Protest at Namti Boys HS School:নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তাল পৰিৱেশ !

author img

By

Published : May 26, 2023, 1:11 PM IST

নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়

শিৱসাগৰ জিলাৰ শতবৰ্ষ গৰকা নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তাল প্ৰতিবাদ স্থানীয় ৰাইজৰ ৷ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে একেলগে ওলাই আহিছে ৰাইজ (Namti Boys Higher Secondary School) ৷ চৰকাৰৰ কোনটো সিদ্ধান্তত ক্ষোভিত হ’ল ৰাইজ জানিবলৈ বাতৰিটো আগলৈ পঢ়ক-

Protest at Namti Boys Higher Secondary School

আমগুৰি, ২৬ মে’: শতবৰ্ষ গৰকা নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিৰাজ কৰিছে এক প্ৰতিবাদমুখৰ পৰিৱেশ ৷ সমগ্ৰ নামতি অঞ্চলৰ ৰাইজ ওলাই আহিছে বিদ্যালয়খনৰ হকে ৷ গৰিমা বিজড়িত এই প্ৰাচীন নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আজি চৰকাৰৰ এক হঠকাৰী সিদ্ধান্তৰ কাৰণে সংকটৰ দিশে আগবাঢ়িছে ৷ তাৰেই ফলস্বৰূপে আজিৰ এই প্ৰতিবাদ ৷

সুচাৰুৰূপে চলি থকা এই বিদ্যালয়খনত চৰকাৰী হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে স্থানীয় ৰাইজ ৷ দৰাচলতে নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ঠাইত চৰকাৰে স্থাপন কৰিব বিচাৰিছে ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয় ৷ 100 বছৰ গৰকা তথা স্থানীয় লোকসকলৰ বাবে ঐতিহ্য বহন কৰা এই বিদ্যালয়খনক লৈ চৰকাৰৰ এই সিদ্ধান্তত ক্ষোভিত হৈ পৰিছে ৰাইজ ৷ তাৰোপৰি প্ৰতিবছৰৰ দৰে চলিত বছৰতো গুণোৎসৱত এই বিদ্যালয়খনে এ গ্ৰেড লাভ কৰিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷ ইতিমধ্যেই অসমীয়া ভাষাৰ সংকটে সমাজত গা কৰি উঠিছে ৷ বহু পুুৰণি অসমীয়া মাধ্যমৰ বিদ্যালয় সময়ৰ সোঁতত বন্ধ হৈ গৈছে ৷ তেনেক্ষেত্ৰত চলি থকা বিদ্যালয়খনৰ ঠাইত ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয় স্থাপন কৰিব বিচৰাটো মানি ল’ব পৰা নাই সমাজ সচেতন ব্যক্তিসকলে ৷

সকলোৰে আৱেগক জলাঞ্জলি দিব বিচৰা চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠন, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল মাৰ বান্ধি থিয় হৈছে ৷ শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলৰ শতবৰ্ষ গৰকা প্ৰথমখন অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় । বিদ্যালয়খনক এতিয়া চৰকাৰে অসম মাধ্যমিক শিক্ষা পৰিষদৰ স্বীকৃতি বাতিল কৰি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ স্বীকৃতিৰে এক আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে বৃহত্তৰ নামতিবাসী ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন (Protest at Namti Boys Higher Secondary School) ।

আজি বিদ্যালয়খনৰ সন্মুখত স্থানীয় ৰাইজৰ লগতে আছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইবাজনো বিষয়ববীয়া, ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে, কলকাতা বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা স্থানীয় উদ্যোগী ব্যক্তি মুখ্যনাথ ভট্টাচাৰ্যৰ নেতৃত্বত ১৯২১ চনতে নামতি মধ্য ইংৰাজী বিদ্যালয় হিচাপে স্থাপন কৰা বিদ্যালয়খনক আমগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক জননেতা খগেন বৰবৰুৱা, নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কৰুণা কান্ত গগৈ আৰু টংকেশ্বৰ চেতিয়াৰ দৰে বহু পুৰোধা ব্যক্তিৰ প্ৰচেষ্টাত ১৯৪৯ চনত নামতি বালক উচ্চ মাধ্যমিক বিদ্যালয় হিচাপে উন্নীতকৰণ কৰা হয় । সেই সময়ত শিক্ষানুষ্ঠানখনত শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে সীমান্তৱৰ্তী নাগালেণ্ডৰ ছাত্ৰ-ছাত্ৰীয়েও শিক্ষা গ্ৰহণ কৰিছিল (Namti Boys Higher Secondary School) ।

আনহাতে ১৯৮৫ চনত বিদ্যালয়খনে উচ্চতৰ মাধ্যমিক হিচাপে স্বীকৃতি লাভ কৰে । বৰ্তমান সময়লৈকে নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এটা কেন্দ্ৰ হিচাপে কাম কৰি আহিছে ৷ অঞ্চলটোৰ ১০ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হয় । তদুপৰি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এই বিদ্যালয়খনৰ পৰা চাৰিগৰাকী ছাত্ৰ-ছাত্ৰী ডিষ্টিংচন আৰু ছয়গৰাকী ষ্টাৰ মাৰ্কসহ উৰ্ত্তীণ হৈছে । উৰ্ত্তীণৰ হাৰ ৯৫.২৩ শতাংশ ৷

তদুপৰি বিদ্যালয়খনে গুণোৎসৱত বিগত বৰ্ষত "এ-গ্ৰেড" আৰু চলিত বৰ্ষত "এ -প্লাছ গ্ৰেড" লাভ কৰিবলৈ সক্ষম হৈছিল ৷ এনে এখন ইতিহাসৰ স্মৃতি বহন কৰা বিদ্যালয়ৰ ঠাইত এখন ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয় স্থাপনৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে স্থানীয় ৰাইজ । কিন্তু এই ক্ষেত্ৰত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই নীৰৱ ভূমিকা অৱলম্বন কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । আনহাতে, প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ কথা মানি নল’লে আগলৈ ভয়ংকৰ প্ৰতিবাদৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক : Assam Government Recruitment: খালী পদৰ বিপৰীতে নিযুক্তি দিয়াৰ নামত অযথা হৈ চৈ কৰিছে চৰকাৰে: ৰাণা গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.