্গত তথা বিহগুৰি উন্নয়ন খণ্ডত (Allegations of corruption in Sonitpur) ৷ এই অভিযোগ অঞ্চলবাসীৰ ৷

Allegations of corruption in Sonitpur
নামঘৰ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, অঞ্চলটোৰ এটা নামঘৰত টিনপাত লগোৱাৰ নামত সংঘটিত হৈছে দুৰ্নীতি ৷ তথ্য অনুসৰি, দুই নম্বৰ গাভৰু গ্ৰান্টত ফেঞ্চিংসহ নামঘৰটো নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 2019-20 ৰ চতুৰ্দশ বিত্তীয় আয়োগৰ (14th Finance Commission of 2019-20) অধীনত ছয় লাখ টকা আৱন্টিত হৈছিল ৷ কিন্তু সেয়া সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল ৷

Allegations of corruption in Sonitpur
নামঘৰ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

অঞ্চলটোৰ ৰাইজে উল্লেখ কৰা মতে, অঞ্চলটোত থকা পুৰণি নামঘৰটো নষ্ট হ’বলৈ ধৰাত ৰাইজে এই নামঘৰটোকে নতুনকৈ মেৰামতি কৰিবলৈ অনুৰোধ কৰিছিল নামঘৰ পৰিচালনা সমিতিক ৷ কিন্তু পুৰণি নামঘৰটো মেৰামতি কৰাৰ বিপৰীতে বাঁহবাৰী গাঁও পঞ্চায়তৰ সভাপতি ভদ্ৰেশ্বৰ ওৰাং আৰু গাভৰু উন্নয়ন খণ্ডৰ তদানীন্তন কণিষ্ঠ অভিযন্তাই পুৰণা নামঘৰটোৰ কাষতে একেধৰণৰ আন এটা নামঘৰহে নিৰ্মাণৰ কাম আৰম্ভ কৰে ৷

পঞ্চায়তৰ কৰ্মকাণ্ডকলৈ ক্ষোভ শোণিতপুৰ বাঁহবাৰীৰ ৰাইজৰ

নতুন নামঘৰটো নিৰ্মাণৰ বাবদ বাঁহবাৰী গাঁও পঞ্চায়তৰ সভাপতি ভদ্ৰেশ্বৰ ওৰাং আৰু গাভৰু উন্নয়ন খণ্ডৰ তদানীন্তন কণিষ্ঠ অভিযন্তাগৰাকীয়ে মাত্ৰ 50 হাজাৰ টকাহে ব্যয় কৰি সমূদায় টকা আত্মসাৎ কৰিলে ৷ যাৰ বাবে পুৰণি নামঘৰটো বাদেই নতুন নামঘৰটোও সঠিকভাৱে নিমাৰ্ণ হোৱা নাই ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷

সেয়ে উক্ত বিষয় সন্দৰ্ভত উচিত তদন্ত কৰি ৰাজ্য চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই দুৰ্নীতিপৰায়ণ বিভাগীয় চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনায় ৷

লগতে পঢ়ক : Poor Irrigation Facilities: জলসিঞ্চন বিভাগৰ হেমাহিত অতিষ্ঠ কলিয়াবৰৰ কৃষক ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.