বৰষা-বৰুণৰ বিয়া; আনন্দত মচগুল বেলিমুখীয়া চাংমাই গাঁওবাসী

author img

By

Published : Oct 19, 2021, 8:00 PM IST

Vekulir Biya

চৰ্চাত বৰুণ-বৰষাৰ বিয়া ৷ কইনাক চাবলৈ হেতা-ওপৰা দৰা ঘৰৰ লোকৰ ৷ আয়তীৰ বিয়া নামত উখল-মাখল ৰভাতলী ৷ কইনাৰ সাজত বহি থকা বৰষাৰৰ ঘৰৰ পৰিৱেশ কেনেকুৱা ? সবিশেষ এই প্ৰতিবেদনত...

আমগুৰি, 19 অক্টোবৰ : আমগুৰিত এখন বিশেষ চৰ্চিত বিয়া । বিয়া খাবলৈ হেতা-ওপৰা বহু লোকৰ । ৰং-ৰহইচত মচগুল গাঁওবাসীও । আমগুৰিৰ বেলিমুখীয়া চাংমাই গাঁৱত সম্পন্ন হৈছে বিয়াখন । বৰুণ আৰু বৰষা বিয়াখনে লাভ কৰিছে বিশেষ চৰ্চা ।

এখন বিশেষ বাহনত কইনাৰ চোতালত উপস্থিত হ’ল দৰা বৰুণ ৷ দৰাক আদৰাত ব্যস্ত কইনা ঘৰৰ লোক ৷ ইফালে দৰা অহাৰ উমান পাই কইনাৰ সাজত বহি থকা বৰষাৰো মন হৈছে উগুল-থুগুল ৷

সকলোৰে মনত বোধয় উদয় হৈছে এতিয়া বিভিন্ন প্ৰশ্নৰ ৷ কিনো আশ্চৰিত হ’ব লগা আছে এই বিয়াত ! বিয়া দিনাৰ পৰিৱেশ সকলোৰে জ্ঞাত ৷

চৰ্চাত বৰুণ-বৰষাৰ বিয়া

এতিয়া আহো বাতৰিৰ মাজলৈ...আমি কৈ থকা এই বিয়াখন হৈছে প্ৰকৃততে এখন ভেকুলীৰ বিয়াহে । এই বিয়া সম্পন্ন হৈছে আমগুৰিৰ বেলিমুখীয়া চাংমাই গাঁৱত ৷

খৰাং বতৰ ৷ পানীৰ অভাৱত উচন হৈছে কৃষকৰ আপোন খেতি ডৰা ৷ খৰাং বতৰৰ বাবে আমগুৰিৰ কৃষকে মূৰে-কপালে হাত দিব লগা অৱস্থাৰ সৃষ্টি হৈছে । লোকবিশ্বাস অনুসৰি, এনে সময়ত ভেকুলীৰ বিয়া পাতিলে বৰুণ দেৱতাক সন্তুষ্ট হয় ৷ যাৰ ফলত শস্য পথাৰত নদন বদন হৈ পৰে ৷

খৰাং বতৰৰ বাবেই শিৱসাগৰৰ বেলিমুখীয়া চাংমাই গাঁৱত আয়োজন কৰা হয় এই ভেকুলী বিয়াৰ । নোৱাই-ধুৱাই গাঁওবাসীয়ে বিয়াৰ বাবে ৰাইজে সাজু কৰে দৰা-কইনাক । পানী তুলি বিয়ানাম গাই, গাঁৱৰ ৰাইজে ভোজ-ভাত খাই সম্পন্ন কৰে অসমীয়া লোকাচাৰত চলি অহা এনে বিয়া ।

কিন্তু খৰাং বতৰৰ বাবেই আমগুৰিৰ বেলিমুখীয়া চাংমাই গাঁৱৰ ৰাইজে কৰিব নোৱাৰিলে খেতি ৷ আনকি পালন কৰিব নোৱাৰিলে অসমীয়াৰ পৰম্পৰা কাতি বিহুটিও ৷ ৰাইজৰ বিশ্বাস ভেকুলী বিয়া সম্পন্ন হ’লে ধৰালৈ বৰষুণ আহিব ।

বৰুণ দেৱতা সন্তুষ্ট হ’লে ৰাইজে বৰষুণৰ আশীৰ্বাদ পাব । আকৌ জীপাল হ’ব ধৰিত্ৰী । পথাৰে চন্দ পাব । আকৌ সজল-সতেজ হৈ উঠিব কৃষকৰ আপোন খেতি ডৰা ৷

লগতে পঢ়ক : বলীউডত পদাৰ্পণৰ বাবে সাজু কণ্ঠশিল্পী য়োহানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.