AFSPA withdrawn from Assam: অসমৰ 28 খন জিলাৰ পৰা প্ৰত্যাহাৰ কৰা হ’ল AFSPA

author img

By

Published : May 27, 2023, 5:24 PM IST

AFSPA withdraw from Assam

অসমৰ 28 খন জিলাৰ পৰা সেনা বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ AFSPA প্ৰত্যাহাৰ ৷ এক টুইটযোগে এই কথা সদৰী কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ৷

তেজপুৰ, ২৭ মে’: অসমৰ মুঠ ৩৬খন জিলাৰ ভিতৰত ২৮ খন জিলাৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) প্ৰত্যাহাৰ কৰা হৈছে । এক টুইটযোগে এই কথা সদৰী কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে (DGP GP Singh) ৷

অসমৰ আইন-শৃংখলা পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত 28 খন জিলাৰ পৰা AFSPA প্ৰত্যাহাৰ কৰা বুলি উল্লেখ কৰিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ আইন শৃংখলা পৰিস্থিতি উন্নত হোৱাৰ লগে লগে ৰাজ্যত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) মোতায়েন কৰাটোও এতিয়া হ্ৰাস হৈছে (AFSPA withdrawn from) ৷

টুইটযোগে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়, ‘‘অসমৰ মাননীয় @CMOfficeAssam @himantabiswa মহোদয়ৰ দূৰদৰ্শিতাত, তেখেতৰ তত্বাৱধানত তথা অসমৰ ৰাইজৰ সমৰ্থনত @assampolice য়ে স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰদানৰ লগতে উন্নত প্ৰশিক্ষণ আৰু সক্ষমতা বৃদ্ধিৰ ব্যৱস্থা কৰিবলৈ সক্ষম হৈছে। এনেবোৰ পদক্ষেপৰ জৰিয়তে আমি ৩৬খন জিলাৰ ভিতৰত ২৮খনৰে পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) প্ৰত্যাহাৰ কৰিবলৈ সক্ষম হৈছোঁ । আইন শৃংখলা পৰিস্থিতি উন্নত হোৱাৰ লগে লগে ৰাজ্যত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) মোতায়েন কৰাটোও এতিয়া হ্ৰাস হৈছে । কিছুবছৰ পূৰ্বে ৰাজ্যত CAPFৰ ২১০টা বাহিনী আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ কামত নিয়োজিত হৈ থকাৰ বিপৰীতে এতিয়া তাৰ সংখ্যা ৭৩লৈ হ্ৰাস পাইছে । আমি এনে পদক্ষেপ গ্ৰহণ কৰিছোঁ যাতে আৰু পিছলৈ উভতি চাবলগীয়া নহয় ।’’

উল্লেখ্য যে, বিশেষকৈ অসমত উত্তৰ পূৰ্বাঞ্চলৰ সীমান্তৱৰ্তী জিলাসমূহত এই সামৰিক বাহিনীৰ বিশেষ আইন জাৰি কৰা হৈছিল । শেহতীয়াকৈ কেইবাটাও উগ্ৰপন্থী গোটৰ আত্মসমৰ্পণ তথা মূল সুঁতিলৈ উভটি অহাৰ পিচতে এই আইনৰ প্ৰয়োজনীয়তা কমি আহিছে ।

এই সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন অসমত প্ৰথম প্ৰবৰ্তন কৰা হৈছিল ১৯৮৩ চনৰ ১০ এপ্ৰিল তাৰিখে । সেই সময়ত গোৱালপাৰা জিলাৰ এক হিংসাত্মক কাৰ্যত মুঠ ১৮ জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু তেতিয়া গোৱালপাৰাৰ লগতে ৮৩ খন আৰক্ষী থানাৰ অধীনত ১০খন জিলাতে এই আইন প্ৰৱৰ্তন কৰা হৈছিল । এই AFSPA আইন বৰ্তমান সমগ্ৰ জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰযোজ্য থকাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য নাগালেণ্ডৰ চুমুকেডিমা, ডিমাপুৰ, কিফিৰে, মন, নিউলেণ্ড ,ন’কলাক, পেৰেন, ফেক আদি জিলাত প্ৰযোজ্য আছে ।

আনহাতে অসমত ৩৬ খন জিলাৰ ভিতৰৰ ২৮ খনৰ পৰা প্ৰত্যাহাৰ কৰাৰ পিচত বিতৰ্কিত আইনখন ৰাজ্যৰ ৮ খন জিলাৰ লগতে অৰুণাচল প্ৰদেশ আৰু মণিপুৰত আংশিকৰূপে প্ৰৱৰ্তন হৈ আছে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিগত সোমবাৰে সাংবাদিকৰ আগত মন্তব্য কৰিছিল যে বৰ্তমান অসমত শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিছে আৰু এই বছৰৰ শেষৰ ফালে অসমৰ পৰা সম্পূৰ্ণৰূপে এই আইনৰ প্ৰত্যাহাৰ কৰা হ’ব ।

উল্লেখযোগ্য যে অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছিল যে অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক সামৰি লোৱা অঞ্চলসমূহত প্ৰযোজ্য হ’ব “অশান্ত এলেকা”ৰ মৰ্যাদা। অৰ্থাৎ এই আইন প্ৰযোজ্য হৈ থাকিব ।

লগতে পঢ়ক: Violence Hit Manipur : মণিপুৰত নিয়োজিত সেনাৰ সংখ্য বৃদ্ধি; সশস্ত্ৰ বিদ্ৰোহীৰ বিৰুদ্ধে অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.