Ali Ai Ligang in Assam: গোমৰাগ-ঐনিতমৰ ছন্দত মতলীয়া দিখৌমুখৰ জনমিৰি বৰগাঁওবাসী

author img

By

Published : Jan 24, 2023, 2:23 PM IST

Updated : Jan 24, 2023, 5:19 PM IST

Prepartation for Ali Ai Ligang in Sivasagar

সমাগত আলি-আয়ে-লিগাং (Ali Ai Ligang in Assam) ৷ ব্যস্ততা বাঢ়িছে মিচিং ডেকা-গাভৰুৰ মাজত ৷ পৰম্পৰাগত এই উৎসৱক লৈ শিৱসাগৰ জিলাৰ দিখৌমুখৰ জনমিৰি বৰগাঁওবাসীৰ গাতো যেন এতিয়া তৰণি নাই (Preparation for Ali Ai Ligang in Sivasagar) ৷ সবিশেষ আমাৰ এক ৰিফ’ৰ্ট...

কাইলৈ আলি-আয়ে-লিগাং

আমগুৰি, ২৪ জানুৱাৰী : অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ অন্যতম পৰম্পৰাগত উৎসৱ আলি-আয়ে-লিগাং (Ali Ai Ligang in Assam) । ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উদযাপন কৰা হয় আলি-আয়ে-লিগাং । শিৱসাগৰ জিলাৰ দিখৌমুখৰ জনমিৰি বৰগাঁৱত আলি-আয়ে-লিগাং উৎসৱৰ বাবে মিচিং ডেকা-গাভৰুৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে (Preparation for Ali Ai Ligang in Sivasagar) ।

গোমৰাগ আৰু ঐনিতমৰ সুমধুৰ ছন্দত মিচিং ডেকা-গাভৰুৱে হেঁপাহ পলুৱাই নাচিছে । বসন্তৰ আগমনৰ লগে লগে ফাগুন মাহত মিচিং জনগোষ্ঠীয়ে পালন কৰা উৎসৱ বিশেষকৈ শস্য সম্ভাৱনা আৰু উৰ্বৰা শক্তি বৃদ্ধিৰ বাবে দঞি পলক স্মৰণ কৰে । দিখৌমুখ জনমিৰি বৰগাঁৱত পাঁচখন গাঁৱৰ লোক সংগঠিত হৈ প্ৰতি বছৰৰ দৰে এইবছৰো পালন কৰিব আলি-আয়ে-লিগাং উৎসৱ ।

উল্লেখ্য যে, কৃষিজীৱি মিচিং লোকসকলে বসুন্ধৰাৰ বুকু কৰ্ষণ কৰি খাদ্য-শস্য উৎপাদন কৰে । ইয়াতে সৃষ্টি হ’ল কৃষি ভিত্তিক বসন্ত উৎসৱ ‘আলি-আয়ে-লৃগাং’ । ফাগুন মাহ হ’ল বসন্তৰ আৰম্ভণি । কৃষিজীৱি মিচিংসকলৰ খেতি কৰাৰ বতৰ । এনে সময়তে লৃগাং বিহু উদযাপন কৰা হয় ।

লগতে পঢ়ক : Run up event in Guwahati: ৰাজ্যৰ বহুকেইটা স্থানত স্থাপন হ’ব বাঁহৰ উদ্যান

আলি-আয়ে-লৃগাঙৰ অৰ্থ হ’ল শস্য ৰোপণৰ আৰম্ভণি । ‘আলি’ মাল-মানে মূল বা কাণ্ড, ‘আঃয়ে’ৰ অৰ্থ হ’ল ফল বা গুটি আৰু ‘লৃগাং’ৰ অৰ্থ হ’ল সিঁচিবলৈ আৰম্ভ কৰা বা সিঁচাৰ প্ৰথম দিন । মিচিংসকলৰ প্ৰধান খেতি হৈছে ধান, মাহ, সঁৰিয়হ, আলু, কচু ইত্যাদি । ফল-মূল বা কঠীয়া প্ৰজনন শক্তিৰ মাটিত ৰুই বা সিঁচি উৎপাদন বৃদ্ধিৰ কামনা কৰা হয় ।

