দেশভক্তিৰ ভুৱা নাটকহে প্ৰদৰ্শন কৰি আহিছে আৰ এছ এছে: অমৰজিৎ কৌৰ

author img

By

Published : Sep 25, 2022, 8:40 PM IST

RSS has been performing a false drama of patriotism

শিৱসাগৰত চলি থকা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ২৪ সংখ্যক ৰাজ্যিক সন্মিলনৰ দ্বিতীয়টো দিনত সংবাদমেলৰ আয়োজন সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সভানেত্ৰী তথা ৰাষ্ট্ৰীয় সম্পাদক অমৰজিৎ কৌৰৰ (State Conference of Communist Party of India) ৷ শাসকীয় বিজেপি দলক তীক্ষ্ণ সমালোচনা কেন্দ্ৰীয় নেত্ৰীগৰাকীৰ ৷

শিৱসাগৰ,25 ছেপ্টেম্বৰ: তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত আৰম্ভ হোৱা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ২৪ সংখ্যক ৰাজ্যিক সন্মিলনৰ আজি দ্বিতীয়টো দিন(State Conference of Communist Party of India) । কেইবাগৰাকীও ৰাষ্ট্ৰীয় নেতাই অংশগ্ৰহণ কৰা এই সন্মিলনত শাসকীয় বিজেপি দলক তুলাধুনা দিয়ে সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সভানেত্ৰী তথা ৰাষ্ট্ৰীয় সম্পাদক অমৰজিৎ কৌৰে(CPI strongly criticized the BJPs rule) ।

আজি প্ৰতিনিধি সভাৰ‌ বিৰতিৰ সময়তেই অনুষ্ঠিত এখন সংবাদমেলত অমৰজিৎ কৌৰে কয় যে, সাম্প্ৰদায়িক বিজেপি চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰাৰ সময় সমাগত । চৰকাৰখনে ক্ষমতালৈ আহি মূল্যবৃদ্ধি, সংখ্যালঘুৰ ওপৰত অত্যাচাৰ, নিবনুৱা সমস্যা বৃদ্ধি (Unemployment problem in India) , লাভ জেহাদৰ বাদে কি উন্নয়ন‌ কৰিলে বুলি নেত্ৰীগৰাকীয়ে চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে ।

সাংবাদিকে সোধা এক প্ৰশ্নৰ‌ উত্তৰত বিজেপিয়ে ১০ বছৰৰ বাবে অগ্নিবীৰ সৃষ্টি কৰিছে আৰু পৰৱৰ্তী সময়ত এনে অগ্নিবীৰসকলক বিজেপিয়ে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰিবলৈ ব্যৱহাৰ কৰিব বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে (Agneepath scheme) ।

দেশভক্তিৰ ভুৱা নাটকহে প্ৰদৰ্শন কৰি আহিছে আৰ. এছ. এছে- কেন্দ্ৰীয় নেত্ৰী অমৰজিৎ কৌৰ

তেওঁ কয় যে, সভ্যতা আৰু সংস্কৃতিৰ দেশ ভাৰতক ধৰ্মৰ নামত অশান্তিৰ বীজ সিঁচা বিজেপি কেতিয়াও দেশভক্ত হ'ব নোৱাৰে । ১৯২৫ চনত জন্ম লাভ কৰা আৰ. এছ. এছে কেৱল দেশভক্তিৰ ভুৱা নাটকহে প্ৰদৰ্শন কৰি আহিছে । বহুধাবিভক্ত বিৰোধী ৰাজনৈতিক দলসমূহৰ দূৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি বিজেপিয়ে স্বেচ্ছাচাৰিতাৰে দেশ শাসন কৰি গৈছে । অভিযোগ দিয়াজনক ভয় ভাবুকিৰে জেললৈ পঠোৱাৰ উপৰিও ই. ডি.ৰ ভয় দেখুৱাই দেশত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ।

বৰ্তমান বিজেপিৰ অপশাসনৰ বিৰুদ্ধে বাওঁপন্থী আৰু সোপন্থী দলসমূহ একত্ৰিত হোৱাৰ পৰিকল্পনা আৰম্ভ হৈছে । ভাৰতৰ সকলো গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ দলসমূহ একগোট হৈ অনাগত দিনত সাম্প্ৰদায়িক বিজেপিক শাসনৰ পৰা চিৰবিদায় দিবলৈ অমৰজিৎ কৌৰে দেশবাসীৰ প্ৰতি আহ্বান জনায় ।

সংবাদ মেলখনত চি পি আইৰ কেন্দ্ৰীয় নেতা পল্লৱ সেনগুপ্ত, ৰাজ্যিক সম্পাদক মুনীন মহন্ত, অভ্যৰ্থনা সমিতিৰ সভাপতি ধৰ্ম বৰুৱা আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক অৰূপ কলিতা উপস্থিত থাকে । উল্লেখ্য যে, যোৱা ২৪ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা চি পি আইৰ ৰাজ্যিক সন্মিলনৰ প্ৰতিনিধি সভাৰ ২৬ ছেপ্টেম্বৰত সামৰণি পৰিব ।

লগতে পঢ়ক: কলঙক লৈ আজিও নিৰ্বিকাৰ বিভাগীয় মন্ত্ৰী-বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.