Gunotsav observed in Sivasagar: শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষামন্ত্ৰী

author img

By

Published : Jan 19, 2023, 5:22 PM IST

Gunotsav observed in Sivasagar

শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত চতুৰ্থ গুণোৎসৱৰ বহিঃমূল্যায়ক হিচাপে উপস্থিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু(Education Minister Ranoj Pegu attending Gunotsav) ৷ তেওঁ মহাৰজত বৰ্ষ অতিক্ৰম কৰা ফুলেশ্বৰী বিদ্যালয়ৰ চৰকাৰী আঁন্তঃগাঠনিৰ কাম চলিত বৰ্ষতে আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে ৷

শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষামন্ত্ৰী

শিৱসাগৰ, ১৯ জানুৱাৰী: বুধবাৰৰ পৰা আৰম্ভ হোৱা গুণোৎসৱৰ আজি দ্বিতীয় দিন ৷ ৰাজ্যৰ ১১ খন জিলাত অনুষ্ঠিত হৈছে চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱ(Gunotsav observed in Assam) ৷ শিৱসাগৰ জিলাতো চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱ । জিলাখনৰ মুঠ ১২৬৬ খন বিদ্যালয়ত অনুষ্ঠিত হৈছে গুণোৎসৱ । বিদ্যালয়কেইখনত ছাত্ৰ-ছাত্ৰী আছে মুঠ ৭৩,৫৩২ গৰাকী ।

এইবাৰ শিৱসাগৰ জিলাৰ নতুনকৈ ৫ খন চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ক গুণোৎসৱে সামৰি লৈছে । শিৱসাগৰত চতুৰ্থ গুণোৎসৱত বহিঃমূল্যায়ন বাবে উপস্থিত হৈছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ গুণোসৎৱৰ আজি দ্বিতীয় দিনা অৰ্থাৎ বৃহস্পতিবাৰে শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত উপস্থিত হয় অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু(Education Minister Ranoj Pegu attending Gunotsav) । চতুৰ্থ গুণোৎসৱত বহিঃমূল্যায়ক হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰীগৰাকী ৷

উল্লেখ্য যে, ইতিমধ্যে শিৱসাগৰ জিলাই ৰাজ্যৰ ভিতৰত গুণোৎসৱত প্ৰথম স্থান পাবলৈ সক্ষম হৈছে । আজি শিৱসাগৰ নগৰৰ মাজমজিয়াস্থিত ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত বহিঃমূল্যায়ক হিচাবে উপস্থিত থাকি শিক্ষামন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ, শিক্ষাৰ মানদণ্ড নিৰীক্ষণ কৰাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে । তৃতীয় বৰ্ষৰ গুণোৎসৱত শ্ৰেষ্ঠত্ব লাভ কৰা শিৱসাগৰ জিলাই চতুৰ্থবাৰৰ বাবেও ভাল ফলাফল দেখাব বুলি আশা ৰাখিছে শিক্ষামন্ত্ৰীগৰাকীয়ে ।

মন কৰিবলগীয়া যে, ওডিশাত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় কলা উৎসৱত অসমে পাঁচটাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰে চাৰিটা পুৰস্কাৰেই হৈছে শিৱসাগৰ জিলাৰ । গতিকে এইক্ষেত্ৰত জিলাখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল ধন্যবাদৰ পাত্ৰ বুলিও অভিহিত কৰে শিক্ষামন্ত্ৰীজনে । তেওঁ লগতে মহাৰজত বৰ্ষ অতিক্ৰম কৰা ফুলেশ্বৰী বিদ্যালয়ে চৰকাৰী আঁন্তঃগাঠনিৰ কাম চলিত বৰ্ষতে আৰম্ভ কৰিব বুলিও জানিবলৈ দিয়ে সংবাদমাধ্যমক ।

উল্লেখ্য যে, এইবাৰ ৰাজ্যজুৰি তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব চতুৰ্থ গুণোৎসৱ(Gunotsav observed in Assam) । ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ৷ ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ(Ranoj Pegu visited Sivasagar) । আনহাতে ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ । ৰাজ্যৰ মুঠ ৮৮,৫২৫খন বিদ্যালয়ৰ ৪২,৭৬,৮৮১গৰাকী ছাত্ৰ-ছাত্ৰীক এই গুণোৎসৱে সাঙুৰি ল’ব । গুণোৎসৱৰ লগত জড়িত হ’ব ১৮ হাজাৰ ৯৭ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী ।

গুণোৎসৱৰ প্ৰথম পৰ্যায়ত বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচৰ আৰু ওদালগুৰি জিলাত অনুষ্ঠিত কৰা হ’ব ৷ এইবাৰ ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে গুণোৎসৱৰ পৰা ১০ শতাংশ নম্বৰ ছাত্ৰ-ছাত্ৰীৰ বছৰেকীয়া পৰীক্ষাত যোগ কৰা হ’ব । আনহাতে অনুপস্থিত ছাত্ৰ-ছাত্ৰীসকলক লৈ পাছ কৰা শতাংশ উলিয়াই ছাত্ৰ-ছাত্ৰীৰ মূল্যাংকনত যোগ কৰা হ’ব ৷

লগতে পঢ়ক: Ranoj Pegu attending Gunotsav: প্ৰতিখন বিদ্যালয়ত একোটাকৈ ডিজিটেল ডিভাইছৰ ব্যৱস্থা কৰিব চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.