বুধবাৰৰ দিনটো মিচিংসকলে মাংগলিক দিন হিচাপে বিশ্বাস কৰি আহিছে । সেই কাৰণে ফাগুন মাহৰ প্ৰথম বুধবাৰে আলি-আয়ে-লৃগাং পতা হয় । অৱশ্যে পূৰ্বে সকলো মিচিং সমাজত একেদিনাই আলি-আয়ে-লৃগাং পতা নাছিল । মিচিং বানে কেবাঙৰ সিদ্ধান্ত ক্ৰমে ১৯৫৬ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ উদ্‌যাপন কৰি আহিছে ।

আলি-আয়ে-লৃগাঙৰ প্ৰায় পোন্ধৰ/বিছ দিনৰ আগৰে পৰাই প্ৰস্তুতি আৰম্ভ হয় । আদিতে লৃগাঙৰ বাবে সমূহীয়াকৈ গাঁৱৰ ৰাইজে চিকাৰ কৰিছিল । ‘কিঃৰুগ’, অৰ্থাৎ চিকাৰ কৰি অনা মাংস শুকুৱাই সেই দিনটোৰ বাবে সংৰক্ষণ কৰি ৰখাৰ নিয়ম । (অৱশ্যে বহুতো কাৰণত এই চিকাৰৰ নিয়ম বৰ্তমান উঠি গৈছে) । ঠিক সেইদৰে গাঁৱৰ ৰাইজে মিলি নদী, বিল আদিত মাছ মাৰি শুকান কৰি লয়। লৃগাঙৰ দিনা শুকান মাছ (ঙচান) খোৱাটো মিচিংসকলৰ পৰম্পৰাগত ৰীতি ।

লগতে পঢ়ক : Republic Day Parade Rehearsal 2023: দিল্লীৰ ৰাজপথত ৭৪ তম গণৰাজ্য দিৱসৰ পেৰেডৰ অন্তিম অনুশীলন

আলি-আয়ে-লৃগাঙৰ দিনা প্ৰথমে পথাৰত অথবা বাৰীৰ এচুকত মাংগলিক প্ৰথাৰে মাটিত গুটি সিঁচা আৰম্ভ কৰে । প্ৰত্যেক ঘৰৰ মুখিয়াল জনে এই ‘লিগ্‌গত’ সম্পাদনা কৰে । ইয়াৰ পাচত দিনৰ সময়চোৱাত ঘৰে ঘৰে ভোজৰ আয়োজন চলে । ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৰে ঘৰে ঘৰে পুৰাং, আপং, আলু, কচু আদি খাই ফুৰে আৰু লগে লগে বিহু মাৰি ৰং-আনন্দ কৰে (পুৰাং হৈছে তৰাপাতেৰে টোপোলা কৰা বৰা চাউলৰ এবিধ ভাত)।

দিনৰ ভাগত ঘৰে ঘৰে বিহু মাঁৰোতে ঢোল-তাল আদি ব্যৱহাৰ নকৰে । মুখেৰে ঢোলৰ চেওবোৰ দি ঐনিতম, কাবান আদি গাই ঘৰৰ চাঙৰ ওপৰত বিহু মাৰে । এই উৎসৱত প্ৰত্যেক মিচিঙেই নিজৰ পৰম্পৰাগত পোছাক পৰিধান কৰে । পুৰুষসকলে মিবু গালুগ, গন্‌ৰ উগন আৰু মহিলাসকলে লেকে এগে, ৰিঃবি, গাচেং পৰিধান কৰে ।

এনেদৰেই এতিয়া ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ শিৱসাগৰৰ দিখৌমুখতো মিচিং জনগোষ্ঠীৰ লোকসকলে আলি-আয়ে-লৃগাঙৰ কাৰণে ব্যাপক উৎসাহ-উদ্দীপনাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।

লগতে পঢ়ক : Seminar on Assam Film Policy: গুৱাহাটীত ৰাজ্যিক চলচ্চিত্ৰ নীতিৰ সন্দৰ্ভত আলোচনা চক্ৰ

Last Updated :Jan 24, 2023, 5:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.