Quit India movement: শিৱসাগৰত অনুষ্ঠিত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থণ সমাৰোহ

author img

By

Published : Aug 9, 2022, 10:58 PM IST

smriti-romanthan-samaroh-of-quit-india-movement-observed-in-sivasagar

ভাৰত ত্যাগ আন্দোলনৰ (Quit India Movement) শ্বহীদসকলক স্মৰণ কৰাৰ উদ্দেশ্যে অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন আৰু শিৱসাগৰ জিলা মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত তথা অসম চৰকাৰৰ সহযোগত ৰাজ্যিক ভিত্তিত আয়োজন ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থণ সমাৰোহ(Smriti Romanthan Samaroh of Quit India Movement) ৷

শিৱসাগৰ, 9 আগষ্ট: দেশৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম মূল আধাৰ হৈছে ভাৰত ত্যাগ আন্দোলন । ভাৰত ত্যাগ আন্দোলনে ইতিমধ্যে সম্পূৰ্ণ কৰিলে ৮০টা বছৰ । ১৯৪২ চনৰ ৯ আগষ্টৰ দিনটোতে বৃটিছ শাসনৰ শিপা কঁপাই তুলিছিল ভাৰত ত্যাগ আন্দোলনে । সেই বিশেষ দিনটোৰ বিনিময়ত ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতা লাভ কৰিছিল । বহুজনৰ ত্যাগ, পৰাক্ৰম আৰু আত্ম বলিদানৰ অন্তত দেশে স্বাধীনতা লাভ কৰা ৭৫ টা বছৰ সমাগত ।

ইফালে, স্বাধীনতা আন্দোলনৰ পূৰ্বে অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন আৰু শিৱসাগৰ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত তথা অসম চৰকাৰৰ সহযোগিতাত মঙলবাৰে শিৱসাগৰ নগৰৰ যুৱ দলত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থণ সমাৰোহ উদযাপন কৰা হয়(Quit India Movement observed in Sivasagar) । অনুষ্ঠানত অমৰ শ্বহীদ কুশল কোঁৱৰক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে কনকলতা, ভোগেশ্বৰী ফুকননীৰ আত্মবলিদানৰ বিষয়েও আলোচনা কৰা হয়(Smriti Romanthan Samaroh of Quit India Movement) ৷

শিৱসাগৰত অনুষ্ঠিত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থণ সমাৰোহ

পুৱা ৫ বজাৰ পৰা বিভিন্ন অনুষ্ঠানৰ লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাত হিন্দু , মুছলমান, খ্ৰীষ্টান, শিখ ধৰ্মাৱলম্বীৰ প্ৰাৰ্থনা কৰা হয় । লগতে দিনৰ ১১ বজাত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থণৰ মুকলি সভা মুক্তি যুঁজাৰু সন্মিলনৰ হৈ সহকাৰী সাধাৰণ সম্পাদক যোগেন বৰগোঁহাই, কাৰ্যবাহী সদস্য গৌতম বৰগোঁহাই, কাৰ্যবাহী সদস্য ভুৱন চন্দ্ৰ গগৈ আৰু যুটীয়া সম্পাদক সুশীল বৰুৱাৰ নেতৃত্বই যুৱদলৰ প্ৰেক্ষাগৃহ অদম্য সাহসী মুক্তিযুঁজাৰুৰ উপস্থিতয়ে সৌসস্ত বৃদ্ধি কৰে ।

উল্লেখযোগ্য যে, অসমৰ অধিক সংখ্যক মুক্তিযুঁজাৰুৰ ইতিমধ্যে মৃত্যু ঘটিছে । শিৱসাগৰ জিলাত বৰ্তমান প্ৰায় ৫০ জনহে জীৱিত অৱস্থাত আছে । সময় থাঁকোতেই চৰকাৰ আৰু প্ৰশাসনে মুক্তিযুঁজাৰুৰ পৰিয়াল সমূহক গুৰুত্ব আৰোপ চৰকাৰলৈ আহ্বান জনায় মুক্তিযুঁজাৰু সন্মিলনৰ সহ সম্পাদক যোগেন বুঢ়াগোহাঁয়ে । উল্লেখ্য যে , মুক্তি যুঁজাৰুসকলক কেৱল পেঞ্চন প্ৰদান কৰিয়ই নিজৰ দায়িত্ব সামৰিব বিচৰা চৰকাৰৰ বহুতো কৰণীয় আছে বুলিও তেওঁ মত পোষণ কৰে ।

লগতে পঢ়ক : Congress rally: নলবাৰীত মধুপুৰ ব্লক কংগ্ৰেছৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰাৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.